< Від Луки 17 >

1 Рече ж до учеників: Не можна не прийти поблазням; горе ж, через кого приходять!
যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
2 Лучче б йому було, коли б жорно млинове почеплено на шию йому, та й укинуто в море, нїж щоб зблазнив одного з малих сих.
সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
3 Озирайтесь на себе. Коли погрішить проти тебе брат твій, докори йому й коли покаєть ся, прости йому.
তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
4 І коли сїм раз на день погрішить проти тебе, й сїм раз на день обернеть ся до тебе, кажучи: Каюсь; прости йому.
তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5 І казали апостоли Господеві: Прибав нам віри.
তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6 Рече ж Господь: Коли б ви мали віру з зерно горчицї, то сказали б щовковинї оцій: Викоренись і посадись у морю, то послухала б вас.
তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
7 Хто ж з вас, слугу мавши, ратая чи пастуха, як ійде з поля, скаже йому зараз: Прийшовши сїдай їсти?
তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8 А чи не скаже йому: Наготов менї що вечеряти, та підперезавшись послугуй менї, поки їсти му та пити му, а потім їсти меш і пити меш ти?
তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
9 Чи дякує тому слузї, що зробив, що звелено йому?
সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10 Так і ви, коли зробите все, що звелено вам, кажіть: Що слуги ми нікчемні; бо, що повинні зробити, вробили.
১০তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
11 І сталось, як ійшов Він у Єрусалим, і проходив серединою Самариї та Галидеї,
১১যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
12 і, як увійшов ув одно село, зустріло Його десять прокажених чоловіків, що стояли оддалеки.
১২সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
13 І піднесли вони голос, кажучи: Ісусе, наставниче, помилуй нас.
১৩বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
14 І побачивши рече їм: Ідїть покажіть себе священикам. І сталось, як пійшли вони, очистились.
১৪তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
15 Один же з них, бачивши, що одужав, вернувсь, голосом великим прославляючи Бога,
১৫তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
16 і, припав лицем до ніг Його, дякуючи Йому; а був він Самарянин.
১৬আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
17 Озвав ся ж Ісус і рече: Чи не десять очистились? девять же де?
১৭ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
18 Не знайшлись, щоб вернувшись оддати славу Богу, тільки чужоземець сей?
১৮এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
19 І рече йому: Уставши йди; віра твоя спасла тебе.
১৯পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
20 Як же спитали Його Фарисеї, коли прийде царство Боже, відказав їм, і рече: Не прийде царство Боже з постереганнєм,
২০ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
21 анї казати муть: Дивись, ось воно; або: Дивись, он, бо царство Боже у вас усерединї.
২১“ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
22 Рече ж де учеників: Прийдуть дні, що бажати мете один з днїв Сина чоловічого вь'дїти, та й не побачите.
২২পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
23 І казати муть вам: Дивись, ось; або: Дивись, он; не йдіть і не ганяйтесь.
২৩মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
24 Бо, як блискавиця, блиснувши з одного краю під небом, до другого краю під небом сьвітить, так буде й Син чоловічий дня свого.
২৪কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
25 Перше ж мусить Він багато терпіти й відцураєть ся Його рід сей.
২৫কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
26 І як сталось за днїв Ноя, так буде й за днїв Сива чоловічого.
২৬নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
27 Їли, пили, женились, оддавались, аж до дня, як увійшов Ной у ковчег, і настав потоп, та й вигубив усіх.
২৭নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
28 Так само, як сталось і за Лота; їли, пили, торгували, продавали, насаджували, будували,
২৮সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
29 которого ж дня вийшов Лот із Содома, линуло огнем та сіркою з неба та й вигубило всіх.
২৯কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
30 Так же буде й в день, котрого Син чоловічий відкриєть ся.
৩০সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
31 Того дня, хто буде на криші, а надібє його в хатї, нехай не злазить узяти його; й хто на полї, так само нехай не вертаєть ся назад.
৩১সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
32 Спогадайте Лотову жінку.
৩২লোটৰ তিৰোতাক সোঁৱৰা।
33 Коли хто шукати ме душу свою спасти, погубить її, а хто погубить її, оживить її.
৩৩যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
34 Глаголю вам, тієї ночі буде двоє на однім ліжку; один візьметь ся, а другий зоставить ся.
৩৪মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
35 Дві молоти муть укупі; одна візьметь ся, а друга зоставить ся.
৩৫দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
36 Двоє будуть у полї; один візьметь ся, а другий зоставить ся.
৩৬দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
37 І озвавшись кажуть до Него: Де, Господи? Він же рече їм: Де тїло, там збирати муть ся орли.
৩৭তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”

< Від Луки 17 >