< Mezmurlar 146 >

1 RAB'be övgüler sunun! Ey gönlüm, RAB'be övgüler sun.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
2 Yaşadıkça RAB'be övgüler sunacak, Var oldukça Tanrım'a ilahiler söyleyeceğim.
মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
3 Önderlere, Sizi kurtaramayacak insanlara güvenmeyin.
তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
4 O son soluğunu verince toprağa döner, O gün tasarıları da biter.
তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
5 Ne mutlu yardımcısı Yakup'un Tanrısı olan insana, Umudu Tanrısı RAB'de olana!
যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
6 Yeri göğü, Denizi ve içindeki her şeyi yaratan, Sonsuza dek güvenilir olan,
তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।
7 Ezilenlerin hakkını alan, Açlara yiyecek sağlayan O'dur. RAB tutsakları özgür kılar,
তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
8 Körlerin gözünü açar, İki büklüm olanları doğrultur, Doğruları sever.
যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
9 RAB garipleri korur, Öksüze, dul kadına yardım eder, Kötülerin yolunuysa saptırır.
যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
10 RAB Tanrın sonsuza dek, ey Siyon, Kuşaklar boyunca egemenlik sürecek. RAB'be övgüler sunun!
১০যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Mezmurlar 146 >