< Kutoka 14 >

1 Yahweh akasema na Musa na kumwambia,
তাৰ পাছত যিহোৱাই মোচিক ক’লে:
2 “Waambie Waisraeli wageuke na kueka kambi mbele ya Pi Hahirothi, katikati ya Migdoli na bahari, mbele ya Baali Zefoni. Wapaswa kueka kambi pembenni ya Pi Hahirothi.
“ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
3 Farao atasema kuhusu Waisraeli, 'Wanaangaika kwenye nchi. Nyikani imewafunika.'
ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’
4 Nitaufanya moyo wa Farao mgumu, na yeye ata wakimbiza. Nitapata utukufu kwasababu ya Farao na jeshi lake lote. Wamisri watajua mimi ni Yahweh.” Kisha Waisraeli wakaeka kambi kama walivyo elekezwa.
মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
5 Mfalme wa Misri alipo ambiwa Waisraeli wametoroka, nia ya Farao na watumishi wake ikageuka dhidi ya watu. Wakasema, “Tumefanya nini kwa kuwaacha Waisraeli waende huru na wasitutumikie?”
ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”
6 Kisha Farao akachukuwa magari yake ya farasi na jeshi lake.
তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে।
7 Alichukuwa magari ya farasi mia sita imara na magari yote ya farasi ya Misri, pamoja na maafisa wa hayo magari.
তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।
8 Yahweh akafanya mgumu moyo wa Farao, mfalme wa Misri, na mfalme akawafukuzia Waisraeli. Sasa Waisraeli waliondoka kwa shangwe.
যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
9 Lakini Wamisri wali wafukuzia, pamoja na farasi na magari ya farasi, wapanda farasi, na jeshi lake. Walikuta Waisraeli wameeka kambi pembezoni mwa bahari kati ya Pi Hahirothi na Baali Zefoni.
কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে।
10 Farao alipo karibia, Waisraeli walitaza juu na kushangaa. Wamisri walikuwa wakija kwao, na waliogopa. Waisraeli walimlilia Yahweh.
১০ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
11 Walimwambia Musa, “Ni kwasababu hakukuwa na makaburi Misri, hadi umetuleta tufe huku nyikani? Kwanini umetutendea hivi, kwa kututoa Misri?
১১তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?
12 Hili si ndilo tulilo kwambia Misri? Tulikwambia, 'Utuache, ili tuwafanyie Wamisri kazi.' Ingekuwa bora kwetu sisi kuwafanyia kazi kuliko kufa nyikani.”
১২আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”
13 Musa akawaambia watu, “Msiogope. Simameni imara na muone wokovu Yahweh atakao uleta kwenu leo. Kwa maana hamtawaona tena Wamisri mnao waona leo.
১৩মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা।
14 Yahweh ata wapigania, na ninyi mtasima imara.”
১৪যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”
15 Kisha Yahweh akamwambia Musa, “Kwanini wewe, Musa, unaendelea kuniita mimi? Waambie Waisraeli waendelee mbele.
১৫তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা।
16 Nyanyua gongo lako juu, nyoosha mkono wako kuelekea baharini na uigawanye sehemu mbili, ili watu wa Israeli wapite baharini kwenye nchi kavu.
১৬তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
17 Jitahadharishe kuwa nitafanya mioyo ya Wamisri kuwa migumu ili wawafuate. Nitapata utukufu kwasababu ya Farao na jeshi lake lote, magari yake ya farasi, na wapanda farasi.
১৭চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
18 Kisha Wamisri watajua kuwa mimi ni Yahweh nitakapo pata utukufu kwasababu ya Farao, magari yake ya farasi, na wapanda farasi wake.”
১৮তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
19 Malaika wa Mungu, aliyeenda mbele ya Waisraeli, aliama na kwenda nyuma yao. Nguzo ya wingu ili sogea mbele yao na kwenda kusimama nyumba yao.
১৯ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।
20 Wingu lilikuja katikati ya kambi ya Misri na kambi ya Israeli. Lilikuwa wingu jeusi kwa Wamisri, lakini liliangaza usiku kwa ajili ya Waisraeli, hivyo upande mmoja haukuweza kuja karibu ya mwingine usiku wote.
২০মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
21 Musa akanyoosha mkono wake kuelekea bahari. Yahweh akasogeza bahari nyuma kwa upepo mkali wa mashariki usiku huo wote na kufanya bahari nchi kavu. Kwa namna hii maji yaligawanyika.
২১মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
22 Waisraeli walienda katikati ya bahari kwa nchi kavu. Maji yaliunda ukuta mkono wao wa kulia na mkono wao wa kushoto.
২২তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
23 Wamisri waka wafukuzia. Wali wafuata hadi katikati ya bahari - farasi wote wa Farao, magari ya farasi, na wapanda farasi.
২৩মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
24 Lakini masaa ya mapema ya asubui, Yahweh alitazama chini jeshi la Wamisri kupitia nguzo ya moto na wingu. Alisababisha hofu miongoni mwa Wamisri.
২৪কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
25 Magari yao ya farasi yalikuwa yana kwama matairi, na wapanda farasi waliendesha kwa ugumu. Hivyo Wamisri walisema, “Acha tuwakimbie Waisraeli, kwa kuwa Yahweh anawapigania dhidi yetu.”
২৫যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
26 Yahweh akamwambia Musa, “Nyoosha mkono kuelekea bahari ili maji yawarudie Wamisri, magari yao ya farasi, na wapanda farasi wao.”
২৬তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।”
27 Hivyo Musa akanyoosha mkono wake kuelekea bahari, na ikarudi kwenye hali yake ya kawaida palipo pambazuka. Wamisri walikimbilia ndani ya bahari, na Yahweh akawaingiza Wamisri katikati ndani yake.
২৭সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে।
28 Maji yakarudi na kufunika magari ya farasi ya Farao, wapanda farasi, na jeshi lake lote lililo fuata magari ya farasi kwenye bahari. Hakuna aliyepona.
২৮জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
29 Walakini, Waisraeli walitembea kwenye nchi kavu katikati ya bahari. Maji yalikuwa ukuta kwao mkono wa kulia na mkono wa kushoto.
২৯ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
30 Hivyo Yahweh akaokoa Israeli hiyo siku kutoka mkono wa Wamisri, na Israeli ikaona maiti za Wamisri ufukweni.
৩০এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
31 Israeli ilipoona nguvu kubwa Yahweh aliyo itumia dhidi ya Wamisri, watu walimsifu Yahweh, na kumwamini Yahweh na mtumishi wake Musa.
৩১ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে, আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।

< Kutoka 14 >