< 1 Івана 5 >

1 Кожен, хто вірує, що Ісус єсть Христос, той від Бога родив ся; і кожен, хто любить Родившого, любить і рожденого від Нього.
যীচু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
2 По сьому пізнаємо, що любимо дітей Божих, коли Бога любимо, і заповіді Його хоронимо.
আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
3 Се бо любов Божа, щоб ми хоронили заповіді Його; а заповіді Його не тяжкі.
কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷
4 Все бо рождене від Бога сьвіт побіждає; і ся побіда, побідивша сьвіт, віра наша.
যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
5 Хто се, що побіждає сьвіт, як не той, хто вірує, що Ісус Син Божий?
যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
6 Се Той, що прийшов з водою і кровю, Ісус Христос; та й не з водою тільки, а з водою і кровю; а Дух сьвідкує, бо Дух є правда.
জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।
7 Бо три їх, що сьвідкують на небі: Отець, Слово і сьвятий Дух, і сї три - одно.
আৰু সাক্ষ্য দিওঁতা তিনিটা;
8 І троє їх, що сьвідкують на землї: дух і вода і кров; і сї троє - одно.
আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
9 Коли сьвідченнє людей приймаємо, то сьвідченнє Боже більше, бо се сьвідченнє Боже, котрим сьвідчив про Сина свого.
আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।
10 Хто вірує в Сина Божого, має сьвідченнє в собі; хто не вірує Богу, ложником зробив Його, бо не увірував у сьвідченнє, котрим сьвідкував Бог про Сина свого.
১০যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
11 А се сьвідченнє єсть, що життє вічне дав нам Бог, а се життє у Синї Його. (aiōnios g166)
১১সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। (aiōnios g166)
12 Хто має Сина, має життє; хто не має Сина Божого, життя не має.
১২যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
13 Се написав я вам, віруючим в імя Сина Божого, щоб ви знали, що маєте життє вічне, і щоб вірували в імя Сина Божого. (aiōnios g166)
১৩ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ। (aiōnios g166)
14 І се одвага, котру маємо до Него, що, коли чого просимо по волї Його, Він слухає нас;
১৪এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
15 і коли знаємо, що Він слухає нас, чого б ми не просили, то знаємо, що одержуємо прощення від Него.
১৫আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
16 Коли хто бачить брата свого, що грішить гріхом не на смерть, нехай молить ся, і (Бог) дасть Йому життє, тим що грішить не на смерть. Єсть гріх на смерть, не за сей кажу, щоб молив ся.
১৬কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
17 Всяка неправда гріх, та єсть гріх не на смерть.
১৭সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
18 Знаємо, що кожний, хто родив ся від Бога, не грішить; тільки рождений від Бога, хоронить себе, а лихий не дотикаєть ся його.
১৮আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
19 Знаємо, що ми від Бога, і ввесь сьвіт у лихому лежить.
১৯আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
20 Знаємо ж, що Син Божий прийшов, і дав нам розум, щоб пізнавали Бога правдивого; і ми в правдивому, в Синї Його Ісусї Христї. (aiōnios g166)
২০আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। (aiōnios g166)
21 Сей правдивий Бог, і життє вічне. Дїточки, хоронїть себе від ідолів. Амінь.
২১তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷

< 1 Івана 5 >