< Süleyman'In Özdeyişleri 24 >

1 Kötülere imrenme, Onlarla birlikte olmayı isteme.
দুষ্ট লোকক ঈৰ্ষা নকৰিবা, নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
2 Çünkü yürekleri zorbalık tasarlar, Dudakları belalardan söz eder.
কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে, আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
3 Ev bilgelikle yapılır, Akılla pekiştirilir.
প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4 Bilgi sayesinde odaları Her türlü değerli, güzel eşyayla dolar.
জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5 Bilgelik güçten, Bilgi kaba kuvvetten üstündür.
সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6 Savaşmak için yöntem, Zafer kazanmak için birçok danışman gerekli.
সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7 Ahmak için bilgelik ulaşılamayacak kadar yüksektir, Kent kurulunda ağzını açamaz.
অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
8 Kötülük tasarlayan kişi Düzenbaz olarak bilinecektir.
তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9 Ahmakça tasarılar günahtır, Alaycı kişiden herkes iğrenir.
জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10 Sıkıntılı günde cesaretini yitirirsen, Gücün kıt demektir.
১০সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
11 Ölüm tehlikesi içinde olanları kurtar, Ölmek üzere olanları esirge.
১১মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12 “İşte bunu bilmiyordum” desen de, İnsanın yüreğindekini bilen sezmez mi? Senin canını koruyan anlamaz mı? Ödetmez mi herkese yaptığını?
১২তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
13 Oğlum, bal ye, çünkü iyidir, Süzme bal damağa tatlı gelir.
১৩হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14 Bilgelik de canın için öyledir, bilmiş ol. Bilgeliği bulursan bir geleceğin olur Ve umudun boşa çıkmaz.
১৪তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
15 Ey kötü adam, doğru kişinin evine karşı pusuya yatma, Konutunu yıkmaya kalkma.
১৫ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
16 Çünkü doğru kişi yedi kez düşse yine kalkar, Ama kötüler felakette yıkılır.
১৬কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
17 Düşmanın düşüşüne keyiflenme, Sendelemesine sevinme.
১৭যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
18 Yoksa RAB görür ve hoşnut kalmaz Ve düşmanına duyduğu öfke yatışır.
১৮কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
19 Kötülük edenlere kızıp üzülme, Onlara özenme.
১৯কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা, আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
20 Çünkü kötülerin geleceği yok, Çırası sönecek onların.
২০কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
21 Oğlum, RAB'be ve krala saygı göster, Onlara başkaldıranlarla arkadaşlık etme.
২১হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22 Çünkü onlar ansızın felakete uğrar, İnsanın başına ne belalar getireceklerini kim bilir?
২২কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
23 Şunlar da bilgelerin sözleridir: Yargılarken yan tutmak iyi değildir.
২৩এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
24 Kötüye, “Suçsuzsun” diyen yargıcı Halklar lanetler, uluslar kınar.
২৪যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,” তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
25 Ne mutlu suçluyu mahkûm edene! Herkes onu candan kutlar.
২৫কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব, আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।
26 Dürüst yanıt Gerçek dostluğun işaretidir.
২৬যিজনে সত্যতাত উত্তৰ দিয়ে, তেওঁ ওঁঠক চুমা খায়।
27 İlkin dışardaki işini bitirip tarlanı hazırla, Ondan sonra evini yap.
২৭তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা, আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা, আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
28 Başkalarına karşı nedensiz tanıklık etme Ve dudaklarınla aldatma.
২৮কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
29 “Bana yaptığını ben de ona yapacağım, Ödeteceğim bana yaptığını” deme.
২৯এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
30 Tembelin tarlasından, Sağduyudan yoksun kişinin bağından geçtiğimde
৩০মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।
31 Her yanı dikenlerin, otların Kapladığını gördüm; Taş duvar da yıkılmıştı.
৩১চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।
32 Gördüklerimi derin derin düşündüm, Seyrettiklerimden ibret aldım.
৩২তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ।
33 “Biraz kestireyim, biraz uyuklayayım, Ellerimi kavuşturup şöyle bir uyuyayım” demeye kalmadan,
৩৩“অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে,
34 Yokluk bir haydut gibi, Yoksulluk bir akıncı gibi gelir üzerine.
৩৪দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।

< Süleyman'In Özdeyişleri 24 >