< Від Івана 11 >

1 Був же один, що нездужав Лазар з села Мариї та Марти, сестри її.
বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
2 Була ж се Мария, що намастила Господа миром і обтерла ноги Його волоссєм своїм, котрої брат Лазар нездужав.
এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
3 Післали тодї сестри до Него, кажучи: Господи, ось той, що Ти любиш, нездужає.
সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
4 Почувши Ісус, рече: Ся болїсть не на смерть, а про славу Божу, щоб прославивсь Син Божий через неї.
যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
5 Любив же Ісус Марту, й сестру її, і Лазаря.
মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
6 Як же почув, що нездужав, тодї зоставсь у тому місці, де був, ще два дні.
তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
7 Після того ж рече ученикам: Ходїм знов у Юдею.
তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।”
8 Кажуть Йому ученики: Рави, тепер шукали Тебе Жиди каменувати, й знов ійдеш туди!
শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
9 Відказав Ісус: Хиба не дванайцять годин у днї? Коли хто ходить удень, не спотикаєть ся, бо сьвітло сьвіта сього бачить.
যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
10 Коли ж хто ходить поночі, спотикаєть ся, бо нема сьвітла в йому.
১০কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
11 Се промовив, і після того рече їм: Лазар, друг наш, заснув; та я пійду, щоб розбудити його.
১১এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
12 Казали тодї ученики Його: Господи, коли заснув, то й одужав.
১২তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
13 Говорив же Ісус про смерть його; вони ж думали, що про спочинок сонний каже.
১৩যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
14 Тодї ж рече їм Ісус явно: Лазар умер.
১৪যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
15 І я радуюсь задля вас, що не був там, щоб ви увірували. Та ходімо до него.
১৫তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
16 Рече тодї Тома, на прізвище Близняк, товаришам ученикам: Ходімо й ми, щоб умерти з Ним.
১৬তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
17 Прийшовши тодї Ісус, застав його, що він чотирі днї вже у гробі.
১৭যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
18 Була ж Витания поблизу Єрусалиму, гоней на пятьдееять.
১৮বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
19 І багато Жидів поприходило до Марти та Мариї, щоб розважати їх по братові їх.
১৯ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
20 Марта ж, як почула, що Ісус прийшов, вибігла назустріч Йому; Мария ж сиділа в хатї.
২০এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
21 Каже тодї Марта до Ісуса: Господи, коли б був єси тут, брат мій не вмер би.
২১মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
22 Тільки ж і тепер знаю, що, чого попросиш у Бога, дась Тобі Бог.
২২কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
23 Рече їй Ісус: Воскресне брат твій.
২৩যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
24 Каже Марта до Него: Я знаю, що воскресне у воскресенню останнього дня.
২৪মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
25 Рече їй Ісус: Я воскресеннє і життє. Хто вірує в мене, коли й умре, жити ме.
২৫যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
26 всякий, хто живе й вірує в мене, не вмре по вік. Чи віруєш сьому? (aiōn g165)
২৬আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?” (aiōn g165)
27 Каже йому: Так, Господи, я увірувала, що Ти єси Христос, Син Божий, грядущий на сьвіт.
২৭তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
28 І, се промовивши, пійшла та й покликала Марию, сестру свою, нишком, кажучи: Учитель прийшов, і кличе тебе.
২৮এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
29 Вона ж, як почула, встає хутко, і йде до Него.
২৯মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
30 Ще ж не прийшов у село Ісус, а був на місцї, де зустріла Його Марта.
৩০যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
31 Тодї Жиди, що були з нею в хатї та розважали її, побачивши Марию, що хутко встала та вийшла, пійшли за нею, кажучи: Що йде до гробу, щоб плакати там.
৩১যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
32 Мария ж, як прийшла, де був Ісус, й побачила Його, то впала в ноги Йому, кажучи до Него: Господи, коли б був єси тут, не вмер би брат мій.
৩২যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
33 Ісус же, як побачив її, що плаче, і прийшовших з нею Жидів, що плачуть, засмутив ся духом, і зворушив ся,
৩৩যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
34 і рече: Де положили його? Кажуть Йому: Господи, йди та подивись.
৩৪তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
35 І заплакав Ісус,
৩৫যীচুৱে ক্ৰন্দন কৰিলে।
36 Казали тодї Жиди: Ось як Він любив його!
৩৬ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
37 Деякі ж з них казали: Чи не міг Сей, що відкрив очі слїпому, зробити, щоб і він не вмер?
৩৭কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
38 Тодї Ісус, зітхнувши знов у собі, пійшов до гробу. Була ж печера, й камінь лежав на нїй.
৩৮তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
39 Рече Ісус: Зніміть каменя. Каже Йому сестра умершого Марта: Господи, уже смердить; чотири бо днї йому.
৩৯যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
40 Рече їй Ісус: Чи не казав я тобі, що, коли вірувати меш, побачиш славу Божу?
৪০যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
41 Зняли тодї каменя, де положено мерця. Ісус же звів очі вгору, і рече: Отче, дякую Тобі, що почув єси мене.
৪১তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
42 Я ж знав, що всякого часу мене чуєш, тільки задля народу, що навколо стоїть, сказав, щоб увірували, що Ти мене післав.
৪২মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
43 се промовивши, покликнув голосом великим: Лазаре, вийди!
৪৩ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
44 І вийшов мрець з завязаними в полотно ногами й руками, й лице його хусткою було завязане. Рече їм Ісус: Розвяжіть його й пустїть, нехай іде.
৪৪তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
45 Тодї многі з Жидів, що поприходили до Мариї, і видїли, що зробив Ісус, увірували в Него.
৪৫মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
46 Деякі ж з них пійшли до Фарисеїв, та й сказали їм, що зробив Ісус.
৪৬কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
47 Зібрали тодї архиєреї та Фарисеї раду, і казали: Що нам чинити? бо сей чоловік багато робить ознак.
৪৭তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
48 Коли оставимо Його так, усї увіруютьв Него; й прийдуть Римляне, та й заберуть у нас і місце і нарід.
৪৮তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।”
49 Один же з них, Каяфа, бувши архиєреєм року того, каже їм: Ви не знаєте нїчого,
৪৯কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা।
50 і не думаєте, що лучче нам, щоб один чоловік умер за людей, а не ввесь народ загинув.
৫০তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।”
51 Се ж не від себе промовив, а, бувши архиєреєм того року, пророкував, що має Ісус умерти за людей,
৫১এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব।
52 і не тільки за людей, а щоб і дїти Божі розсипані зібрати в одно.
৫২কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
53 З того ж дня нарадились, щоб убити Його.
৫৩সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
54 Ісус же більш не ходив явно по Юдеї, а пійшов звідтіля в землю близько пустиш, у город званий Єфрем, і там пробував із учениками своїми.
৫৪সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
55 Була ж близько пасха Жидівська; і йшло багато в Єрусалим із сіл перед пасхою, щоб очищати себе.
৫৫ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।
56 Шукали тодї Ісуса, й говорили між собою, стоячи в церкві: Як вам здаєть ся? чи не прийде на сьвято?
৫৬তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱা-কুই কৰিলে, “তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?”
57 Дали ж і архиєреї і Фарисеї наказ, щоб, як хто знати ме, де Він, то щоб схопити Його.
৫৭প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।

< Від Івана 11 >