< 2 Samuel 19 >

1 Yoav'a, “Kral Davut Avşalom için ağlayıp yas tutuyor” diye bildirdiler.
যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”
2 O gün zafer ordu için yasa dönüştü. Çünkü kralın oğlu için acı çektiğini duymuşlardı.
সেই দিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে শোক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে, “ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে।”
3 Bu yüzden askerler, savaş kaçakları gibi, o gün kente utanarak girdiler.
যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল।
4 Kral ise yüzünü örtmüş, yüksek sesle, “Ah oğlum Avşalom! Avşalom, oğlum, oğlum!” diye bağırıyordu.
ৰজাই নিজ মুখ ঢাকি, বৰ মাতেৰে চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, “হায়, মোৰ পুত্ৰ অবচালোম! হায়, অবচালোম! হায়, মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
5 Yoav kralın bulunduğu odaya giderek ona şöyle dedi: “Bugün senin canını, oğullarının, kızlarının, eşlerinin, cariyelerinin canlarını kurtaran adamlarının hepsini utandırdın.
পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
6 Çünkü senden nefret edenleri seviyor, seni sevenlerden nefret ediyorsun: Bugün komutanlarının ve adamlarının senin gözünde değersiz olduğunu gösterdin. Evet, bugün anladım ki, Avşalom sağ kalıp hepimiz ölseydik senin için daha iyi olurdu!
কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে৷ কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়৷ কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন।
7 “Haydi kalk, gidip adamlarını yüreklendir! RAB'bin adıyla ant içerim ki, gitmezsen bu gece bir kişi bile seninle kalmayacak. Bu da, gençliğinden şimdiye dek başına gelen yıkımların tümünden daha kötü olacak.”
এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব৷ আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ’ব।”
8 Bunun üzerine kral gidip kentin kapısında oturdu. Bütün askerlere, “İşte kral kentin kapısında oturuyor” diye haber salındı. Onlar da kralın yanına geldiler. Bu arada İsrailliler evlerine kaçmışlardı.
তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ’ল বোলে, “চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে৷” তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল।
9 İsrail oymaklarından olan herkes birbiriyle tartışıyor ve, “Kral bizi düşmanlarımızın elinden kurtardı” diyordu, “Bizi Filistliler'in elinden kurtaran da odur. Şimdiyse Avşalom yüzünden ülkeyi bırakıp kaçtı.
ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক’লে, “ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল৷ পলেষ্টীয়াসকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল আৰু এতিয়া তেওঁ অবচালোমৰ ভয়ত দেশৰ পৰা পলাই গ’ল।
10 Bizi yönetmesi için meshettiğimiz Avşalom'sa savaşta öldü. Öyleyse neden kralı geri getirme konusunda susup duruyorsunuz?”
১০আৰু অবচালোম, আমি যিজনক আমাৰ ওপৰত ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ’ল। গতিকে, এতিয়া তোমালোকে কিয় ৰজাক ওভোটাই অনাৰ বিষয়ে একো নোকোৱা?”
11 Kral Davut Kâhin Sadok'la Kâhin Aviyatar'a şu haberi gönderdi: “Yahuda'nın ileri gelenlerine deyin ki, ‘Bütün İsrail'de konuşulanlar kralın konutuna dek ulaştığına göre, kralı sarayına geri getirmekte siz neden sonuncu oluyorsunuz?
১১পাছত দায়ুদ ৰজাই চাদোক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, “তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, ‘ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ’ল?
12 Siz kardeşlerimsiniz; etim, kemiğimsiniz! Kralı geri getirmekte neden en son siz davranıyorsunuz?’
১২তোমালোকেই মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ৷ তেন্তে তোমালোকে ৰজাক ওভোটাই নিবলৈ কিয় সকলোতকৈ পিচ পৰিছাহঁক?’
13 “Amasa'ya da şöyle deyin: ‘Sen etim, kemiğimsin! Seni Yoav'ın yerine ordunun sürekli komutanı atamazsam, Tanrı bana aynısını, hatta daha kötüsünü yapsın!’”
১৩আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
14 Böylece Davut bütün Yahudalılar'ı derinden etkiledi. Yahudalılar krala, “Bütün adamlarınla birlikte dön!” diye haber gönderdiler.
১৪আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ’ল৷ তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, “আপুনি আৰু আপোনাৰ দাসবোৰ পুনৰায় উভটি আহক।”
15 Kral dönüp Şeria Irmağı'na vardı. Yahudalılar kralı karşılamak ve Şeria Irmağı'ndan geçirmek için Gilgal'a geldiler.
১৫তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিলগললৈ আহিল।
16 Bahurim'den Benyaminli Gera oğlu Şimi de Kral Davut'u karşılamak için Yahudalılar'la birlikte çıkageldi.
১৬তেতিয়া দায়ুদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ’ল।
17 Yanında Benyamin oymağından bin kişi vardı. Saul evinin hizmetkârı Siva da on beş oğlu ve yirmi kölesiyle birlikte hemen Şeria Irmağı'na, kralın yanına geldi.
১৭আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল৷ তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল।
18 Kralın ev halkını karşıya geçirmek ve onun istediğini yapmak için ırmağın sığ yerinden karşı yakaya geçtiler. Kral Şeria Irmağı'nı geçmek üzereydi ki, Gera oğlu Şimi kendini onun önüne attı.
১৮তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেৰাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে৷
19 Krala, “Efendim, beni suçlu sayma” dedi, “Ey efendim kral, Yeruşalim'den çıktığın gün işlediğim suçu anımsama, göz önünde tutma.
১৯আৰু চিমিয়ীই ৰজাক ক’লে, “মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব।
20 Çünkü kulun günah işlediğini biliyor. Efendim kralı karşılamak için bugün bütün Yusuf soyundan ilk gelen benim.”
২০কিয়নো মই যে পাপ কৰিলোঁ, তাক আপোনাৰ এই দাসে জানে৷ চাওঁক, এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগ বঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজি নামি আহিছোঁ।”
21 Seruya oğlu Avişay, “Şimi öldürülmeli, çünkü RAB'bin meshettiği kişiye lanet okudu” dedi.
২১কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
22 Davut, “Ey Seruya oğulları, bu sizin işiniz değil!” dedi, “Bugün bana düşman oldunuz. İsrail'de bugün bir tek kişi öldürülmeyecek! İsrail'in Kralı olduğumu bilmiyor muyum?”
২২তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
23 Sonra ant içerek Şimi'ye, “Ölmeyeceksin!” dedi.
২৩পাছত ৰজাই চিমিয়ীক ক’লে, “তোমাৰ প্ৰাণদণ্ড নহ’ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।
24 Saul'un torunu Mefiboşet de kralı karşılamaya gitti. Kralın gittiği günden esenlikle geri döndüğü güne dek ayaklarını da, giysilerini de yıkamamış, bıyığını kesmemişti.
২৪তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
25 Kralı karşılamak için Yeruşalim'den geldiğinde, kral, “Mefiboşet, neden benimle gelmedin?” diye sordu.
২৫তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক’লে, “হে মফিবোচৎ, তুমি মোৰ লগত কিয় নগ’লা?”
26 Mefiboşet şöyle yanıtladı: “Ey efendim kral! Kulun topal olduğundan, kulum Siva'ya, ‘Eşeğe palan vur da binip kralla birlikte gideyim’ dedim. Ama o beni kandırdı.
২৬তাতে তেওঁ উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, ‘মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।’
27 Ayrıca efendim kralın önünde kuluna kara çaldı. Ama sen, ey efendim kral, Tanrı'nın bir meleği gibisin; gözünde doğru olanı yap.
২৭মোৰ দাস চীবায়ে, মোৰ প্ৰভু মহাৰাজৰ আগত, আপোনাৰ এই দাসৰ বদনাম কৰিলে৷ কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য৷ এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি তাকে কৰক।
28 Çünkü atamın ailesinin bütün bireyleri ölümü hak etmişken, kuluna sofrandakilerle birlikte yemek yeme ayrıcalığını tanıdın. Artık senden daha başka bir şey dilemeye ne hakkım var, ey kral?”
২৮কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”
29 Kral, “İşlerin hakkında daha fazla konuşmana gerek yok” dedi, “Sen ve Siva toprakları paylaşın diye buyruk veriyorum.”
২৯তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা? মই সিদ্ধান্ত ল’লো যে, তুমি আৰু চীবা, দুয়োয়ে সেই মাটি ভাগ বাঁটি লোৱা।”
30 Mefiboşet, “Madem efendim kral sarayına esenlikle döndü, bütün toprakları Siva alsın” diye karşılık verdi.
৩০তেতিয়া মফিবোচতে ৰজাক ক’লে, “হয়, তেওঁ সকলোকে লওঁক; কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল।”
31 Gilatlı Barzillay da Şeria Irmağı'nı geçişte krala eşlik edip onu uğurlamak üzere Rogelim'den gelmişti.
৩১পাছে গিলিয়দীয়া বৰ্জ্জিলয়ে ৰোগেলীমৰ পৰা আহি, যৰ্দ্দনৰ সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত যৰ্দ্দন পাৰ হ’ল।
32 Barzillay çok yaşlıydı, seksen yaşındaydı. Kral Mahanayim'de kaldığı sürece, geçimini o sağlamıştı. Çünkü Barzillay çok varlıklıydı.
৩২সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।
33 Kral Barzillay'a, “Benimle karşıya geç, Yeruşalim'de ben senin geçimini sağlayacağım” dedi.
৩৩পাছে ৰজাই বৰ্জ্জিলয়ক ক’লে, “তুমি মোৰ লগত পাৰ হৈ আহা, মই তোমাক যিৰূচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্হা কৰি দিম।”
34 Ama Barzillay, “Kaç yıl ömrüm kaldı ki, seninle birlikte Yeruşalim'e gideyim?” diye karşılık verdi,
৩৪কিন্তু বৰ্জ্জিলয়ে ৰজাক ক’লে, “মোৰ আয়ুসৰ নো আৰু কিমান দিন আছে, যে, মই মহাৰাজৰ লগত যিৰূচালেমলৈ উঠি যাম?
35 “Şu anda seksen yaşındayım. İyi ile kötüyü ayırt edebilir miyim? Yediğimin, içtiğimin tadını alabilir miyim? Kadın erkek şarkıcıların sesini duyabilir miyim? Öyleyse neden efendim krala daha fazla yük olayım?
৩৫এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?
36 Kulun Şeria Irmağı'nı kralla birlikte geçerek sana birazcık eşlik edecek. Kral beni neden böyle ödüllendirsin?
৩৬আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?
37 İzin ver de döneyim, kentimde, annemin babamın mezarı yanında öleyim. Ama kulun Kimham burada; o seninle karşıya geçsin. Uygun gördüğünü ona yaparsın.”
৩৭কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”
38 Kral, “Kimham benimle karşıya geçecek ve ona senin uygun gördüğünü yapacağım” dedi, “Benden ne dilersen yapacağım.”
৩৮ৰজাই উত্তৰ দি ক’লে, “কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।”
39 Bundan sonra kralla bütün halk Şeria Irmağı'nı geçti. Kral Barzillay'ı öpüp kutsadı. Sonra Barzillay evine döndü.
৩৯পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ’ল আৰু ৰজায়ো পাৰ হ’ল; পাছত ৰজাই বৰ্জ্জিলয়ক চুমা খাই বিদায় দিলে৷ তেওঁ নিজ ঠাইলৈ উভটি গ’ল।
40 Kral Gilgal'a geçti. Kimham da onunla birlikte gitti. Bütün Yahudalılar'la İsrailliler'in yarısı krala eşlik ettiler.
৪০এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ’ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ’ল৷ যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে।
41 Sonra İsrailliler krala varıp şöyle dediler: “Neden kardeşlerimiz Yahudalılar seni çaldı? Neden seni, aile bireylerini ve bütün adamlarını Şeria Irmağı'nın karşı yakasına geçirdiler?”
৪১পাছে চোৱা, ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক’লে, “আমাৰ ভাই যিহূদাৰ লোকসকলে আপোনাক চুৰ কৰি, মহাৰাজক, আপোনাৰ পৰিয়ালক, আৰু দায়ূদৰ লগত তেওঁৰ সকলো লোকক, কিয় যৰ্দ্দন পাৰ কৰি আনিলে?”
42 Bunun üzerine Yahudalılar İsrailliler'e, “Çünkü kral bizden biri!” dediler, “Buna neden kızdınız? Kralın yiyeceklerinden bir şey yedik mi? Kendimize bir şey aldık mı?”
৪২তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক’লে, “কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া৷ তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?”
43 İsrailliler, “Kralda on payımız var” diye yanıtladılar, “Davut'ta sizden daha çok hakkımız var. Öyleyse neden bizi küçümsüyorsunuz? Kralımızı geri getirmekten ilk söz eden biz değil miydik?” Ne var ki, Yahudalılar'ın tepkisi İsrailliler'inkinden daha sert oldu.
৪৩পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক’লে, “ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ ফৈদ আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে৷ এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?” এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।

< 2 Samuel 19 >