< مزامیر 65 >
برای سالار مغنیان. مزمور و سرود داود ای خدا، تسبیح در صهیون منتظرتوست. و نذرها برای تو وفا خواهدشد. | ۱ 1 |
১হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
ای که دعا میشنوی! نزد تو تمامی بشرخواهند آمد. | ۲ 2 |
২হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
گناهان بر من غالب آمده است. توتقصیرهای مرا کفاره خواهی کرد. | ۳ 3 |
৩আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
خوشابحال کسیکه او را برگزیده، و مقرب خود ساختهای تابه درگاههای تو ساکن شود. از نیکویی خانه توسیر خواهیم شد و از قدوسیت هیکل تو. | ۴ 4 |
৪ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
به چیزهای ترسناک در عدل، ما را جواب خواهی داد، ای خدایی که نجات ما هستی. ای که پناه تمامی اقصای جهان و ساکنان بعیده دریاهستی. | ۵ 5 |
৫তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
و کوهها را به قوت خود مستحکم ساختهای، و کمر خود را به قدرت بستهای. | ۶ 6 |
৬এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
وتلاطم دریا را ساکن میگردانی، تلاطم امواج آن وشورش امتها را. | ۷ 7 |
৭সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
ساکنان اقصای جهان ازآیات تو ترسانند. مطلع های صبح و شام راشادمان میسازی. | ۸ 8 |
৮পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
از زمین تفقد نموده، آن راسیراب میکنی و آن را بسیار توانگر میگردانی. نهر خدا از آب پر است. غله ایشان را آماده میکنی زیرا که بدین طور تهیه کردهای. | ۹ 9 |
৯তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
پشته هایش را سیراب میکنی و مرزهایش راپست میسازی. به بارشها آن را شاداب مینمایی. نباتاتش را برکت میدهی. | ۱۰ 10 |
১০তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
به احسان خویش سال را تاجدار میسازی و راههای توچربی را میچکاند. | ۱۱ 11 |
১১তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
مرتع های صحرا نیزمی چکاند. و کمر تلها به شادمانی بسته شده است. | ۱۲ 12 |
১২অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
چمنها به گوسفندان آراسته شده است و دره هابه غله پیراسته؛ از شادی بانگ میزنند و نیزمی سرایند. | ۱۳ 13 |
১৩চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।