< Mezmurlar 42 >

1 Müzik şefi için - Korahoğulları'nın Maskili Geyik akarsuları nasıl özlerse, Canım da seni öyle özler, ey Tanrı!
হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
2 Canım Tanrı'ya, yaşayan Tanrı'ya susadı; Ne zaman görmeye gideceğim Tanrı'nın yüzünü?
ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে; মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?
3 Gözyaşlarım ekmeğim oldu gece gündüz, Gün boyu, “Nerede senin Tanrın?” dedikleri için.
মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”
4 Anımsayınca içim içimi yiyor, Nasıl toplulukla birlikte yürür, Tanrı'nın evine kadar alaya öncülük ederdim, Sevinç ve şükran sesleri arasında, Bayram eden bir kalabalıkla birlikte.
কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
5 Neden üzgünsün, ey gönlüm, Neden içim huzursuz? Tanrı'ya umut bağla, Çünkü O'na yine övgüler sunacağım; O benim kurtarıcım ve Tanrım'dır.
হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
6 Gönlüm üzgün, Bu yüzden seni anımsıyorum, ey Tanrım. Şeria yöresinde, Hermon ve Misar dağlarında Çağlayanların gümbürdeyince, Enginler birbirine sesleniyor, Bütün dalgaların, sellerin üzerimden geçiyor.
মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।
7
তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।
8 Gündüz RAB sevgisini gösterir, Gece ilahi söyler, dua ederim Yaşamımın Tanrısı'na.
যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
9 Kayam olan Tanrım'a diyorum ki, “Neden beni unuttun? Niçin düşmanlarımın baskısı altında Yaslı gezeyim?”
মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”
10 Gün boyu hasımlarım: “Nerede senin Tanrın?” diyerek Bana sataştıkça, Kemiklerim kırılıyor sanki.
১০মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে” তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।
11 Neden üzgünsün, ey gönlüm, Neden içim huzursuz? Tanrı'ya umut bağla, Çünkü O'na yine övgüler sunacağım; O benim kurtarıcım ve Tanrım'dır.
১১হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।

< Mezmurlar 42 >