< Mezmurlar 115 >

1 Bizi değil, ya RAB, bizi değil, Sevgin ve sadakatin uğruna, Kendi adını yücelt!
হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
2 Niçin uluslar: “Hani, nerede onların Tanrısı?” desin.
আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”
3 Bizim Tanrımız göklerdedir, Ne isterse yapar.
আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।
4 Oysa onların putları altın ve gümüşten yapılmış, İnsan elinin eseridir.
তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।
5 Ağızları var, konuşmazlar, Gözleri var, görmezler,
সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
6 Kulakları var, duymazlar, Burunları var, koku almazlar,
কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;
7 Elleri var, hissetmezler, Ayakları var, yürümezler, Boğazlarından ses çıkmaz.
হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।
8 Onları yapan, onlara güvenen herkes Onlar gibi olacak!
যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
9 Ey İsrail halkı, RAB'be güven, O'dur yardımcınız ve kalkanınız!
হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
10 Ey Harun soyu, RAB'be güven, O'dur yardımcınız ve kalkanınız!
১০হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
11 Ey RAB'den korkanlar, RAB'be güvenin, O'dur yardımcınız ve kalkanınız!
১১হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
12 RAB bizi anımsayıp kutsayacak, İsrail halkını, Harun soyunu kutsayacak.
১২যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
13 Küçük, büyük, Kendisinden korkan herkesi kutsayacak.
১৩যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
14 RAB sizi, Sizi ve çocuklarınızı çoğaltsın!
১৪যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।
15 Yeri göğü yaratan RAB Sizleri kutsasın.
১৫যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
16 Göklerin öteleri RAB'bindir, Ama yeryüzünü insanlara vermiştir.
১৬স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
17 Ölüler, sessizlik diyarına inenler, RAB'be övgüler sunmaz;
১৭মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
18 Biziz RAB'bi öven, Şimdiden sonsuza dek. RAB'be övgüler sunun!
১৮কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Mezmurlar 115 >