< Псалтирь 106 >

1 Исповедайтеся Господеви, яко благ, яко в век милость Его.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
2 Кто возглаголет силы Господни, слышаны сотворит вся хвалы Его?
কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?
3 Блажени хранящии суд и творящии правду во всякое время.
ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।
4 Помяни нас, Господи, во благоволении людий Твоих, посети нас спасением Твоим,
হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।
5 видети во благости избранныя Твоя, возвеселитися в веселии языка Твоего, хвалитися с достоянием Твоим.
যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।
6 Согрешихом со отцы нашими, беззаконновахом, неправдовахом:
আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ; আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ।
7 отцы наши во Египте не разумеша чудес Твоих, ни помянуша множества милости Твоея: и преогорчиша восходяще в Чермное море.
মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
8 И спасе их имене Своего ради, сказати силу Свою:
তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।
9 и запрети Чермному морю, и изсяче: и настави я в бездне яко в пустыни.
তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।
10 И спасе я из руки ненавидящих и избави я из руки врагов.
১০এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।
11 Покры вода стужающыя им: ни един от них избысть.
১১জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল।
12 И вероваша словеси Его и воспеша хвалу Его.
১২তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; তেওঁৰ প্ৰশংসাৰ গান কৰিলে।
13 Ускориша, забыша дела Его, не стерпеша совета Его:
১৩কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;
14 и похотеша желанию в пустыни и искусиша Бога в безводней.
১৪কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।
15 И даде им прошение их, посла сытость в душы их.
১৫তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।
16 И прогневаша Моисеа в стану, Аарона святаго Господня.
১৬তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।
17 Отверзеся земля и пожре Дафана и покры на сонмищи Авирона:
১৭পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।
18 и разжжеся огнь в сонме их, пламень попали грешники.
১৮তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।
19 И сотвориша телца в Хориве и поклонишася истуканному:
১৯তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।
20 и измениша славу Его в подобие телца ядущаго траву.
২০এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।
21 И забыша Бога спасающаго их, сотворшаго велия во Египте,
২১তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল;
22 чудеса в земли Хамове, страшная в мори Чермнем.
২২হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।
23 И рече потребити их, аще не бы Моисей избранный Его стал в сокрушении пред Ним, возвратити ярость Его, да не погубит их.
২৩সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
24 И уничижиша землю желанную, не яша веры словеси Его:
২৪তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;
25 и поропташа в селениих своих, не услышаша гласа Господня.
২৫নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
26 И воздвиже руку Свою на ня, низложити я в пустыни,
২৬তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
27 и низложити семя их во языцех, и расточити я в страны.
২৭তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।
28 И причастишася Веельфегору и снедоша жертвы мертвых:
২৮পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
29 и раздражиша Его в начинаниих своих, и умножися в них падение.
২৯এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।
30 И ста Финеес и умилостиви, и преста сечь:
৩০তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল।
31 и вменися ему в правду, в род и род до века.
৩১পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল; পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।
32 И прогневаша Его на воде Пререкания, и озлоблен бысть Моисей их ради:
৩২তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল, আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল;
33 яко преогорчиша дух его и разнствова устнама своима.
৩৩তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।
34 Не потребиша языки, яже рече Господь им.
৩৪যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, তেওঁলোকে তাক নকৰিলে।
35 И смесишася во языцех и навыкоша делом их:
৩৫বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
36 и поработаша истуканным их, и бысть им в соблазн.
৩৬তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।
37 И пожроша сыны своя и дщери своя бесовом,
৩৭এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
38 и пролияша кровь неповинную, кровь сынов своих и дщерей, яже пожроша истуканным Ханаанским: и убиена бысть земля их кровьми
৩৮তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।
39 и осквернися в делех их: и соблудиша в начинаниих своих.
৩৯এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।
40 И разгневася яростию Господь на люди Своя и омерзи достояние Свое:
৪০তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
41 и предаде я в руки врагов, и обладаша ими ненавидящии их.
৪১তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে; তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে।
42 И стужиша им врази их: и смиришася под руками их.
৪২তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
43 Множицею избави я: тии же преогорчиша Его советом своим, и смиришася в беззакониих своих.
৪৩তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
44 И виде Господь, внегда скорбети им, внегда услышаше моление их:
৪৪তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।
45 и помяну завет Свой, и раскаяся по множеству милости Своея:
৪৫তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
46 и даде я в щедроты пред всеми пленившими я.
৪৬যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।
47 Спаси ны, Господи, Боже наш, и собери ны от язык, исповедатися имени Твоему святому, хвалитися во хвале Твоей.
৪৭হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।
48 Благословен Господь Бог Израилев от века и до века. И рекут вси людие: буди, буди.
৪৮অনাদি কালৰ পৰা অনন্ত কাললৈকে, ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; সকলো লোকে “আমেন” বুলি কওক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Псалтирь 106 >