< Псалтирь 126 >

1 Внегда возвратити Господу плен Сионь, быхом яко утешени.
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
2 Тогда исполнишася радости уста наша, и язык наш веселия: тогда рекут во языцех: возвеличил есть Господь сотворити с ними.
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
3 Возвеличил есть Господь сотворити с нами: быхом веселящеся.
যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে; সেয়ে আমি আনন্দ কৰিলোঁ।
4 Возврати, Господи, пленение наше, яко потоки югом.
হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
5 Сеющии слезами, радостию пожнут.
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
6 Ходящии хождаху и плакахуся, метающе семена своя: грядуще же приидут радостию, вземлюще рукояти своя.
যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

< Псалтирь 126 >