< Yaratiliş 46 >

1 İsrail sahip olduğu her şeyle birlikte yola çıktı. Beer-Şeva'ya varınca, orada babası İshak'ın Tanrısı'na kurbanlar kesti.
ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
2 O gece Tanrı bir görümde İsrail'e, “Yakup, Yakup!” diye seslendi. Yakup, “Buradayım” diye yanıtladı.
ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
3 Tanrı, “Ben Tanrı'yım, babanın Tanrısı” dedi, “Mısır'a gitmekten çekinme. Soyunu orada büyük bir ulus yapacağım.
ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।
4 Seninle birlikte Mısır'a gelecek, soyunu bu ülkeye geri getireceğim. Senin gözlerini Yusuf'un elleri kapayacak.”
মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”
5 Yakup Beer-Şeva'dan ayrıldı. Oğulları Yakup'u –İsrail'i– götürmek üzere firavunun gönderdiği arabalara onu, kendi çocuklarıyla karılarını bindirdiler.
তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।
6 Yakup, bütün ailesini –oğullarını, kızlarını, torunlarını– hayvanlarını ve Kenan ülkesinde kazandığı malları yanına alarak Mısır'a gitti.
যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।
7
এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।
8 İsrail'in Mısır'a giden oğullarının –Yakup'la oğullarının– adları şunlardır: Yakup'un ilk oğlu Ruben.
ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।
9 Ruben'in oğulları: Hanok, Pallu, Hesron, Karmi.
ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
10 Şimon'un oğulları: Yemuel, Yamin, Ohat, Yakin, Sohar ve Kenanlı bir kadının oğlu Şaul.
১০চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।
11 Levi'nin oğulları: Gerşon, Kehat, Merari.
১১লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
12 Yahuda'nın oğulları: Er, Onan, Şela, Peres, Zerah. Ancak Er'le Onan Kenan ülkesinde ölmüştü. Peres'in oğulları: Hesron, Hamul.
১২যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
13 İssakar'ın oğulları: Tola, Puvva, Yov, Şimron.
১৩ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।
14 Zevulun'un oğulları: Seret, Elon, Yahleel.
১৪জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।
15 Bunlar Lea'nın Yakup'a doğurduğu oğullardır. Lea onları ve kızı Dina'yı Paddan-Aram'da doğurmuştu. Yakup'un bu oğullarıyla kızları toplam otuz üç kişiydi.
১৫জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।
16 Gad'ın oğulları: Sifyon, Hagi, Şuni, Esbon, Eri, Arodi, Areli.
১৬গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
17 Aşer'in çocukları: Yimna, Yişva, Yişvi, Beria; kızkardeşleri Serah. Beria'nın oğulları: Hever, Malkiel.
১৭আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
18 Bunlar Lavan'ın kızı Lea'ya verdiği Zilpa'nın Yakup'a doğurduğu çocuklardır. Toplam on altı kişiydiler.
১৮এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
19 Yakup'un karısı Rahel'in oğulları: Yusuf, Benyamin.
১৯যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।
20 Yusuf'un Mısır'da On Kenti kâhini Potifera'nın kızı Asenat'tan Manaşşe ve Efrayim adında iki oğlu oldu.
২০ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
21 Benyamin'in oğulları: Bala, Beker, Aşbel, Gera, Naaman, Ehi, Roş, Muppim, Huppim, Ard.
২১বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।
22 Bunlar Rahel'in Yakup'a doğurduğu çocuklardır. Toplam on dört kişiydiler.
২২এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।
23 Dan'ın oğlu: Huşim.
২৩দানৰ পুত্র হূচীম।
24 Naftali'nin oğulları: Yahseel, Guni, Yeser, Şillem.
২৪নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।
25 Bunlar Lavan'ın, kızı Rahel'e verdiği Bilha'nın Yakup'a doğurduğu çocuklardır. Toplam yedi kişiydiler.
২৫এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।
26 Oğullarının karıları dışında Yakup'un soyundan gelen ve onunla birlikte Mısır'a gidenler toplam altmış altı kişiydi. Bunların hepsi Yakup'tan olmuştu.
২৬পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।
27 Yusuf'un Mısır'da doğan iki oğluyla birlikte Mısır'a göçen Yakup ailesi toplam yetmiş kişiydi.
২৭মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।
28 Yakup Goşen yolunu göstermesi için Yahuda'yı önden Yusuf'a gönderdi. Onlar Goşen'e varınca,
২৮যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।
29 Yusuf arabasını hazırlayıp babası İsrail'i karşılamak üzere Goşen'e gitti. Babasını görür görmez boynuna sarılıp uzun uzun ağladı.
২৯যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।
30 İsrail Yusuf'a, “Yüzünü gördüm ya, artık ölsem de gam yemem” dedi, “Yaşıyorsun!”
৩০ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”
31 Yusuf kardeşleriyle babasının ev halkına şöyle dedi: “Gidip firavuna haber vereyim, ‘Kenan ülkesinde yaşayan kardeşlerimle babamın ev halkı yanıma geldi’ diyeyim.
৩১তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।
32 Çoban olduğunuzu, hayvancılık yaptığınızı, bu yüzden davarlarınızla sığırlarınızı ve her şeyinizi birlikte getirdiğinizi anlatayım.
৩২এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
33 Firavun sizi çağırıp da, ‘Ne iş yaparsınız?’ diye sorarsa,
৩৩তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’
34 ‘Atalarımız gibi biz de çocukluktan beri hayvancılık yapıyoruz’ dersiniz. Öyle deyin ki, sizi Goşen bölgesine yerleştirsin. Çünkü Mısırlılar çobanlardan iğrenir.”
৩৪তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”

< Yaratiliş 46 >