< Книга Иисуса Навина 5 >

1 И бысть егда услышаша царие Аморрейстии, иже бяху об ону страну Иордана, и царие Финическии, иже бяху близ моря, яко изсуши Господь Бог Иордан реку пред сыны Израилевыми, внегда преходити им, и истаяша мысли их, и ужасошася, и не бяше в них смышления ни единаго от лица сынов Израилевых.
পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।
2 В сие же время рече Господь Иисусу: сотвори себе ножи каменны от камене остраго, и сед обрежи сыны Израилевы второе.
সেই সময়ত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইস্ৰায়েলৰ সন্তানসকলক দ্বিতীয় বাৰৰ বাবে চুন্নৎ কৰোওৱা।”
3 И сотвори Иисус себе ножи каменны остры и обреза сыны Израилевы на месте нареченнем Холм обрезания.
তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, গিবেথ হাৰলোঠ নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে।
4 И тако обреза Иисус сыны Израилевы: елицы тогда родишася на пути, и елицы тогда не обрезани быша от изшедших из Египта, всех сих обреза Иисус: вси людие изшедшии из Египта мужеска полу, вси мужие ратнии измроша в пустыни на пути, внегда изыдоша из Египта:
যিহোচূৱাই তেওঁলোকক চুন্নৎ কৰোঁৱাৰ কাৰণ এই যে, মিচৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিচৰৰ পৰা যাত্রা কৰি আহি থাকোতে মৰুভূমিৰ বাটৰ মাজতে মৰিল।
5 яко обрезани быша вси людие изшедшии, вси же людие, иже родишася в пустыни на пути, егда изыдоша из Египта, не обрезани быша:
যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোঁৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোঁৱা হোৱা নাছিল।
6 четыредесять бо и два лета хождаше Израиль в пустыни Мавдаритиде: сего ради не обрезани быша мнози от тех воинов изшедших из земли Египетския, не послушавшии заповедий Господних, имже и определи Господь не видети земли, еюже клятся Господь отцем их дати нам землю кипящую медом и млеком:
কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।
7 вместо же сих постави сыны их, ихже обреза Иисус, яко скончаныя плоти бяху им, яко родишася на пути не обрезани:
পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তান সকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল।
8 обрезавшеся же покой имяху тамо седяще в полце, дондеже исцелишася.
এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল।
9 И рече Господь Иисусу: в днешний день отях поношение Египетско от вас. И нарече имя месту тому Галгала, даже до сего дне.
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।” এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে।
10 И ополчишася сынове Израилевы в Галгалех и сотвориша Пасху в четвертыйнадесять день месяца от вечера на западе на поли Иерихонстем,
১০ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
11 и ядоша от пшеницы земли оноя опресноки и новая:
১১সেই নিস্তাৰ-পৰ্ব্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে; সেই দিনাই তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে।
12 в той день преста манна, повнегда ядоша от пшеницы земли, и ктому не бысть сыном Израилевым манны: но ядоша от плодов земли Финическия в лето оное.
১২আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তান সকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে।
13 И бысть егда бяше Иисус у Иерихона, и воззрев очима своима, виде человека стояща пред ним, и мечь его обнажен в руце его. И приступив Иисус, рече ему: наш ли еси, или от сопостат наших?
১৩যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?”
14 Он же рече ему: аз архистратиг силы Господни, ныне приидох (семо). И Иисус паде лицем своим на землю и поклонися ему, и рече: господи, что повелеваеши рабу твоему?
১৪তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
15 И рече архистратиг Господень ко Иисусу: иззуй сапог с ногу твоею: место бо, на немже ты стоиши, свято есть. И сотвори Иисус тако.
১৫যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷

< Книга Иисуса Навина 5 >