< Proverbios 2 >

1 Hijo mío, si tomares mis palabras, y guardares mis mandamientos dentro de ti,
হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
2 Haciendo estar atento tu oído a la sabiduría: si inclinares tu corazón a la prudencia:
প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
3 Si clamares a la inteligencia; y a la prudencia dieres tu voz:
তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
4 Si como a la plata, la buscares, y como a tesoros la escudriñares:
ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
5 Entonces entenderás el temor de Jehová; y hallarás el conocimiento de Dios.
তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।
6 Porque Jehová da la sabiduría; y de su boca viene el conocimiento, y la inteligencia.
কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
7 El guarda el ser a los rectos: es escudo a los que caminan perfectamente,
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
8 Guardando las veredas del juicio; y el camino de sus misericordiosos guardará.
তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।
9 Entonces entenderás justicia, juicio, y equidad, y todo buen camino.
তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায় আৰু সকলো ভাল পথ বুজিব পাৰিবা।
10 Cuando la sabiduría entrare en tu corazón, y la ciencia fuere dulce a tu alma;
১০কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব।
11 Consejo te guardará, inteligencia te conservará.
১১সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব,
12 Para escaparte del mal camino, del hombre que habla perversidades:
১২এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব
13 Que dejan las veredas derechas, por andar por caminos tenebrosos:
১৩তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে।
14 Que se alegran haciendo mal: que se huelgan en malas perversidades:
১৪যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে,
15 Cuyas veredas son torcidas, y ellos torcidos en sus caminos:
১৫তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে।
16 Para escaparte de la mujer extraña, de la ajena que ablanda sus razones:
১৬দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
17 Que desampara al príncipe de su mocedad; y se olvida del concierto de su Dios.
১৭তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।
18 Por lo cual su casa está inclinada a la muerte, y sus veredas van hacia los muertos.
১৮তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব।
19 Todos los que a ella entraren, no volverán: ni tomarán las veredas de la vida.
১৯যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব।
20 Para que andes por el camino de los buenos; y guardes las veredas de los justos.
২০সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।
21 Porque los rectos habitarán la tierra, y los perfectos permanecerán en ella.
২১যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব।
22 Mas los impíos serán cortados de la tierra; y los prevaricadores serán de ella desarraigados.
২২কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।

< Proverbios 2 >