< Псалтирь 37 >

1 Не ревнуй лукавнующым, ниже завиди творящым беззаконие.
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
2 Зане яко трава скоро изсшут, и яко зелие злака скоро отпадут.
কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
3 Уповай на Господа и твори благостыню: и насели землю, и упасешися в богатстве ея.
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
4 Насладися Господеви, и даст ти прошения сердца твоего.
যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
5 Открый ко Господу путь твой и уповай на Него, и Той сотворит.
তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
6 И изведет яко свет правду твою и судбу твою яко полудне.
তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।
7 Повинися Господеви и умоли Его. Не ревнуй спеющему в пути своем, человеку творящему законопреступление.
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
8 Престани от гнева и остави ярость: не ревнуй, еже лукавновати,
ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়।
9 зане лукавнующии потребятся, терпящии же Господа, тии наследят землю.
কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।
10 И еще мало, и не будет грешника: и взыщеши место его и не обрящеши.
১০কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
11 Кротцыи же наследят землю и насладятся о множестве мира.
১১কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।
12 Назирает грешный праведнаго и поскрежещет нань зубы своими:
১২দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।
13 Господь же посмеется ему, зане прозирает, яко приидет день его.
১৩প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
14 Мечь извлекоша грешницы, напрягоша лук свой, низложити убога и нища, заклати правыя сердцем.
১৪দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
15 Мечь их да внидет в сердца их, и луцы их да сокрушатся.
১৫কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব।
16 Лучше малое праведнику, паче богатства грешных многа.
১৬দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।
17 Зане мышцы грешных сокрушатся, утверждает же праведныя Господь.
১৭কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।
18 Весть Господь пути непорочных, и достояние их в век будет.
১৮সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
19 Не постыдятся во время лютое и во днех глада насытятся, яко грешницы погибнут.
১৯সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
20 Врази же Господни, купно прославитися им и вознестися, изчезающе яко дым изчезоша.
২০দুষ্টবোৰ বিনষ্ট হব, যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।
21 Заемлет грешный и не возвратит: праведный же щедрит и дает.
২১দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।
22 Яко благословящии Его наследят землю, кленущии же Его потребятся.
২২যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।
23 От Господа стопы человеку исправляются, и пути Его восхощет зело.
২৩যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়।
24 Егда падет, не разбиется, яко Господь подкрепляет руку его.
২৪তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
25 Юнейший бых, ибо состарехся, и не видех праведника оставлена, ниже семене его просяща хлебы.
২৫মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
26 Весь день милует и взаим дает праведный, и семя его во благословение будет.
২৬ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।
27 Уклонися от зла и сотвори благо, и вселися в век века.
২৭তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।
28 Яко Господь любит суд и не оставит преподобных Своих: во век сохранятся: беззаконницы же изженутся, и семя нечестивых потребится.
২৮কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
29 Праведницы же наследят землю и вселятся в век века на ней.
২৯ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।
30 Уста праведнаго поучатся премудрости, и язык его возглаголет суд.
৩০ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
31 Закон Бога его сердцы его, и не запнутся стопы его.
৩১তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
32 Сматряет грешный праведнаго и ищет еже умертвити его:
৩২দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
33 Господь же не оставит его в руку его, ниже осудит его, егда судит ему.
৩৩কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
34 Потерпи Господа и сохрани путь Его, и вознесет тя еже наследити землю: внегда потреблятися грешником, узриши.
৩৪যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
35 Видех нечестиваго превозносящася и высящася яко кедры Ливанския:
৩৫মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
36 и мимо идох, и се, не бе, и взысках его, и не обретеся место его.
৩৬কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল; মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।
37 Храни незлобие и виждь правоту, яко есть останок человеку мирну.
৩৭সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
38 Беззаконницы же потребятся вкупе: останцы же нечестивых потребятся.
৩৮কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব; দুষ্টলোকৰ বংশ ধ্বংস হ’ব।
39 Спасение же праведных от Господа, и защититель их есть во время скорби:
৩৯ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
40 и поможет им Господь и избавит их, и измет их от грешник и спасет их, яко уповаша на Него.
৪০যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।

< Псалтирь 37 >