< Mathayo 20 >

1 “Ufalme wa mbinguni unafanana na mtu mwenye shamba la mizabibu, ambaye alitoka asubuhi na mapema kuwaajiri wafanyakazi katika shamba lake.
“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
2 Akapatana nao kuwalipa dinari moja kwa siku, kisha akawapeleka katika shamba lake la mizabibu.
তেওঁ এক একদীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
3 Akatoka mnamo saa tatu asubuhi, akaona watu wengine wamesimama sokoni, hawana kazi.
প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
4 Akawaambia, Nendeni nanyi mkafanye kazi katika shamba la mizabibu, nami nitawapeni haki yenu.
‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
5 Basi, wakaenda. Huyo mwenye shamba akatoka tena mnamo saa sita na saa tisa, akafanya vivyo hivyo.
আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
6 Hata mnamo saa kumi na moja jioni, akatoka tena; akakuta watu wengine wamesimama pale sokoni. Basi, akawauliza, Mbona mmesimama hapa mchana kutwa bila kazi?
পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
7 Wakamjibu: Kwa sababu hakuna mtu aliyetuajiri. Yeye akawaambia, Nendeni nanyi mkafanye kazi katika shamba la mizabibu.
সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
8 “Kulipokuchwa, huyo mwenye shamba alimwambia mtunza hazina wake, Waite wafanyakazi ukawalipe mshahara wao, ukianzia na wale walioajiriwa mwisho, na kumalizia na wale wa kwanza.
পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
9 Basi, wakaja wale walioajiriwa mnamo saa kumi na moja, wakapokea kila mmoja dinari moja.
পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈপালে।
10 Wale wa kwanza walipofika, walikuwa wanadhani watapewa zaidi; lakini hata wao wakapewa kila mmoja dinari moja.
১০তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক একদীনাৰহে পালে।
11 Wakazipokea fedha zao, wakaanza kumnung'unikia yule bwana.
১১সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
12 Wakasema, Watu hawa walioajiriwa mwisho walifanya kazi kwa muda wa saa moja tu, mbona umetutendea sawa na wao hali sisi tumevumilia kazi ngumu kutwa na jua kali?
১২“আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
13 “Hapo yule bwana akamjibu mmoja wao, Rafiki, sikukupunja kitu! Je, hukupatana nami mshahara wa denari moja?
১৩তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
14 Chukua haki yako, uende zako. Napenda kumpa huyu wa mwisho sawa na wewe.
১৪তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
15 Je, sina haki ya kufanya na mali yangu nipendavyo? Je, unaona kijicho kwa kuwa mimi ni mwema?”
১৫যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
16 Yesu akamaliza kwa kusema, “Hivyo, walio wa mwisho watakuwa wa kwanza na wa kwanza watakuwa wa mwisho.”
১৬এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
17 Yesu alipokuwa anakwenda Yerusalemu, aliwachukua wale wanafunzi kumi na wawili faraghani, na njiani akawaambia,
১৭তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
18 “Sikilizeni! Tunakwenda Yerusalemu, na huko Mwana wa Mtu atakabidhiwa kwa makuhani wakuu na walimu wa Sheria, nao watamhukumu auawe.
১৮“চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
19 Watamkabidhi kwa watu wa mataifa mengine ili adhihakiwe, apigwe viboko na kusulubiwa; lakini siku ya tatu atafufuliwa.”
১৯তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”
20 Hapo mama yao wana wa Zebedayo alimjia Yesu pamoja na wanawe, akapiga magoti mbele yake na kumwomba kitu.
২০তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
21 Yesu akamwuliza, “Unataka nini?” Huyo mama akamwambia, “Ahidi kwamba katika Ufalme wako, hawa wanangu wawili watakaa mmoja upande wako wa kulia na mwingine upande wako wa kushoto.”
২১তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
22 Yesu akajibu, “Hamjui mnaomba nini. Je, mnaweza kunywa kikombe nitakachokunywa mimi?” Wakamjibu, “Tunaweza.”
২২যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।
23 Yesu akawaambia, “Kweli mtakunywa kikombe changu, lakini kuketi kulia au kushoto kwangu si kazi yangu kupanga; jambo hilo watapewa wale waliowekewa tayari na Baba yangu.”
২৩তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
24 Wale wanafunzi wengine kumi waliposikia hayo, wakawakasirikia hao ndugu wawili.
২৪এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
25 Hivyo Yesu akawaita, akawaambia, “Mnajua kwamba watawala wa mataifa hutawala watu wao kwa mabavu na wakuu hao huwamiliki watu wao.
২৫তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
26 Lakini kwenu isiwe hivyo, ila yeyote anayetaka kuwa mkuu kati yenu sharti awe mtumishi wa wote;
২৬তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷
27 na anayetaka kuwa wa kwanza kati yenu sharti awe mtumishi wenu.
২৭যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
28 Jinsi hiyohiyo, Mwana wa Mtu hakuja kutumikiwa, bali kutumikia na kutoa maisha yake kuwa fidia ya watu wengi.”
২৮মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
29 Yesu alipokuwa anaondoka mjini Yeriko, umati wa watu ulimfuata.
২৯পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
30 Basi, kulikuwa na vipofu wawili wameketi kando ya njia, na waliposikia kwamba Yesu alikuwa anapitia hapo, walipaaza sauti: “Mheshimiwa, Mwana wa Daudi, utuhurumie!”
৩০তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”।
31 Ule umati wa watu ukawakemea na kuwaambia wanyamaze. Lakini wao wakazidi kupaaza sauti: “Mheshimiwa, Mwana wa Daudi, utuhurumie!”
৩১কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।
32 Yesu akasimama, akawaita na kuwauliza, “Mnataka niwafanyie nini?”
৩২তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
33 Wakamjibu, “Mheshimiwa, tunaomba macho yetu yafumbuliwe.”
৩৩সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
34 Basi, Yesu akawaonea huruma, akawagusa macho yao, na papo hapo wakaweza kuona, wakamfuata.
৩৪তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।

< Mathayo 20 >