< Yeşu 14 >

1 İsrailliler'in Kenan'da mülk edindiği topraklara gelince, bu topraklar Kâhin Elazar, Nun oğlu Yeşu ve İsrail oymaklarının boy başları tarafından miras olarak İsrailliler arasında bölüştürülmüştür.
ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু তেওঁলোকৰ জন-গোষ্ঠীৰ মুখিয়াল সকলৰ সৈতে পূর্ব-পুৰুষসকলৰ পৰিয়ালসমূহৰ মাজত ভগাই দিয়া কনান দেশৰ এই অঞ্চলসমূহ ইস্ৰায়েলৰ সন্তান সকলে উত্তৰাধিকাৰ সূত্ৰে পালে৷
2 RAB'bin Musa aracılığıyla buyurduğu gibi, paylar dokuz oymakla bir oymağın yarısı arasında kura ile bölüştürüldü.
উত্তৰাধিকাৰ সূত্ৰে পোৱা অঞ্চলসমূহ, যিহোৱাই মোচিৰ যোগেদি নির্দেশ দিয়া অনুসাৰে, চিঠি-খেলৰ দ্বাৰাই সেই ন জন-গোষ্ঠী আৰু আধা জন-গোষ্ঠীক ভাগ বাঁটি দিয়া হৈছিল।
3 Çünkü Musa iki oymakla yarım oymağın payını Şeria Irmağı'nın doğusunda vermişti. Ama onlarla birlikte Levililer'e mülkten pay vermemişti.
কিয়নো মোচিয়ে যৰ্দ্দনৰ সিপাৰেও দুই জন-গোষ্ঠীক আৰু আধা জন-গোষ্ঠীক অধিকাৰ কৰিবলৈ দিছিল, কিন্তু লেবীয়াসকলক তেওঁ একো ভাগ দিয়া নাছিল৷
4 Yusuf'un soyundan gelenler, Manaşşe ve Efrayim diye iki oymak oluşturuyordu. Levililer'e de yerleşecekleri kentler ve bu kentlerin çevresinde büyük ve küçük baş hayvanlarına ayrılan otlaklar dışında topraktan pay verilmedi.
যোচেফৰ জন-গোষ্ঠীৰ মাজত প্ৰকৃততে দুটা জন-গোষ্ঠী আছিল- মনচি আৰু ইফ্ৰয়িম৷ লেবীয়াসকলক দেশৰ মাজত উত্তৰাধিকাৰৰ একো ভাগ দিয়া নগ’ল, কেৱল বাস কৰিবলৈ কেইখনমান নির্দিষ্ট নগৰ আৰু তাৰ লগত পশুধনৰ বাবে চৰণীয়া পথাৰ, সম্পত্তি আদিৰ বাবে ঠাই দিলে।
5 İsrailliler, RAB'bin Musa'ya verdiği buyruğa göre hareket edip ülkeyi paylaştılar.
যিহোৱাই মোচিক যি দৰে আজ্ঞা দিছিল, সেই অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰি দেশ ভাগ কৰি ল’লে।
6 Bu arada Yahudaoğulları Gilgal'da bulunan Yeşu'nun yanına geldiler. Kenizli Yefunne oğlu Kalev Yeşu'ya şöyle dedi: “RAB'bin Kadeş-Barnea'da Tanrı adamı Musa'ya senin ve benim hakkımda neler söylediğini biliyorsun.
সেই সময়ত যিহূদা ফৈদ যিহোচূৱাৰ ওচৰলৈ আহো বুলি গিলগললৈ আহিছিল৷ তেতিয়া কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবে তেওঁক ক’লে, “যিহোৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেচ-বৰ্ণেয়াত ঈশ্বৰৰ লোক মোচিক কি কথা কৈছিল, সেই বিষয়ে তুমি জানা।
7 RAB'bin kulu Musa ülkeyi araştırmak üzere beni Kadeş-Barnea'dan gönderdiğinde kırk yaşındaydım. Gördüklerimi ona açık yüreklilikle ilettim.
মোৰ বয়স চল্লিশ বছৰ আছিল, যেতিয়া ঈশ্বৰৰ দাস মোচিয়ে কাদেচ-বৰ্ণেয়াৰ পৰা দেশৰ চোৰাংচোৱাগিৰি কৰিবৰ বাবে মোক পঠাইছিল৷ তেতিয়া সৰল মনেৰে আৰু মোৰ কর্ত্তব্য পালন কৰি সম্বাদ আনি তেওঁক দিছিলোঁ।
8 Ne var ki, benimle gelmiş olan soydaşlarım halkı korkuya düşürdüler. Ama ben tümüyle Tanrım RAB'bin yolundan gittim.
কিন্তু মোৰ লগত যোৱা মোৰ ভাইসকলে লোকসকলক ভয় লগাই তেওঁলোকৰ হৃদয় পমিয়ালে৷ কিন্তু মই সম্পুৰ্ণৰূপে নিজ ঈশ্বৰ যিহোৱাৰ ইচ্ছা মতে চলিলোঁ।
9 Bu nedenle Musa o gün, ‘Tümüyle Tanrım RAB'bin yolundan gittiğin için ayak bastığın topraklar sonsuza dek sana ve oğullarına mülk olacak’ diye ant içti.
সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’
10 RAB sözünü tuttu, beni yaşattı. İsrailliler çölden geçerken RAB'bin Musa'ya bu sözleri söylediği günden bu yana kırk beş yıl geçti. Şimdi seksen beş yaşındayım.
১০এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল৷ এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল।
11 Bugün de Musa'nın beni gönderdiği günkü kadar güçlüyüm. O günkü gibi hâlâ savaşa gidip gelecek güçteyim.
১১মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ৷ যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
12 RAB'bin o gün söz verdiği gibi, bu dağlık bölgeyi şimdi bana ver. Orada Anaklılar'ın yaşadığını ve surlarla çevrili büyük kentleri olduğunu o gün sen de duymuştun. Belki RAB bana yardım eder de, O'nun dediği gibi, onları oradan sürerim.”
১২সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”
13 Yeşu Yefunne oğlu Kalev'i kutsadı ve Hevron'u ona mülk olarak verdi.
১৩তেতিয়া যিহোচূৱাই যিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্ব্বাদ কৰি তেওঁৰ উত্তৰাধিকাৰৰ অৰ্থে হিব্ৰোণ দিলে।
14 Böylece Hevron bugün de Kenizli Yefunne oğlu Kalev'in mülküdür. Çünkü o, tümüyle İsrail'in Tanrısı RAB'bin yolundan gitti.
১৪এই কাৰণে হিব্ৰোণ কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবৰ উত্তৰাধিকাৰ আজিলৈকে হৈ আছে; কিয়নো তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছাত সম্পূৰ্ণৰূপে চলিছিল।
15 Hevron'un eski adı Kiryat-Arba'ydı. Arba, Anaklılar'ın en güçlü adamının adıydı. Böylece savaş sona erdi ve ülke barışa kavuştu.
১৫পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।

< Yeşu 14 >