< ২ কৰিন্থীয়া 6 >

1 আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷
Συνεργοῦντες δὲ καὶ παρακαλοῦμεν μὴ εἰς κενὸν τὴν χάριν τοῦ θεοῦ δέξασθαι ὑμᾶς
2 কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷
λέγει γάρ, καιρῷ δεκτῷ ἐπήκουσά σου καὶ ἐν ἡμέρᾳ σωτηρίας ἐβοήθησά σοι· ἰδοὺ νῦν καιρὸς εὐπρόσδεκτος, ἰδοὺ νῦν ἡμέρα σωτηρίας
3 সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও।
μηδεμίαν ἐν μηδενὶ διδόντες προσκοπήν, ἵνα μὴ μωμηθῇ ἡ διακονία,
4 বৰং, আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট,
ἀλλ’ ἐν παντὶ συνίσταντες ἑαυτοὺς ὡς θεοῦ διάκονοι, ἐν ὑπομονῇ πολλῇ, ἐν θλίψεσιν, ἐν ἀνάγκαις, ἐν στενοχωρίαις,
5 কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন,
ἐν πληγαῖς, ἐν φυλακαῖς, ἐν ἀκαταστασίαις, ἐν κόποις, ἐν ἀγρυπνίαις, ἐν νηστείαις,
6 শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, অকপট প্ৰেম অৰ্থাৎ স্নেহ;
ἐν ἁγνότητι, ἐν γνώσει, ἐν μακροθυμίᾳ, ἐν χρηστότητι, ἐν πνεύματι ἁγίῳ, ἐν ἀγάπῃ ἀνυποκρίτῳ,
7 সত্যৰ বাক্যত, ঈশ্বৰৰ শক্তিত, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে, যোগ্য-পাত্ৰ দেখুৱাইছোঁ ৷
ἐν λόγῳ ἀληθείας, ἐν δυνάμει θεοῦ· διὰ τῶν ὅπλων τῆς δικαιοσύνης τῶν δεξιῶν καὶ ἀριστερῶν,
8 আমি মৰ্যদা আৰু অমৰ্য্যাদা, কু-যশ আৰু সু-যশ, প্ৰবঞ্চকৰ নিচিনা, কিন্তু সত্যবাদী;
διὰ δόξης καὶ ἀτιμίας, διὰ δυσφημίας καὶ εὐφημίας· ὡς πλάνοι καὶ ἀληθεῖς,
9 অবিদিতৰ নিচিনা, কিন্তু সুবিদিত; মৰো মৰো হোৱাৰ নিচিনা, কিন্তু চাওক জীয়াই আছোঁ; শাস্তি পোৱাৰ নিচিনা, কিন্তু হত হোৱা নাই৷
ὡς ἀγνοούμενοι καὶ ἐπιγινωσκόμενοι, ὡς ἀποθνῄσκοντες καὶ ἰδοὺ ζῶμεν, ὡς παιδευόμενοι καὶ μὴ θανατούμενοι,
10 ১০ শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেকক ধনৱন্ত কৰোঁতা; একো নথকাৰ নিচিনা, কিন্তু আমাৰ সকলো আছে।
ὡς λυπούμενοι ἀεὶ δὲ χαίροντες, ὡς πτωχοὶ πολλοὺς δὲ πλουτίζοντες, ὡς μηδὲν ἔχοντες καὶ πάντα κατέχοντες.
11 ১১ কৰিন্থীয়া সকল, আমি আপোনালোকৰ বাবে, আমাৰ সকলো সত্যতাৰ বিষয়ে ক’লো আৰু আমাৰ হৃদয়ো বহল।
Τὸ στόμα ἡμῶν ἀνέῳγεν πρὸς ὑμᾶς, Κορίνθιοι, ἡ καρδία ἡμῶν πεπλάτυνται·
12 ১২ আপোনালোকৰ হৃদয় আমাৰ জীৱনত সঙ্কুচিত হোৱা নাই, কিন্তু নিজ নিজ অন্তৰতহে সঙ্কুচিত হৈ আছে৷
οὐ στενοχωρεῖσθε ἐν ἡμῖν, στενοχωρεῖσθε δὲ ἐν τοῖς σπλάγχνοις ὑμῶν·
13 ১৩ কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ, সান্ত্বনাত থকা সকলক কোৱাৰ দৰে কৈছোঁ, আপোনালোকৰ হৃদয় বহলভাৱে মুকলি কৰক।
τὴν δὲ αὐτὴν ἀντιμισθίαν, ὡς τέκνοις λέγω, πλατύνθητε καὶ ὑμεῖς.
14 ১৪ অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা?
Μὴ γίνεσθε ἑτεροζυγοῦντες ἀπίστοις· τίς γὰρ μετοχὴ δικαιοσύνῃ καὶ ἀνομίᾳ; ἢ τίς κοινωνία φωτὶ πρὸς σκότος;
15 ১৫ বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক?
τίς δὲ συμφώνησις Χριστοῦ πρὸς Βελιάρ, ἢ τίς μερὶς πιστῷ μετὰ ἀπίστου;
16 ১৬ আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
τίς δὲ συνκατάθεσις ναῷ θεοῦ μετὰ εἰδώλων; ἡμεῖς γὰρ ναὸς θεοῦ ἐσμεν ζῶντος· καθὼς εἶπεν ὁ θεὸς ὅτι ἐνοικήσω ἐν αὐτοῖς καὶ ἐνπεριπατήσω, καὶ ἔσομαι αὐτῶν θεός, καὶ αὐτοὶ ἔσονταί μου λαός.
17 ১৭ এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,
Διὸ ἐξέλθατε ἐκ μέσου αὐτῶν καὶ ἀφορίσθητε, λέγει κύριος, καὶ ἀκαθάρτου μὴ ἅπτεσθε· κἀγὼ εἰσδέξομαι ὑμᾶς,
18 ১৮ আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”।
καὶ ἔσομαι ὑμῖν εἰς πατέρα, καὶ ὑμεῖς ἔσεσθέ μοι εἰς υἱοὺς καὶ θυγατέρας, λέγει κύριος παντοκράτωρ.

< ২ কৰিন্থীয়া 6 >