< Ayubu 21 >

1 Ndipo Ayubu akajibu:
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2 “Yasikilizeni maneno yangu kwa makini; hii na iwe faraja mnayonipa mimi.
তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
3 Nivumilieni ninapozungumza, nami nikishazungumza, endeleeni kunidhihaki.
অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
4 “Je, kwani malalamiko yangu yanaelekezwa kwa mwanadamu? Kwa nini nisikose subira?
মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
5 Niangalieni mkastaajabu; mkaweke mkono juu ya vinywa vyenu.
তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
6 Ninapowaza juu ya hili, ninaogopa, nao mwili wangu unatetemeka.
যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
7 Kwa nini waovu wanaendelea kuishi, wakifikia umri wa uzee na kuendelea kuwa na nguvu?
দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
8 Huwaona watoto wao wakithibitika wakiwa wamewazunguka, wazao wao mbele za macho yao.
সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
9 Nyumba zao zi salama wala hakuna hofu; fimbo ya Mungu haiko juu yao.
সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
10 Madume yao ya ngʼombe huvyaza bila kushindwa kamwe; ngʼombe wao huzaa wala hawaharibu mimba.
১০সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
11 Huwatoa watoto wao nje kama kundi; wadogo wao huchezacheza.
১১সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
12 Huimba nyimbo kwa matari na kwa kinubi, nao huifurahia sauti ya filimbi.
১২সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
13 Huitumia miaka yao katika mafanikio nao hushuka kaburini kwa amani. (Sheol h7585)
১৩সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়। (Sheol h7585)
14 Lakini humwambia Mungu, ‘Tuache sisi!’ Hatuna haja ya kufahamu njia zako.
১৪তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
15 Mwenyezi ni nani hata tumtumikie? Tutapata faida gani kumwomba?
১৫সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
16 Lakini kufanikiwa kwao hakupo mikononi mwao wenyewe, hivyo najitenga mbali na shauri la waovu.
১৬চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
17 “Lakini ni mara ngapi taa ya waovu huzimwa? Ni mara ngapi maafa huwajia, yale yawapatayo ambayo Mungu huwapangia katika hasira yake?
১৭দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
18 Ni mara ngapi huwa kama majani makavu mbele ya upepo, kama makapi yachukuliwayo na dhoruba?
১৮কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
19 Imesemekana, ‘Mungu huiweka akiba adhabu ya mtu kwa ajili ya wanawe.’ Mungu na amlipe mtu mwenyewe, ili apate kulijua!
১৯তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
20 Macho yake mwenyewe na yaone maangamizi yake; yeye na ainywe ghadhabu ya Mwenyezi.
২০তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
21 Kwani anajali nini kuhusu jamaa anayoiacha nyuma, miezi yake aliyopangiwa ifikapo mwisho?
২১কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
22 “Je, yuko mtu yeyote awezaye kumfundisha Mungu maarifa, iwapo yeye ndiye ahukumuye hata walio juu ya wote?
২২যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
23 Mtu mmoja hufa akiwa na nguvu zake kamili, akiwa salama na mwenye raha kamili,
২৩সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
24 mwili wake ukiwa umenawiri, nayo mifupa yake ikiwa imejaa mafuta ndani yake.
২৪তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
25 Mtu mwingine hufa katika uchungu wa nafsi, akiwa hajafurahia kamwe jambo lolote zuri.
২৫আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
26 Hao wote hulala mavumbini, nao mabuu huwafunika wote.
২৬সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
27 “Ninayajua kikamilifu yale mnayoyafikiri, mipango ambayo kwayo mngenitendea mabaya.
২৭চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
28 Mwasema, ‘Iko wapi sasa nyumba ya huyo mtu mkuu, mahema ambayo watu waovu walikaa?’
২৮কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
29 Je, hamkuwahi kuwauliza hao wanaosafiri? Je, hamkutafakari taarifa zao:
২৯তোমালোকে পথিকবিলাকক সোধা নাই নে?
30 kwamba mtu mwovu huepushwa kutoka siku ya maafa, kwamba huokolewa kutoka siku ya ghadhabu?
৩০দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
31 Ni nani hulaumu matendo yake mbele ya uso wake? Ni nani ampatilizaye kwa yale aliyoyatenda?
৩১তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
32 Hupelekwa kaburini, nao ulinzi ukawekwa kwenye kaburi lake.
৩২তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
33 Udongo ulio bondeni ni mtamu kwake; watu wote watamfuata, nao umati wa watu usiohesabika umemtangulia.
৩৩আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
34 “Hivyo ninyi mnawezaje kunifariji kwa upuzi wenu? Hakuna kilichosalia cha majibu yenu isipokuwa uongo!”
৩৪তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”

< Ayubu 21 >