< Ezekieli 39 >

1 “Kisha wewe, mwanadamu, tabiri dhidi ya Gogu na sema, 'Bwana Yahwe asema hivi: Tazama! ni kinyume nawe, Gogu, mkuu wa Mesheki na Tubali.
“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
2 Nitakugeuza na kukuongoza; nitakupandisha juu kutoka mbali kaskazini na kukuleta hata milima ya Israeli.
আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।
3 Kisha nitaufunga upinde wako utoke katika mkono wako wa kushoto na kuifanya mishale kuanguka kutoka kwenye mkono wako wa kuume.
আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।
4 Utaanguka juu ya milima ya Israeli-wewe na jeshi lako late na maaskari walio pamoja nawe. Nitawapatia ndege mbua na wanyama pori wa mashambani kwa ajili ya chakula.
তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।
5 Utaanguka juu ya uso wa shamba, kwa kuwa mimi mwenyewe nimesema hivyo-hivi ndivyo Bwana Yahwe asemavyo.
প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
6 Kisha nitapeleka moto juu ya Magogu na kwa wale waishio salama juu ya pwani, na watajua yakwamba mimi ni Yahwe.
‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।
7 Kwa kuwa nitalifanya jina langu takatifu lijulikane kati ya watu wangu Israeli, na sitaruhusu tena jina langu takatifu litukanwe; mataifa watajua kwamba mimi ni Yahwe, Mtakatifu katika Israeli.
আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
8 Tazama! Siku inakuja, na itachukua nafasi-hivi ndivyo Bwana Yahwe asemavyo.
প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে।
9 Hao wakaao katika miji ya Israeli watatoka nje na watatumia silaha kuwasha moto na kutengeneza moto na kuwachoma-ngao ndogo, ngao kubwa, pinde, mishale, rungu, na mikuki; watatengeneza mioto pamoja nao kwa muda wa siku saba.
সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।
10 Hawatakusanya kuni kutoka mashambani wala kukata miti kutoka kwenye misitu, kwa kuwa watazichoma hizo silaha; watawateka nyara wale watakaotaka kuwateka nyara-hivi ndivyo Bwana Yahwe asemavyo.”
১০তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।
11 Kisha itakuwa katika hiyo siku ambayo nitaifanya sehemu huko kwa ajili ya Gogu-kaburi la Israeli, bonde kwa ajili ya wale wanaosafiri hata mashariki ya bahari. Litawazuia wale wanaotegemea kupita. Huko watamzika Gogu pamoja na kundi lake lote. Watapaita bonde la Hamon-Gogu.
১১তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।
12 Kwa muda wa siku saba nyumba ya Israeli itawazika ili kuitakasa nchi.
১২আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব।
13 Kwa kuwa watu wa nchi watawazika; itakuwa siku ya kukumbukwa kwao wakati nitakapotukuzwa-hivi ndivyo Bwana Yahwe asemavyo.
১৩এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব।
14 Kisha watawateua watu kuendelea kwenda kwenye nchi, kuwatafuta wale waliokuwa wakisafiri, lakini waliokufa na miili yao kubaki juu ya uso wa nchi, ili kwamba waweze kuwazika, kwa ajili ya kusafisha nchi. Katika siku ya mwisho ya mwezi wa saba wataanza kutafuta.
১৪তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব।
15 Kama hawa watu wapitao kwenye nchi, watakapoona mfupa wowote wa binadamu, wataweka alama kwa huo, hadi wachimba kaburi watakapokuja na kuizika katika bonde la Hamoni Gogu.
১৫আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।
16 Kutakuwa na mji huko unaitwa Hamona. Wataitakasa nchi kwa njia hii.
১৬আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।
17 Kwako wewe, mwanadamu, Bwana Yahwe asema hivi: Waambie ndege wote wenye mabawa na wanyama wote wa porini katika mashamba, 'Kusanyikeni pamoja na mje. Kusanyikeni kutoka pande zote kwenda kwenye dhabihu yote ambayo mimi mwenyewe ninayoifanya kwa ajili yako, dhabihu kubwa juu ya milima ya Israeli, ili kwamba mle nyama na kunywa damu.
১৭আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা।
18 Mtakula nyama ya walio hodari na kunywa damu ya wakuu wa dunia; watakuwa kondoo waume, wana kondoo, mbuzi, na ng'ombe, wote walikuwa wanene katika Basheni.
১৮তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।
19 Kisha mtakula mafuta hata kuridhika kwenu; mtakunywa damu hadi kulewa; hii itakuwa dhabihu nitakayoichinja kwa ajili yenu.
১৯তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
20 Mtatosheka kwenye meza yangu pamoja na farasi, magari ya farasi, shujaa, na kila mtu wa vita-hivi ndivyo Bwana Yahwe asemavyo.'
২০আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”
21 Nitauweka utukufu wangu kati ya mataifa, na mataifa yote yataona hukumu yangu ninayoionyesha na mkono wangu nimeuweka juu yao.
২১তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।
22 Nyumba ya Israeli itajua yakwamba mimi ni Yahwe Mungu wao kutoka hiyo siku na kuendelea.
২২ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
23 Mataifa yatajua kwamba nyumba ya Israeli wameenda uhamishoni kwa sababu ya udhalimu wao kwa kunisaliti, hivyo naficha uso wangu kwao na kuwaweka kwenye mkono wa maadui zao ili kwamba wote waanguke kwa upanga.
২৩আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
24 Nimewafanyia kutokana na uchafu wao na dhambi zao, nitakapokuwa nimeuficha uso wangu kwao.
২৪তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
25 Kwa hiyo Bwana Yahwe asema hivi: Sasa nitawarudisha watu wa Yakobo, na kuwa na huruma juu ya nyumba yote ya Israeli, wakati nitakapoona wivu kwa ajili ya jina langu.
২৫কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
26 Kisha watabeba aibu yao na uhaini mkubwa walio nihaini. Watayasahau haya yote watakapopumzika katika nchi yao katika usalama, wala hakuna mtu atakaye waogofya.
২৬আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
27 Wakati nitakapokuwa nimewarudisha kutoka kwa watu na kuwakusanya kutoka kwenye nchi za maadui zao, nitajionyesha mimi mwenyewe kuwa mtakatifu kwenye uso wa mataifa mengi.
২৭যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।
28 Kisha watajua kwamba mimi ni Yahwe Mungu wao, kwa kuwa nimewapeleka utumwani kati ya mataifa, lakini kisha nitawakusanya kuwarudisha hata nchi yao. Sitamuacha hata mmoja wao kati ya mataifa.
২৮আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
29 Sitawaficha uso wangu kwao wakati nitakapomwaga Roho wangu katika nyumba ya Israeli-hivi ndivyo Bwana Yahwe asemavyo.”
২৯আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”

< Ezekieli 39 >