< Misir'Dan Çikiş 29 >

1 “Bana kâhinlik edebilmeleri için, Harun'la oğullarını kutsal kılmak üzere şunları yap: Bir boğa ile iki kusursuz koç al.
মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।
2 İnce buğday unundan mayasız ekmek, zeytinyağıyla yoğrulmuş mayasız pideler, üzerine yağ sürülmüş mayasız yufkalar yap.
খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
3 Bunları bir sepete koyup boğa ve iki koçla birlikte bana getir.
এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
4 Harun'la oğullarını Buluşma Çadırı'nın giriş bölümüne getirip yıka.
হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকৰ গা ধুৱাবা।
5 Giysileri al; mintanı, efodun altına giyilen kaftanı, efodu ve göğüslüğü Harun'a giydir. Efodun ustaca dokunmuş şeridini bağla.
তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
6 Başına sarığı sar, üzerine de kutsal tacı koy.
তেওঁৰ মুৰত পাগুৰি পিন্ধাই তাৰ ওপৰত পবিত্ৰ মুকুট লগাবা।
7 Sonra mesh yağını al, başına dökerek onu meshet.
তাৰ পাছত অভিষেক কৰা তেল ল’বা, আৰু তেওঁৰ মুৰত বাকি, তেওঁক অভিষেক কৰিবা।
8 Harun'un oğullarını öne çıkarıp onlara mintan giydir.
তুমি তেওঁৰ পুত্ৰসকলক আনিবা; আৰু কোট চোলা পিন্ধাবা।
9 Bellerine kuşak bağla, başlarına başlık koy. Kalıcı bir kural olarak kâhinlik onların işi olacak. Böylece Harun'la oğullarını atamış olacaksın.
হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
10 “Boğayı Buluşma Çadırı'nın önüne getir, Harun'la oğulları ellerini boğanın başına koysunlar.
১০তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।
11 Boğayı huzurumda, Buluşma Çadırı'nın giriş bölümünde keseceksin.
১১তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।
12 Kanını parmağınla sunağın boynuzlarına sür, artan kanı sunağın dibine dök.
১২তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
13 Hayvanın bağırsak ve işkembe yağlarını, karaciğer perdesini, böbreklerini ve böbrek yağlarını sunağın üzerinde yakacaksın.
১৩তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
14 Etini, derisini, gübresini de ordugahın dışında yak. Bu günah sunusudur.
১৪কিন্তু সেই দমৰা টোৰ মাংস আৰু তাৰ লগতে ছাল আৰু গোবৰ তম্বুৰ বাহিৰফালে জুইত পুৰি ভষ্ম কৰি দিবা; সেয়ে পাপাৰ্থক বলি হ’ব।
15 “Bir koç getir, Harun'la oğulları ellerini koçun başına koysunlar.
১৫তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
16 Koçu sen kes. Kanını sunağın her yanına dök.
১৬তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
17 Koçu parçalara ayırıp bağırsaklarını, işkembesini, ayaklarını yıka, başla öteki parçaların yanına koy.
১৭তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
18 Sonra koçun tümünü sunağın üzerinde yak. Bu RAB'be sunulan yakmalık sunu, RAB'bi hoşnut eden koku, O'nun için yakılan sunudur.
১৮তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
19 “Öteki koçu getir, Harun'la oğulları ellerini koçun başına koysunlar.
১৯তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
20 Koçu sen kes. Kanını Harun'la oğullarının sağ kulak memelerine, sağ el ve ayaklarının baş parmaklarına sür. Artan kanı sunağın her yanına dök.
২০তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
21 Sunağın üzerindeki kanı ve mesh yağını Harun'la oğullarının ve giysilerinin üzerine serp. Böylece Harun'la oğulları ve giysileri kutsal kılınmış olacak.
২১তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব।
22 “Koçun yağını, kuyruk yağını, bağırsak ve işkembe yağlarını, karaciğer perdesini, böbreklerini, böbrek yağlarını ve sağ budunu al. –Çünkü bu, biri göreve atanırken kesilen koçtur.–
২২তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
23 Huzurumdaki mayasız ekmek sepetinden bir somun, yağlı pide ve yufka al,
২৩তুমি যিহোৱাৰ সন্মুখত থকা খমীৰ নিদিয়া পিঠাৰ সেই পাচিটোৰ পৰা এটা পিঠা, তেল মিহলোৱা এটা পিঠা, আৰু খমীৰ নিদিয়া এটা পাতল পিঠা ল’বা।
24 hepsini Harun'la oğullarının eline ver. Bunları benim huzurumda sallamalık sunu olarak salla,
২৪হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত সেই সকলোকে দিবা। তেওঁলোকে যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিবৰ বাবে সেই পিঠাবোৰ ওপৰলৈ তুলি ধৰিব।
25 sonra ellerinden alıp sunakta yakmalık sunuyla birlikte beni hoşnut eden koku olarak yak. Bu, RAB için yakılan sunudur.
২৫তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
26 “Harun'un atanması için sunulacak koçun döşünü huzurumda sallamalık sunu olarak salla. O döş senin payın olacak.
২৬তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।
27 Harun'la oğullarının atanması için kesilen koçun sallanmış olan döşüyle bağış olarak sunulan budunu bana ayır.
২৭মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।
28 İsrailliler bunları sürekli Harun'la oğullarının payına ayıracak. Bu, İsrailliler'in RAB'be sunduğu esenlik kurbanlarından biridir.
২৮ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
29 “Harun'un kutsal giysileri, kendinden sonra oğullarına kalacak. Meshedilip atanırlarken bu giysileri giyecekler.
২৯পবিত্র বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ’বলৈ হাৰোণৰ পাছত তেওঁৰ পবিত্ৰ বস্ত্ৰ তেওঁৰ পুত্ৰসকলৰ বাবে হ’ব।
30 Harun'un yerine kâhin olan oğlu, Kutsal Yer'de hizmet etmek üzere Buluşma Çadırı'na girdiğinde yedi gün bu giysileri giyecek.
৩০তেওঁৰ পুত্ৰসকলৰ মাজৰ যি জনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেই জনেই সেই বস্ত্ৰ সাত দিন পিন্ধিব।
31 “Harun'la oğulları göreve atanırken kesilen koçun etini kutsal bir yerde haşlayacaksın. Haşlanan eti ve sepetteki ekmeği Buluşma Çadırı'nın giriş bölümünde yiyecekler.
৩১তুমি মোৰ উদ্দেশ্যে পুৰোহিতসকলক পবিত্রকৃত কৰিবলৈ, মেৰ-ছাগ পোৱালিটোৰ মাংস এক পবিত্ৰ স্থানত সিজাব লাগিব।
৩২সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগ মাংস আৰু পাচিত থকা পিঠা ভোজন কৰিব লাগিব।
33 Atanıp kutsal kılınmaları için günahları bağışlatan bu sunuları yalnız onlar yiyebilir. Yabancı biri yiyemez, çünkü bu sunular kutsaldır.
৩৩মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।
34 Atanmaları için kesilen kurbanın etinden ya da ekmekten sabaha artan olursa, yakacaksın. Bunlar yenmeyecek, çünkü kutsaldır.
৩৪সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা।
35 “Harun'la oğulları için sana buyurduklarımın hepsini yap. Atanmaları yedi gün sürecek.
৩৫মই তোমাক কৰিবলৈ দিয়া সকলো আজ্ঞা অনুসাৰে, হাৰোণ আৰু তেওঁৰ পুত্ৰসকললৈ কৰিবা। এনেকি তেওঁলোকক মোৰ বাবে পবিত্রকৃত কৰিবলৈ তুমি সাত দিন ল’বা।
36 Günah bağışlatmak için günah sunusu olarak her gün bir boğa sunacaksın. Sunağı arındırmak için günah sunusu sun, kutsal kılmak için de meshet.
৩৬তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদীক শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।
37 Yedi gün sunağı arındırarak kutsal kılacaksın. Böylece sunak çok kutsal olacak. Ona dokunan her şey de kutsal sayılacaktır.”
৩৭তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
38 “Düzenli olarak her gün sunağın üzerinde bir yaşında iki erkek kuzu sunacaksınız.
৩৮সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।
39 Kuzunun birini sabah, öbürünü akşamüstü sunun.
৩৯তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।
40 Kuzuyla birlikte dörtte bir hin sıkma zeytinyağıyla yoğrulmuş onda bir efa ince un ve dökmelik sunu olarak dörtte bir hin şarap sunacaksınız.
৪০প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।
41 Öbür kuzuyu akşamüstü, beni hoşnut eden koku, yakılan sunu olarak, sabahki gibi tahıl sunusu ve dökmelik sunuyla birlikte bana sunacaksınız.
৪১দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
42 “Bu yakmalık sunu Buluşma Çadırı'nın giriş bölümünde, RAB'bin huzurunda, kuşaklar boyu sürekli sunulacaktır. Musa'yla konuşmak için İsrail halkıyla orada buluşacağım.
৪২তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোমবলি হ’ব।
43 İsrailliler'le buluşurken çadır görkemimle kutsal kılınacak.
৪৩সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
44 “Buluşma Çadırı'nı ve sunağı kutsal kılacak, Harun'la oğullarını bana kâhinlik etmeleri için görevlendireceğim.
৪৪মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
45 İsrailliler arasında yaşayacak, onların Tanrısı olacağım.
৪৫মই ইস্ৰায়েলী লোকসকলৰ মাজত বাস কৰিম, আৰু তেওঁলোকৰ ঈশ্বৰ হম।
46 Anlayacaklar ki, aralarında yaşamak için onları Mısır'dan çıkaran Tanrıları RAB benim. Tanrıları RAB benim.”
৪৬তেতিয়া যিজন সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ মাজত বাস কৰিবলৈ তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱা যে মই, সেই কথা তেওঁলোকে জানিব। ময়েই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।

< Misir'Dan Çikiş 29 >