< Книга Неемии 1 >

1 Словеса Неемии сына Ахалиина. И бысть в месяце Хаселев, двадесятаго лета, и аз бех в Сусан-Авире.
হখলিয়াৰ পুত্র নহিমিয়াৰ কথা: বিশ বছৰৰ কিচ্লেব মাহত মই চুচন নগৰৰ দুৰ্গত থাকোঁতে, এইদৰে হৈছিল।
2 И прииде (ко мне) Ананиа един от братий моих с мужи Иудовы, и вопросих их о спасшихся, иже осташася от пленения, и о Иерусалиме.
তেতিয়া হনানী নামৰ মোৰ এজন ভাই যিহূদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দীত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল, সেই সকলৰ বিষয়ে আৰু যিৰূচালেম চহৰৰ বিষয়ে সুধিছিলো।
3 И рекоша ми: оставшиися от пленения тамо во стране, во озлоблении велице и в поношении, и стены Иерусалимския разорены, и врата его сожжена огнем.
তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”
4 И бысть егда услышах словеса сия, седох и плаках и рыдах дни (многи), и бех постяся и моляся пред лицем Бога небеснаго,
এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
5 и рекох: молю Тя, Господи Боже небесный, крепкий, великий и страшный, храняй завет и милосердие любящым Тя и хранящым заповеди Твоя:
মই কলোঁ, “হে যিহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্বৰ্য্যৱান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতা সকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান।
6 да будут уши Твои внемлюще и очи Твои отверсте, еже слышати молитву раба Твоего, еюже аз молюся пред Тобою днесь, день и нощь, о сынех Израилевых рабех Твоих: и исповедаюся о гресех сынов Израилевых, имиже согрешихом пред Тобою, и аз и дом отца моего согрешихом:
আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্বীকাৰ কৰিছোঁ।
7 преступлением преступихом Тебе и не сохранихом заповедий (твоих) и повелений и судеб, яже повелел еси Моисею рабу Твоему:
আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ।
8 помяни убо слово, еже заповедал еси Моисею рабу Твоему глаголя: аще преступите вы, Аз расточу вы в люди,
বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম,
9 и аще обратитеся ко Мне и сохраните заповеди Моя и сотворите я, аще будет разсеяние ваше до конца небесе, оттуду соберу вы и введу вы в место, еже избрах вселитися имени Моему тамо:
কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।
10 и тии раби Твои и людие Твои, ихже искупил еси силою Твоей великою и рукою Твоею крепкою:
১০তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে।
11 молю, Господи, да будет ухо Твое внемлющее на молитву раба Твоего и на молитву рабов Твоих хотящих боятися имене Твоего: и благопоспеши убо рабу Твоему днесь, и даждь его в щедроты пред мужем сим. И аз бых виночерпчий царев.
১১হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।” মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।

< Книга Неемии 1 >