< Числа 24 >

1 И видев Валаам, яко добро есть пред Господем благословляти Израиля, не иде по обычаю своему в сретение волхвованием, и возврати лице свое в пустыню.
যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
2 И возвед Валаам очи свои, узре Израиля ополчившася по племеном: и бысть Дух Божий на нем.
বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
3 И восприим притчу свою рече: глаголет Валаам, сын Веоров, глаголет человек истинно зряй,
তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল, সেই পুৰুষে কৈছে,
4 глаголет слушаяй словеса Крепкаго, иже видение Божие виде во сне: отверсты очи его:
যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে।
5 коль добри доми твои, Иакове, и кущы твоя, Израилю:
হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
6 яко дубравы осеняющыя и яко садие при реках, и яко кущы, яже водрузи Господь, и яко кедри при водах:
সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত, আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ, যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা, আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।
7 изыдет человек от семене его, и обладает языки многими: и возвысится паче Гога царство его, и возрастет царство его:
তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
8 Бог изведе его из Египта, якоже слава единорога ему: пояст языки враг своих и толщы их измождит, и стрелами своими устрелит врага:
ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
9 возлег почи яко лев и яко скимен: кто возбудит его? Благословящии тя благословени, и проклинающии тя прокляти.
তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
10 И разгневася Валак на Валаама, и плесну руками своими, и рече Валак к Валааму: кляти тя врага моего призвах, и се, благословил еси их в третие:
১০তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
11 ныне убо бежи на место свое: рекох, почту тя: и ныне лиши тя Господь славы.
১১এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
12 И рече Валаам к Валаку: и послом твоим, ихже послал еси ко мне, не рекох ли, глаголя:
১২তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
13 аще ми даст Валак храмину свою полну сребра и злата, не могу преступити слова Божия, еже сотворити е зло или добро от мене самаго: елика аще речет ми Бог, сия возглаголю?
১৩‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
14 И ныне, се, иду до места своего: гряди, присоветую тебе, что сотворят людие сии людем твоим, в последняя дни.
১৪এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
15 И восприим притчу свою рече: глаголет Валаам сын Веоров, глаголет человек истинно зряй,
১৫বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
16 слышай словеса Божия, умея умение Вышняго и видение Божие видевый во сне: отверсты очи его:
১৬এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে।
17 покажу ему, и не ныне: ублажаю, и не приближается: возсияет звезда от Иакова, и востанет человек от Израиля и погубит князи Моавитския, и пленит вся сыны Сифовы:
১৭মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
18 и будет Едом наследие, и будет наследие Исав враг его, и Израиль сотвори крепость:
১৮তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
19 и востанет от Иакова, и погубит спасаемаго от града.
১৯যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
20 И видев Амалика и восприим притчу свою, рече: начало языков Амалик, и семя их погибнет.
২০তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
21 И видев Кенеона и восприим притчу свою, рече: сильно селение твое: и аще положиши на камени гнездо твое,
২১তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
22 и аще будет Веору гнездо коварства, Ассириане пленят тя.
২২তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
23 И видев Ога и восприим притчу свою, рече: горе, горе, кто жив будет, егда положит Бог сия?
২৩তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
24 И изыдут из рук Китиейских, и озлобят Ассура, и озлобят Евреов, и сами вкупе погибнут.
২৪আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”
25 И востав Валаам отиде, возвратився на место свое: и Валак отиде к себе.
২৫তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।

< Числа 24 >