< Від Івана 1 >

1 Упочинї було Слово, й Слово було в Бога, й Бог було Слово.
আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
2 Воно було в починї у Бога.
এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
3 Все Ним стало ся; і без Него не стало ся нїщо, що стало ся.
তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
4 У Йому життє було: й життв було сьвітлом людям.
জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
5 І сьвітло у темряві сьвітить, і темрява Його не обняла.
সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
6 Був чоловік посланий від Бога, ймя йому Йоан.
ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
7 Сей прийшов на сьвідкуваннє, щоб сьвідкувати про сьвітло, щоб усї вірували через него.
তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
8 Не був він сьвітло, а щоб сьвідкувати про сьвітло.
যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
9 Було сьвітло правдиве, що просьвічує кожного чоловіка, що приходить на сьвіт.
সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
10 На сьвітї був, і сьвіт Ним настав, і сьвіт Його не пізнав.
১০তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
11 У своє прийшов, і свої не прийняли Його.
১১যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
12 Которі ж прийняли Його, дав їм власть дїтьми Божими стати ся, що вірують в імя Його:
১২কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
13 що не від крові, нї від хотіння тілесного, нї від хотїння мужеського, а від Бога родили ся.
১৩তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
14 І Слово тїлом стало ся, і пробувало між нами (й бачили ми славу Його, славу, яко Єдинородного від Отця), повне благодати і правди.
১৪সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
15 Йоан сьвідкує про Него, й покликував, глаголючи: Се той, про кого казав я: За мною грядущий поперед мене був; бо перш мене був.
১৫যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
16 І з повноти Його ми всї прийняли й благодать за благодать.
১৬আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
17 Бо закон через Мойсея даний був; благодать і правда через Ісуса Христа стала ся.
১৭কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
18 Бога ніхто не бачив ніколи; единородний Син, що в лонї Отця, той вияснив.
১৮ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
19 І се сьвідченнє Йоанове, як післали Жиди з Єрусалиму священиків та левитів, щоб спитали Його: Хто ти єси?
১৯যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
20 І визнав, і не відпер ся; а визвав: Що я не Христос.
২০যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।”
21 І питали його: Що ж? Ілия єси ти? І рече: Нї. Пророк єси ти? І відказав: Нї.
২১তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”
22 Казали ж йому: Хто ж єси? щоб нам одповідь дати тим, що післали нас. Що кажеш про себе?
২২তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
23 Рече: Я голос покликуючого в пустинї: Випростайте дорогу Господню, як глаголав Ісаїя пророк.
২৩তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।”
24 А послані були з Фарисеїв.
২৪যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে,
25 І питали вони його, й казали йому: Чого ж хрестиш, коли ти не Христос, нї їлия, нї пророк.
২৫“আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
26 Відказав їм Йоан, глаголючи: Я хрещу вас водою; серед вас же стоїть, котрого ви не знаєте:
২৬যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়।
27 се за мною Грядущий, що поперед мене був; котрому я недостоєя розвязати ременя обувя Його.
২৭তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।”
28 Се в Витаварі стало ся, за Йорданом, де Йоан хрестив.
২৮যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
29 Назавтра бачить Йоан, що Ісус ійде до него, й рече: Ось Агнець Божий, що бере на себе гріх сьвіта.
২৯পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
30 Ое Той, про кого я казав: За мною гряде муж, що поперед мене був, бо перше мене був.
৩০এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল’।
31 І я не знав Його, та, щоб явив ся Ізраїлеві, для того прийшов я, хрестячи водою.
৩১মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেই বাবে মই আহি পানীত বাপ্তিস্ম দিছোঁ।”
32 І сьвідкував Йоан, глаголючи: Що бачив я Духа, злинувшого як голуб з неба, і став він над Ним.
৩২তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ।
33 І я не знав Його; та пославший мене хрестити водою, той менї глаголав: На кого побачиш, що Дух злине та стане над Ним, се той, що хрестить Духом сьвятим.
৩৩মই তেওঁক চিনি নাপালোঁ। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
34 І бачив я, і сьвідкував, що се є Син Божий.
৩৪মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
35 Назавтра знов стояв Йоан і два з учеників його;
৩৫পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
36 і, споглянувши на Ісуса йдучого, рече: ось Агнець Божий.
৩৬সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”
37 І чули його два ученики глаголючого, й пійшли слїдом за Ісусом.
৩৭সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
38 І обернувшись Ісус та побачивши їх слїдом ідучих, рече їм: Чого шукаєте? Вони ж сказали Йому: Рави (що єсть перекладом: Учителю), де пробуваєш?
৩৮যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
39 Рече їм: Ідїть і подивіть ся. Пійшли вони, та й бачили, де пробуває, і перебули в Него день той; було ж коло десятої години.
৩৯যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
40 Один з двох, що чули від Йоана та й пійшли слїдом за ним, був Андрей, брат Симона Петра.
৪০যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
41 Він знаходить первий брата свого Симона, й каже йому: Знайшли ми Месию (що єсть перекладом: Христос).
৪১তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
42 І привів його до Ісуса. Поглянувши ж на него Ісус, рече: Ти єси Симон, син Йони; ти назвеш ся Кифа (що єсть перекладом: Петр).
৪২আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
43 Назавтра хотів Ісус вийти в Галилею і знаходить Филипа, й рече йому: Йди слїдом за мною.
৪৩পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
44 Був же Филип із Витсаїди, з города Андреєвого та Петрового.
৪৪ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
45 Знаходить Филип Натанаїла, й каже йому: Про кого писав Мойсей у законї й пророки, знайшли ми, Ісуса, сина Йосифового, що з Назарету.
৪৫ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।”
46 І каже Натанаїл до него: З Назарету хиба може що добре бути? Каже йому Филип: Іди та й подивись!
৪৬নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
47 Побачив Ісус Натанаїла, йдучого до Него, й рече про него: Ось справді Ізраїлитянин, що в йому підступу нема.
৪৭যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
48 Каже Йому Натанаїл: Звідкіля мене знаєш? Озвавсь Ісус і рече йому: Перш нїж Филип покликав тебе, як був єси під смоківницею, бачив я тебе.
৪৮নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
49 Озвавсь Натанаїл і каже Йому: Рави, Ти єси Син Божий, Ти єси цар Ізраїлїв.
৪৯নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
50 Озвавсь Ісус і рече йому: Що сказав тобі: Я бачив тебе під смоківницею, то й віруєш? Більше сього бачити меш.
৫০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
51 І рече йому: Істино, істино глаголю вам: Від нині бачити мете небо відкрите, й ангелів Божих, що сходять угору і вниз на Сина чоловічого.
৫১যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”

< Від Івана 1 >