< 1 Samweli 22 >

1 Daudi akaondoka Gathi na kukimbilia kwenye pango la Adulamu. Ndugu zake na watu wa nyumba ya baba yake waliposikia habari hiyo, wakamwendea huko.
তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।
2 Wale wote waliokuwa katika dhiki au waliokuwa na madeni au wale ambao hawakuridhika wakamkusanyikia Daudi, naye akawa kiongozi wao. Watu wapatao 400 walikuwa pamoja naye.
প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।
3 Kutoka huko Daudi akaenda Mispa huko Moabu na kumwambia mfalme wa Moabu, “Naomba uwaruhusu baba yangu na mama yangu waje kukaa nawe mpaka nijue nini Mungu atakachonifanyia.”
দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।”
4 Hivyo akawaacha wazazi wake wakae na mfalme wa Moabu, nao wakakaa naye muda wote ambao Daudi alikuwa ngomeni.
তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল।
5 Ndipo nabii Gadi akamwambia Daudi, “Usikae ngomeni. Nenda katika nchi ya Yuda.” Hivyo Daudi akaondoka na kwenda katika msitu wa Herethi.
পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল।
6 Basi Sauli akasikia kwamba Daudi na watu wake wameonekana. Sauli akiwa na mkuki mkononi, alikuwa ameketi chini ya mti wa mkwaju kwenye kilima huko Gibea, maafisa wake wote wakiwa wamesimama kumzunguka.
চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।
7 Sauli akawaambia, “Sikilizeni enyi watu wa Benyamini! Je, mwana wa Yese atawapa ninyi nyote mashamba na mashamba ya mizabibu? Je, atawafanya ninyi nyote majemadari wa maelfu na majemadari wa mamia?
তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?
8 Je, ndiyo sababu ninyi mkapanga hila mbaya dhidi yangu? Hakuna hata mmoja wenu ambaye ameniambia ni lini mwanangu alifanya agano na mwana wa Yese. Hapana hata mmoja wenu anayejishughulisha nami wala anayeniambia kwamba mwanangu amechochea mtumishi wangu kunivizia, kama afanyavyo leo.”
তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।”
9 Lakini Doegi Mwedomu, ambaye alikuwa akisimama na maafisa wa Sauli, akasema, “Nilimwona mwana wa Yese akija kwa Ahimeleki mwana wa Ahitubu huko Nobu.
তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”
10 Ahimeleki akamuuliza Bwana kwa ajili yake; pia akampa vyakula na ule upanga wa Goliathi Mfilisti.”
১০অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে।
11 Kisha mfalme akatuma watu wamwite kuhani Ahimeleki mwana wa Ahitubu, na jamaa yote ya baba yake, waliokuwa makuhani huko Nobu, nao wote wakaja kwa mfalme.
১১তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল,
12 Sauli akasema, “Sikiliza sasa, mwana wa Ahitubu.” Akajibu, “Naam, bwana wangu.”
১২চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।”
13 Sauli akamwambia, “Kwa nini umepanga shauri baya dhidi yangu, wewe na mwana wa Yese, ukampa vyakula na upanga, tena hukumuuliza Mungu kwa ajili yake, na kwa sababu hiyo ameasi dhidi yangu na kunivizia, kama afanyavyo leo?”
১৩চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল।
14 Ahimeleki akamjibu mfalme, “Ni nani miongoni mwa watumishi wako wote aliye mwaminifu kama Daudi, mkwewe mfalme, kiongozi wa walinzi wako na anayeheshimika sana katika watu wa nyumbani mwako?
১৪তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।”
15 Je, siku hiyo ilikuwa ndiyo ya kwanza kumwomba Mungu kwa ajili yake? La hasha! Mfalme na usiwashutumu watumishi wako wala yeyote wa jamaa ya baba yake, kwa kuwa mtumishi wako hafahamu lolote kabisa kuhusu jambo hili lote.”
১৫আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”
16 Lakini mfalme akasema, “Ahimeleki, hakika utakufa, wewe na jamaa yote ya baba yako.”
১৬ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”
17 Ndipo mfalme akawaamuru walinzi wake waliokuwa kando yake: “Geukeni na kuwaua makuhani wa Bwana, kwa sababu nao pia wamejiunga na Daudi. Walijua kuwa alikuwa anakimbia, wala hawakuniambia.” Lakini maafisa wa mfalme hawakuwa radhi kuinua mkono kuwaua makuhani wa Bwana.
১৭ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল।
18 Kisha mfalme akamwagiza Doegi, “Wewe geuka ukawaue makuhani.” Hivyo basi Doegi Mwedomu, akageuka na kuwaua. Siku ile aliwaua watu themanini na watano wavaao visibau vya kitani.
১৮তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।
19 Pia akaupiga Nobu kwa upanga, mji wa makuhani, wakiwemo wanaume na wanawake, watoto wadogo na wale wanyonyao, ngʼombe wake, punda na kondoo.
১৯তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে।
20 Lakini Abiathari, mwana wa Ahimeleki, mwana wa Ahitubu, akatoroka, akakimbia na kujiunga na Daudi.
২০সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।
21 Akamwambia Daudi kuwa Sauli amewaua makuhani wa Bwana.
২১চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে,
22 Kisha Daudi akamwambia Abiathari: “Siku ile, wakati Doegi Mwedomu alipokuwa pale, nilijua atahakikisha amemwambia Sauli. Mimi ninawajibika kwa vifo vya jamaa ya baba yako yote.
২২তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।
23 Kaa pamoja nami; usiogope. Mtu anayeutafuta uhai wako anautafuta uhai wangu pia. Ukiwa pamoja nami utakuwa salama.”
২৩তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।

< 1 Samweli 22 >