< Yeremya 50 >

1 RAB'bin Babil ve Kildan ülkesine ilişkin Peygamber Yeremya aracılığıyla bildirdiği söz şudur:
যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে আৰু বাবিলৰ লোকসকলৰ বিষয়ে যিহোৱাই কোৱা বাক্য।
2 “Uluslara duyurun, haberi bildirin! Sancak dikip duyurun, hiçbir şey gizlemeyin! ‘Babil ele geçirilecek’ deyin, ‘İlahı Bel utandırılacak, İlahı Marduk paramparça olacak. Putları utandırılacak, İlahları paramparça olacak.’
তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
3 Çünkü kuzeyden gelen bir ulus ona saldıracak, Ülkesini viran edecek. Orada kimse yaşamayacak, İnsan da hayvan da kaçıp gidecek.
কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে; সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব তাত কোনেও বাস নকৰিব; সিহঁত পলাল মানুহ আৰু পশু সকলো গ’ল।
4 O günlerde, o zamanda” diyor RAB, “İsrail halkıyla Yahuda halkı birlikte gelecek; Tanrıları RAB'bi aramak için Ağlaya ağlaya gelecekler.
যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানসকল আৰু যিহূদাৰ সন্তানসকল একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
5 Yüzleri Siyon'a dönük, Oraya giden yolu soracak, Kalıcı, unutulmaz bir antlaşmayla RAB'be bağlanmak için gelecekler.
তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
6 “Halkım yitik koyunlardır, Çobanları onları baştan çıkardı. Dağlarda başıboş dolandırdılar onları, Dağ, tepe avare dolaştılar, Kendi ağıllarını unuttular.
মোৰ প্ৰজাবিলাক হেৰোৱা মেৰ-ছাগ স্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে।
7 Kim bulduysa yedi onları. Düşmanları, ‘Biz suçlu değiliz’ dediler, ‘Çünkü onlar gerçek otlakları olan RAB'be, Atalarının umudu RAB'be karşı günah işlediler.’
তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্বপুৰুষসকলৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
8 “Babil'den kaçıp kurtulun! Kildan ülkesini terk edin, Sürüye yön veren teke gibi olun!
তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদীয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা ছাগবোৰৰ নিচিনা হোৱা।
9 Çünkü birbiriyle anlaşmış büyük ulusları Kuzeydeki topraklardan kışkırtıp Babil'in karşısına çıkaracağım. Babil'le savaşmak üzere karşısına dizilecek, Onu kuzeyden ele geçirecekler. Okları usta savaşçı oku gibidir, Hiçbiri boş dönmeyecek.
কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।
10 Kildan ülkesi yağmaya uğrayacak, Onu yağmalayanlar mala doyacak” diyor RAB.
১০কলদীয়া দেশ লুট দ্ৰব্য হ’ব, যিহোৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ’ব।
11 “Ey mirasımı yağmalayan sizler! Madem sevinip coşuyorsunuz, Harman döven düve gibi sıçrıyor, Aygır gibi kişniyorsunuz;
১১হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
12 Anneniz büyük utanca boğulacak, Sizi doğuranın yüzü kızaracak. Ulusların en önemsizi, Kurak, bozkır, çöl olacak.
১২এতেকে, তহঁতৰ মাৰে অত্যন্ত লাজ পাব। তহঁতৰ জননী ব্যাকুল হ’ব, দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ’ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ’ব।
13 RAB'bin öfkesi yüzünden kimse yaşamayacak orada, Büsbütün ıssız kalacak. Her geçen, Babil'in aldığı yaraları görünce şaşacak, Hayrete düşecek.
১৩যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
14 Babil'in çevresinde savaşmak üzere dizilin, Ey bütün yay çekenler! Oklarla saldırın ona, oklarınızı esirgemeyin! Çünkü o RAB'be karşı günah işledi.
১৪ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
15 Her yandan ona karşı savaş narası yükseltin! Teslim oldu, kuleleri düştü, Surları yerle bir oldu. Çünkü RAB'bin öcüdür bu. Ondan öç alın. Yaptığının aynısını yapın ona.
১৫চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
16 Ekin ekeni biçim vakti orakçıyla birlikte Babil'den atın. Zorbanın kılıcı yüzünden Herkes halkına dönsün, Ülkesine kaçsın.”
১৬বাবিলৰ পৰা কঠীয়া সিচোঁতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোঁতাক উচ্ছন্ন কৰা; সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব, আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব।
17 “İsrail aslanların kovaladığı Dağılmış bir sürüdür. Önce Asur Kralı yedi onu. Sonra Babil Kralı Nebukadnessar kemiklerini ezdi.”
১৭ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে।
18 Bu yüzden İsrail'in Tanrısı, Her Şeye Egemen RAB diyor ki, “Asur Kralı'nı nasıl cezalandırdıysam, Babil Kralı'yla ülkesini de öyle cezalandıracağım.
১৮এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই অচূৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম।
19 İsrail'i yeniden otlağına kavuşturacağım, Karmel'de, Başan'da otlayacak; Efrayim ve Gilat dağlık bölgelerinde İstediği kadar yiyip doyacak.
১৯আৰু মই ইস্ৰায়েলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম; তাতে সি কৰ্মিল আৰু বাচানত চৰিব, ইফ্ৰয়িম পৰ্ব্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ’ব।
20 O günlerde, o zamanda” diyor RAB, “İsrail'in suçu araştırılacak Ama bulunamayacak; Yahuda'nın günahları da araştırılacak Ama bulunamayacak. Çünkü sağ bıraktıklarımı bağışlayacağım.”
২০যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
21 “Meratayim ülkesine, Pekot'ta yaşayanlara saldır. Onları öldür, tümüyle yok et” diyor RAB, “Sana ne buyurduysam hepsini yap.
২১তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।
22 Ülkede savaş, büyük yıkım Gürültüsü duyuluyor.
২২দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
23 Dünyanın balyozu Nasıl da kırılıp paramparça oldu! Babil uluslar arasında nasıl dehşet oldu!
২৩গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।
24 Senin için tuzak kurdum, ey Babil, Bilmeden tuzağıma düştün. Bulunup yakalandın, Çünkü RAB'be karşı çıktın.
২৪হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল, আৰু ধৰাও পৰিলা।
25 RAB silahhanesini açtı, Öfkesinin silahlarını çıkardı. Rab'bin, Her Şeye Egemen RAB'bin Kildan ülkesinde yapacağı iş var.
২৫যিহোৱাই নিজ অস্ত্ৰৰ ভঁড়াল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে; কিয়নো কলদীয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীসকলৰ যিহোৱৰ কৰিবলৈ এটা কাৰ্য আছে।
26 Uzaktan ona saldırın. Ambarlarını açın, Mallarını tahıl gibi küme küme yığın. Tamamen yok edin onu, Geriye hiçbir şey kalmasın.
২৬তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
27 Genç boğalarını öldürün, Kesime gitsinler! Vay başlarına! Çünkü onların günü, Cezalandırılma zamanı geldi.
২৭তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।
28 Dinleyin! Tanrımız RAB'bin öç aldığını, Tapınağının öcünü aldığını Babil'den kaçıp kurtulanlar Siyon'da duyuruyorlar.
২৮শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
29 “Okçuları, yay gerenlerin hepsini çağırın Babil'e karşı, Çevresini kuşatın, kaçıp kurtulan olmasın. Yaptıklarına göre karşılık verin ona, Yaptıklarının aynısını yapın. Çünkü RAB'be, İsrail'in Kutsalı'na Küstahlık etti.
২৯তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুৰ্দ্ধৰ বিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে ছাউনি পাতা, সিহঁতৰ কাকো সাৰি যাব নিদিবা, তাৰ কাৰ্য অনুসাৰে তাক প্ৰতিফল দিয়া, সি কৰা সকলো কাৰ্য অনুসাৰে তালৈ কৰা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে।
30 Bu yüzden gençleri meydanlarda düşecek, Bütün savaşçıları susturulacak o gün” diyor RAB.
৩০এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
31 “İşte, sana karşıyım, ey küstah!” Diyor Rab, Her Şeye Egemen RAB. “Çünkü senin günün, Seni cezalandıracağım zaman geldi.
৩১বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
32 Küstah tökezleyip düşecek, Onu kaldıran olmayacak. Kentlerini ateşe vereceğim, Bütün çevresini yakıp yok edecek.”
৩২আৰু গৰ্ব্বী জন উজুটি খাই পতিত হ’ব, কোনেও তাক নুতুলিব; আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।
33 Her Şeye Egemen RAB şöyle diyor: “İsrail halkı da Yahuda halkı da Eziyet çekiyor. Onları tutsak edenler sıkı tutmuş, Salıvermek istemiyorlar.
৩৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল আৰু যিহূদাৰ সন্তান-বিলাকে একেলগে উপদ্ৰৱ পাইছে আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত।
34 Ama onların Kurtarıcısı güçlüdür, O'nun adı Her Şeye Egemen RAB'dir. Onların ülkesine huzur, Babil'de yaşayanlaraysa kargaşalık getirmek için Davalarını hararetle savunacak.
৩৪তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
35 “Kildaniler'e karşı kılıç!” diyor RAB, “Babil'de yaşayanlara, Babil önderlerine, Bilgelerine karşı kılıç!
৩৫যিহোৱাই কৈছে, কলদীয়াবিলাকৰ আৰু বাবিল-নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে।
36 Sahte peygamberlere karşı kılıç! Aptallıkları ortaya çıkacak. Yiğitlerine karşı kılıç! Şaşkına dönecek onlar.
৩৬বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
37 Atlarına, savaş arabalarına Aralarındaki yabancılara karşı kılıç! Hepsi kadın gibi ürkek olacak. Hazinelerine karşı kılıç! Yağma edilecek onlar.
৩৭সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।
38 Sularına kuraklık! Kuruyacak sular. Çünkü Babil putlar ülkesidir, Korkunç putlar yüzünden halkı çıldırmış.
৩৮তাৰ জল সমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব; কিয়নো সেয়ে কটা-প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মুৰ্ত্তিত বলীয়া।
39 “Bu yüzden yabanıl hayvanlar, çakallar, Baykuşlar yaşayacak orada, Artık insan yaşamayacak, Kuşaklar boyu kimse oturmayacak.
৩৯এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাংকুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট পক্ষীবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।
40 Sodom'la Gomora'yı ve çevredeki köyleri Nasıl yerle bir ettimse” diyor RAB, “Orada da kimse oturmayacak, İnsan oraya yerleşmeyecek.
৪০যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
41 İşte kuzeyden bir ordu geliyor. Dünyanın uçlarından Büyük bir ulus Ve birçok kral harekete geçiyor.
৪১চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে।
42 Yay, pala kuşanmışlar, Gaddar ve acımasızlar. Atlara binmiş gelirken, Kükreyen denizi andırıyor sesleri. Savaşa hazır savaşçılar Karşına dizilecekler, ey Babil kızı!
৪২সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
43 Babil Kralı onların haberini aldı, Ellerinde derman kalmadı. Doğuran kadın gibi Üzüntü, sancı sardı onu.
৪৩বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
44 Şeria çalılıklarından Sulak otlağa çıkan aslan gibi Kildaniler'i bir anda yurdundan kovacağım. Seçeceğim kişiyi oraya yönetici atayacağım. Var mı benim gibisi? Var mı bana dava açacak biri, Bana karşı duracak çoban?”
৪৪চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
45 Bu yüzden RAB'bin Babil'e karşı ne tasarladığını, Kildan ülkesine karşı ne amaçladığını işitin: “Sürünün küçükleri bile sürülecek, Halkı yüzünden otlakları çöle dönüştürülecek.
৪৫এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
46 ‘Babil düştü’ sesiyle yeryüzü titreyecek, Çığlığı uluslar arasında duyulacak.”
৪৬বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে, আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনি গৈছে।

< Yeremya 50 >