< Левит 6 >

1 И рече Господь к Моисею, глаголя:
যিহোৱাই মোচিক ক’লে, আৰু মোচিয়ে, ক’লে,
2 душа яже аще согрешит, и презрев презрит заповеди Господня, и солжет к другу о вдании, или о общине, или о хищении, или преобиде чим ближняго,
“কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা
3 или обрете погубленое, и солжет о нем, и кленется в неправду о единем от всех, яже аще сотворит человек яко согрешити в них:
বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,
4 и будет егда согрешит и преступит, и отдаст похищеное, еже похити, или обиду, еюже преобиде, или вдание, еже вдано бысть ему, или погибшее, еже обрете:
সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।
5 от всякия вещи, еяже ради кляся в неправду, и да отдаст самое то истое, и пятую часть свою приложит ктому: егоже есть, тому да отдаст, в оньже день обличится:
বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে, তেনেহলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ বেছিকৈ দিব লাগিব আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব।
6 и о преступлении своем да принесет Господу овна от овец непорочна, ценою в немже прегреши:
তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব।
7 и да помолится жрец о нем пред Господем, и оставится ему за едино от всех, яже сотвори и преступи в нем.
পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব।”
8 И рече Господь к Моисею, глаголя:
তেতিয়া যিহোৱাই মোচিক ক’লে,
9 заповеждь Аарону и сыном его, глаголя: сей закон всесожжения: сие всесожжение на горении его на олтари всю нощь до заутра, и огнь олтаря да горит на нем, и не угасает:
“তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক এই আজ্ঞা দিয়া, ‘হোমৰ নিয়ম এই: হোম-দ্ৰব্য ওৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্ৱাৰাই জ্বলি থাকিব।
10 и да облечется жрец в срачицу льняну, и надраги льняны да возвлечет на тело свое, и да изнесет принос, егоже аще изжжет огнь всесожжения от олтаря, и да поставит близ олтаря:
১০পুৰোহিত শণ সূতাৰ অন্তৰ্বাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম বাকি থাকে, তাক গুচাই বেদীৰ দাঁতিত থব।
11 и да совлечет ризы своя, и да облечется в ризы ины, и да изнесет принос вне полка на место чисто:
১১পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।
12 и огнь на олтари да горит на нем и не угасает: и да возжжет на нем жрец дрова по вся утра, и да возкладет нань всесожжение, и да возложит нань тук спасения:
১২আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব।
13 и огнь всегда да горит на олтари, не угасает:
১৩বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব।
14 сей закон жертвы, юже принесут сынове Аарони жерцы пред Господем, прямо олтаря:
১৪শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
15 и да возмет от него (жрец) горсть муки пшеничны жертвенныя с елеем ея и со всем ливаном ея, сущими на жертве: и да вознесет на олтарь принос в воню благовония, в память ея Господу:
১৫পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।
16 оставшееся же от нея снест Аарон и сынове его: пресна да снедятся в месте святе, в притворе скинии свидения да снедят я:
১৬ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।
17 да не испечется квасна: часть сию дах им от приносов Господних: святая святых суть, якоже еже о гресе, и якоже еже о преступлении:
১৭খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।
18 всяк мужеск пол жреческ да снедят ю: законно вечно в роды вашя от принос Господних: всяк, иже аще прикоснется им, освятится.
১৮হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”
19 И рече Господь к Моисею, глаголя:
১৯পাছত যিহোৱাই মোচিক পুনৰ ক’লে,
20 сей дар Аарону и сыном его, егоже принесут Господу в день, в оньже аще помажеши его: десятую часть меры ефи муки пшеничны в жертву всегда, пол ея заутра и пол ея в вечер:
২০“হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।
21 на сковраде в елеи да сотворится, спряжену да принесет ю витую жертву от укрухов, жертву в воню благовония Господу:
২১তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।
22 жрец помазанный, иже вместо его от сынов его, да сотворит ю: законно вечно, все да совершится:
২২পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।
23 и всяка жертва жреческа всесожженна да будет и да не снестся.
২৩পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”
24 И рече Господь Бог Моисею, глаголя:
২৪যিহোৱাই মোচিক ক’লে,
25 рцы Аарону и сыном его, глаголя: сей закон согрешения: на месте, на немже закалают всесожжения, да закалают яже греха ради пред Господем: святая (бо) святых суть:
২৫“তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ।
26 жрец приносяй ю да снест ю: в месте святе да снестся, в притворе скинии свидения:
২৬যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।
27 всяк прикасайся мяс ея освятится: и емуже аще воскропится от крове ея на ризу, яже аще воскропится на ню, да исперется на месте святе:
২৭যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা।
28 и сосуд глинян, в немже варится, да разбиется: аще же в медян сосуде сварится, да изтрет его, и измыет водою:
২৮কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।
29 всяк мужеск пол в жерцех да снест ю: святая (бо) святых суть Господу:
২৯পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ।
30 и вся, яже от гресе аще принесутся от крове их в скинию свидения, ко очищению во святыни, да не снедятся, огнем да сожгутся.
৩০আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।

< Левит 6 >