< مزامیر 66 >

برای سالار مغنیان. سرود و مزمور ای تمامی زمین، برای خدا بانگ شادمانی بزنید! ۱ 1
হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
جلال نام او رابسرایید! و در تسبیح او جلال او را توصیف نمایید! ۲ 2
তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
خدا را گویید: «چه مهیب است کارهای تو! از شدت قوت تو دشمنانت نزد تو تذلل خواهند کرد! ۳ 3
তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
تمامی زمین تو را پرستش خواهند کرد و تو را خواهند سرایید و به نام توترنم خواهند نمود.» سلاه. ۴ 4
গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। (চেলা)
بیایید کارهای خدا را مشاهده کنید. او درکارهای خود به بنی آدم مهیب است. ۵ 5
আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।
دریا را به خشکی مبدل ساخت و مردم از نهر با پا عبورکردند. در آنجا بدو شادی نمودیم. ۶ 6
তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
در توانایی خود تا به ابد سلطنت می‌کند و چشمانش مراقب امت‌ها است. فتنه انگیزان خویشتن را برنیفرازند، سلاه. ۷ 7
তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিবোৰলৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। (চেলা)
‌ای قوم‌ها، خدای ما را متبارک خوانید وآواز تسبیح او را بشنوانید. ۸ 8
হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
که جانهای ما را درحیات قرار می‌دهد و نمی گذارد که پایهای مالغزش خورد. ۹ 9
যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
زیرا‌ای خدا تو ما را امتحان کرده‌ای و ما را غال گذاشته‌ای چنانکه نقره راغال می‌گذارند. ۱۰ 10
১০কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
ما را به دام درآوردی و باری گران بر پشتهای ما نهادی. ۱۱ 11
১১তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
مردمان را بر سرما سوار گردانیدی و به آتش و آب در‌آمدیم. پس ما را به‌جای خرم بیرون آوردی. ۱۲ 12
১২তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
قربانی های سوختنی به خانه تو خواهم آورد. نذرهای خود را به تو وفا خواهم نمود، ۱۳ 13
১৩মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
که لبهای خود را بر آنها گشودم و در زمان تنگی خودآنها را به زبان خود آوردم. ۱۴ 14
১৪মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
قربانی های سوختنی پرواری را نزد تو خواهم گذرانید. گوساله‌ها و بزها را با بخور قوچها ذبح خواهم کرد، سلاه. ۱۵ 15
১৫মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। (চেলা)
‌ای همه خداترسان بیایید و بشنوید تا ازآنچه او برای جان من کرده است خبر دهم. ۱۶ 16
১৬হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
به دهانم نزد او آواز خود را بلند کردم و تسبیح بلند بر زبان من بود. ۱۷ 17
১৭মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
اگر بدی را در دل خودمنظور می‌داشتم، خداوند مرا نمی شنید. ۱۸ 18
১৮যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
لیکن خدا مرا شنیده است و به آواز دعای من توجه فرموده. ۱۹ 19
১৯কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
متبارک باد خدا که دعای مرا ازخود، و رحمت خویش را از من برنگردانیده است. ۲۰ 20
২০ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।

< مزامیر 66 >