< Çölde Sayim 35 >

1 RAB Şeria Irmağı yanında Eriha karşısındaki Moav ovalarında Musa'ya şöyle dedi:
পাছত যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে,
2 “İsrailliler'e buyruk ver, alacakları mülkten oturmaları için Levililer'e kentler versinler. Kentlerin çevresinde otlaklar da vereceksiniz.
“তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।
3 Böylece yaşamak için Levililer'in kentleri olacak; sığırları, sürüleri, öbür hayvanları için otlakları da olacak.
তেতিয়া, তেওঁলোকে নিবাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ’ব আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেৰ, মেৰ-ছাগ আদি পশু চৰাবৰ বাবে হ’ব।
4 “Levililer'e vereceğiniz kentlerin çevresindeki otlaklar kent surundan bin arşın uzaklıkta olacak.
আৰু তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, তাৰ চৰণী ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে এক হাজাৰ হাতলৈকে হ’ব।
5 Kent ortada olmak üzere, kent dışından doğuda iki bin arşın, güneyde iki bin arşın, batıda iki bin arşın, kuzeyde iki bin arşın ölçeceksiniz. Bu bölge kentler için otlak olacak.”
আৰু তোমালোকে নগৰৰ বাহিৰে, পূৱদিশে দুই হাজাৰ হাত আৰু দক্ষিণ দিশে দুই হাজাৰ হাত, পশ্চিম দিশে দুই হাজাৰ হাত আৰু উত্তৰ দিশে দুই হাজাৰ হাত জুখি দিবা; তাৰ মাজ ঠাইত নগৰ থাকিব; এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ’ব।
6 “Levililer'e vereceğiniz kentlerden altısı sığınak kent olacak; öyle ki, adam öldüren biri oraya kaçabilsin. Ayrıca Levililer'e kırk iki kent daha vereceksiniz.
তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, সেইবোৰ নগৰৰ মাজত, মানুহ বধী পলাবৰ কাৰণে ছখন আশ্ৰয় নগৰ হ’ব লাগিব; আৰু তাৰ বাহিৰেও বিয়াল্লিশখন নগৰ তোমালোকে তেওঁলোকক দিবা।
7 Levililer'e otlaklarıyla birlikte toplam kırk sekiz kent vereceksiniz.
তোমালোকে সৰ্ব্বমুঠ আঠচল্লিশখন নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা।
8 İsrailliler'in mülkünden Levililer'e vereceğiniz kentler her oymağa düşen pay oranında olsun. Çok kenti olan oymak çok, az kenti olan oymak az sayıda kent verecek.”
আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকাৰ কৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়াসকলক দিবা।”
9 RAB Musa'yla konuşmasını şöyle sürdürdü:
পাছত যিহোৱাই মোচিক ক’লে,
10 “İsrailliler'e de ki, ‘Şeria Irmağı'ndan geçip Kenan ülkesine girince,
১০“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰ হৈ কনান দেশত সোমাবা,
11 sığınak kentler olarak bazı kentler seçin. Öyle ki, istemeyerek birini öldüren kişi oraya kaçabilsin;
১১তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।
12 öç alacak kişiden kaçıp sığınacak bir yeriniz olsun. Böylece adam öldüren kişi topluluğun önünde yargılanmadan öldürülmesin.
১২আৰু মানুহ বধীটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এই কাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয়স্থান হ’ব।
13 Vereceğiniz bu altı kent sizin için sığınak kentler olacak.
১৩আৰু যি যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ ছখন আশ্ৰয়-নগৰ হ’ব।
14 Sığınak kentlerin üçünü Şeria Irmağı'nın doğusundan, üçünü de Kenan ülkesinden seçeceksiniz.
১৪তোমালোকে তাৰ মাজৰ তিনিখন নগৰ যৰ্দ্দনৰ পূৱ পাৰত আৰু আন তিনিখন কনান দেশত দিবা। সেইবোৰ আশ্ৰয়-নগৰ হ’ব।
15 Bu altı kent İsrailliler ve aralarında yaşayan yabancılarla yerli olmayan konuklar için sığınak kentler olacak. Öyle ki, istemeyerek birini öldüren kişi oraya kaçabilsin.
১৫যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।
16 “‘Eğer biri demir bir aletle başka birine vurur, o kişi de ölürse, adam katildir ve kesinlikle öldürülecektir.
১৬কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব।
17 Birinin elinde adam öldürebilecek bir taş varsa, bu taşla başka birine vurursa, o kişi de ölürse, adam katildir ve kesinlikle öldürülecektir.
১৭নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
18 Ya da elinde adam öldürebilecek tahtadan bir alet varsa, bununla birine vurursa, o kişi de ölürse, adam katildir ve kesinlikle öldürülecektir.
১৮নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
19 Ölenin öcünü alacak kişi, katili öldürecektir; onunla karşılaşınca onu öldürecektir.
১৯ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।
20 Eğer biri başka birine beslediği kinden ötürü onu iter ya da bile bile ona bir nesne fırlatırsa, o kişi de ölürse,
২০আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে,
21 ya da beslediği kinden ötürü onu yumruklar, o kişi de ölürse, vuran kişi kesinlikle öldürülecektir; katildir. Ölenin öcünü alacak kişi katille karşılaşınca onu öldürecektir.
২১নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।
22 “‘Eğer biri bir başkasına kin beslemediği halde ansızın onu iter ya da istemeyerek ona bir nesne fırlatırsa,
২২কিন্তু যদি শত্ৰুভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে,
23 ya da onu görmeden üzerine öldürebilecek bir taş düşürürse, o kişi de ölürse, öldüren ölene kin beslemediğinden ve ona zarar vermek istemediğinden,
২৩বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী নহ’ব।
24 topluluk adam öldürenle kan öcünü alacak kişi arasında şu kurallar uyarınca karar verecek:
২৪তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব।
25 Topluluk adam öldüreni kan öcü alacak kişinin elinden korumalı ve kaçmış olduğu sığınak kente geri göndermeli. Kişi kutsal yağla meshedilmiş başkâhinin ölümüne dek orada kalmalıdır.
২৫আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।
26 “‘Ama adam öldüren kaçmış olduğu sığınak kentin sınırını geçer,
২৬কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়,
27 kan öcü alacak kişi de onu sığınak kentin sınırı dışında görür, kan öcü alacak kişi öldüreni öldürürse suçlu sayılmayacaktır.
২৭আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব।
28 Çünkü adam öldüren, başkâhinin ölümüne dek sığınak kentte kalmalı. Ancak onun ölümünden sonra kendi toprağına dönebilir.
২৮কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।
29 “‘Bunlar kuşaklar boyunca yaşadığınız her yerde sizin için kesin kural olacaktır.
২৯আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব।
30 “‘Adam öldüren, tanıkların tanıklığıyla öldürülecek, bir tek kişinin tanıklığıyla öldürülmeyecektir.
৩০যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।
31 “‘Ölümü hak etmiş katilin canı için bedel almayacaksınız; o kesinlikle öldürülecektir.
৩১আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
32 “‘Sığınak kente kaçmış olan birinin başkâhinin ölümünden önce toprağına dönüp yaşaması için bedel almayacaksınız.
৩২আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।
33 “‘İçinde yaşadığınız ülkeyi kirletmeyeceksiniz. Kan dökmek ülkeyi kirletir. İçinde kan dökülen ülke ancak kan dökenin kanıyla bağışlanır.
৩৩এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
34 “‘İçinde oturduğunuz, benim de içinde yaşadığım ülkeyi kirletmeyeceksiniz; çünkü ben İsrailliler'in arasında yaşayan RAB'bim.’”
৩৪এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”

< Çölde Sayim 35 >