< Torati 29 >

1 Haya ni maneno ambayo Yahwe alimuamuru Musa kuwaambia watu wa Israeli katika nchi ya Moabu, maneno ambayo yaliongezwa katika agano alilolifanya pamoja nao kule Horebu.
যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
2 Musa aliwaita Waisraeli wote na kuwaambia, “Mmeona kila kitu ambacho Yahwe alifanya mbele ya macho yenu katika nchi ya Misri kwa Farao, kwa watumishi wake wote, na kwa nchi yake yote –
মোচিয়ে সকলো ইস্ৰায়েলীয়া লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে;
3 mateso makubwa ambayo macho yenu yaliona, ishara, pamoja na ile miujiza mikubwa.
তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
4 Lakini mpaka leo Yahwe hajawapatia moyo wa kufahamu, macho ya kuona, au masikio ya kusikia.
কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
5 Nimewaongoza kwa miaka arobaini jangwani; mavazi yenu hayakuchakaa juu yenu, na ndala zenu hazikuchakaa miguuni mwenu.
যিহোৱাই চল্লিশ বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট নাছিল।
6 Hamkula mkate wowote, na wala hamkunywa divai yoyote au kinywaji chochote chenye ulevi, ili kwamba muweze kujua kuwa mimi ni Yahwe Mungu wenu.
আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
7 Mlipokuja mahali hapa, Sihoni, mfalme wa Heshboni, na Ogu, mfalme wa Bashani, walikuja dhidi yetu kutupiga, na tukawapiga.
আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
8 Tulichukua ardhi yao na kuwapa kama urithi Wareubeni, kwa Wagadi, na kwa nusu ya kabila ya Manase.
আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
9 Kwa hiyo shikilia maneno ya agano hili na kuyatenda, ili ufanikiwe katika kila kitu ufanyacho.
গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
10 Nyie wote, mnasimama leo, mbele ya Yahwe Mungu wenu; machifu wenu, makabila yenu, wazee wenu, na maafisa wenu – wanaume wote wa Israeli,
১০আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
11 watoto wenu, wake zenu, na wageni ambao wamo miongoni wa kambi yenu, kutoka kwa yule anayekata mbao zenu mpaka kwa yule atekaye maji.
১১আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
12 Mpo hapa ili kwamba muingie katika agano la Yahwe Mungu wenu na katika kiapo ambacho Yahwe Mungu wako anafanya na wewe leo,
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
13 ili kwamba awafanye leo kuwa watu wake, na kwamba aweze kuwa Mungu kwa ajili yako, kama alivyonena kwako, na kama alivyoapa kwa mababu zako, kwa Abrahamu, kwa Isaka na kwa Yakobo.
১৩যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই আপোনালোকক নিজৰ লোক কৰি ল’ব পাৰে।
14 Kwa maana ninafanya agano hili na kiapo hiki sio na wewe tu –
১৪কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই।
15 pamoja kila mtu aliyesimama hapa pamoja nasi leo mbele ya Yahwe Mungu wetu – bali na wale ambao hawapo pamoja nasi leo pia.
১৫আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰপুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
16 Unajua jinsi tulivyoishi katika nchi ya Misri, na jinsi tulivyopenya miongoni mwa mataifa ambao uliwapita.
১৬আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
17 Mmeona sanamu zao zinazokera zilizotengenezwa kwa mbao na mawe, fedha na dhahabu, ambazo zilikuwa miongoni mwenu.
১৭আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।
18 Hakikisha hakuna kati yenu mwanamume, mwanamke, ukoo, au kabila ambaye moyo wake unamuacha Yahwe Mungu wetu leo, ili kwenda na kuabudu miungu ya mataifa hayo. Hakikisha hakuna kati yenu mzizi utakaozaa nyongo na pakanga.
১৮সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
19 Wakati mtu huyo anaposikia maneno ya laana hii, atajifariji moyoni mwake na kusema, “Nitakuwa na amani, ingawa natembea katika ukaidi wa moyo wangu”. Hii itaangamiza ubichi pamoja na ukavu.
১৯এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
20 Yahwe hatamsamehe, lakini badala yake, hasira ya Yahwe na wivu wake utambanika mtu huyo, na laana zote zilizoandikwa katika kitabu hiki vitakuwa juu yake, na Yahwe ataliondoa jina lake kutoka mbinguni.
২০যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
21 Yahwe atamuweka kando kwa ajili ya maafa kutoka katika makabila yote ya Israeli, kwa kuzingatia laana zote za agano ambazo zimeandikwa katika kitabu hiki cha sheria.
২১যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
22 Kizazi kifuatacho, watoto wako watakaoinuka baada yako, na mgeni atakayekuja kutoka nchi ya mbali, watazungumza watakapoona mapigo juu ya nchi hii na magonjwa ambayo Yahwe ameyafanya yawe –
২২এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
23 na watakapoona kuwa nchi yote imekuwa salfa na chumvi ichomayo, ambapo hakuna kitu kipandwacho au kuzaa matunda, ambapo hapaoti mmea wowote, kama anguko la Sodoma na Gomora, Adma na Seboimu, ambayo Yahwe aliangamiza katika ghadhabu na hasira yake –
২৩তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
24 watasema kwa pamoja na mataifa mengine, “Kwa nini Yahwe amefanya hili katika nchi hii? Joto ya hasira hii kali inamaanisha nini?”
২৪তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
25 Kisha watu watasema, “Ni kwa sababu walitelekeza agano la Yahwe, Mungu wa mababu zao, alilofanya nao alipowatoa kutoka Misri,
২৫তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
26 na kwa sababu waliondoka na kutumikia miungu mingine na kuzisujudu, miungu ambayo hawakujiua na ambayo hakuwapatia.
২৬তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
27 Kwa hiyo hasira ya Yahwe imewaka dhidi ya nchi hii, ili kuleta juu yake laana zote zilizoandikwa katika kitabu hiki.
২৭এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
28 Yahwe amewang’oa kutoka nchini kwao kwa hasira, kwa ghadhanu, na kwa ghadhabu kali, na kuwatupa katika nchi nyingine, leo.
২৮অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
29 Mambo ya siri ni ya Yahwe Mungu wetu pekee; lakini mambo yaliyofichuliwa ni ya kwetu milele pamoja na wazawa wetu, ili tufanye maneno yote ya sheria hii.
২৯কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।

< Torati 29 >