< От Иоанна святое благовествование 9 >

1 И мимоидый виде человека слепа от рождества.
যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে।
2 И вопросиша Его ученицы Его, глаголюще: Равви, кто согреши, сей ли, или родителя его, яко слеп родися?
তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে, নে তেওঁৰ মাক-বাপেকে পাপ কৰিলে?”
3 Отвеща Иисус: ни сей согреши, ни родителя его, но да явятся дела Божия на нем:
যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।
4 мне подобает делати дела Пославшаго Мя, дондеже день есть: приидет нощь, егда никтоже может делати:
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
5 егда в мире есмь, свет есмь миру.
যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ।”
6 Сия рек, плюну на землю, и сотвори брение от плюновения, и помаза очи брением слепому,
এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
7 и рече ему: иди, умыйся в купели Силоамсте, еже сказается послан. Иде убо и умыся, и прииде видя.
তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
8 Соседи же и иже бяху видели его прежде, яко слеп бе, глаголаху: не сей ли есть седяй и просяй?
তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
9 Овии глаголаху, яко сей есть: инии же (глаголаху), яко подобен ему есть. Он (же) глаголаше, яко аз есмь.
কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
10 Глаголаху же ему: како ти отверзостеся очи?
১০তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
11 Отвеща он и рече: Человек нарицаемый Иисус брение сотвори и помаза очи мои и рече ми: иди в купель Силоамлю и умыйся. Шед же и умывся, прозрех.
১১তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক’লে, ‘চীলোহ’লৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
12 Реша убо ему: кто Той есть? Глагола: не вем.
১২তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন ক’ত আছে?” তেওঁ ক’লে “মই নাজানো।”
13 Ведоша (же) его к фарисеом, иже бе иногда слеп.
১৩যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গ’ল।
14 Бе же суббота, егда сотвори брение Иисус и отверзе ему очи.
১৪যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল।
15 Паки же вопрошаху его и фарисее, како прозре. Он же рече им: брение положи мне на очи, и умыхся, и вижу.
১৫সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
16 Глаголаху убо от фарисей нецыи: несть Сей от Бога Человек, яко субботу не хранит. Овии глаголаху: како может человек грешен сицева знамения творити? И распря бе в них.
১৬তাতে ফৰীচী সকলৰ কিছুমানে ক’লে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে ক’লে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।
17 Глаголаху (убо) слепцу паки: ты что глаголеши о Нем, яко отверзе очи твои? Он же рече, яко пророк есть.
১৭সেয়ে, তেওঁলোকে আকৌ সেই অন্ধ জনক সুধিলে, “যি মানুহ জনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা?” মানুহ জনে ক’লে, “তেওঁ এজন ভাৱবাদী।”
18 Не яша убо веры Иудее о нем, яко слеп бе и прозре, дондеже возгласиша родителя того прозревшаго
১৮মানুহ জনৰ মাক-বাপেকক মাতি আনি নুসুধা পর্যন্ত ইহুদী সকলে বিশ্বাস নকৰিলে যে এই মানুহ জন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
19 и вопросиша я, глаголюще: сей ли есть сын ваю, егоже вы глаголете, яко слеп родися? Како убо ныне видит?
১৯তেওঁলোকে তেওঁৰ মাক-বাপেকক সুধিলে, “এই জন তোমালোকৰ সেই ল’ৰা জন হয় নে, যি জনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল। তেনেহলে সি এতিয়া কেনেকৈ দেখা পাইছে?”
20 Отвещаста (же) им родителя его и реста: вемы, яко сей есть сын наю и яко слеп родися:
২০তেওঁৰ মাক-বাপেকে উত্তৰ দিলে, “আমি জানো, ই আমাৰে ল’ৰা আৰু সি ওপজাৰে পৰা অন্ধ আছিল।
21 како же ныне видит, не вемы, или кто отверзе ему очи, мы не вемы: сам возраст имать, самого вопросите, сам о себе да глаголет.
২১কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সিয়ে নিজৰ বিষয়ে নিজে ক’ব।”
22 Сия рекоста родителя его, яко боястася Жидов: уже бо бяху сложилися Жидове, да, аще кто Его исповесть Христа, отлучен от сонмища будет:
২২ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
23 сего ради родителя его рекоста, яко возраст имать, самого вопросите.
২৩এই কাৰণতে, তেওঁৰ মাক-বাপেকে ক’লে, “সি বয়সীয়া; তাক সোধক।”
24 Возгласиша же вторицею человека, иже бе слеп, и реша ему: даждь славу Богу: мы вемы, яко Человек Сей грешен есть.
২৪তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
25 Отвеща убо он и рече: аще грешен есть, не вем: едино вем, яко слеп бех, ныне же вижу.
২৫তাতে তেওঁ উত্তৰ দিলে, “তেওঁ পাপী হয় নে নহয়, তাক মই নাজানো; কিন্তু এটা বিষয় জানো যে মই অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছো।”
26 Реша же ему паки: что сотвори тебе? Како отверзе очи твои?
২৬তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
27 Отвеща им: рекох вам уже, и не слышасте: что паки хощете слышати? Еда и вы ученицы Его хощете быти?
২৭তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক অথনিয়ে ক’লো, কিন্তু আপোনালোকে নুশুনিলে; তেনেহলে আকৌ কি কাৰণে শুনিব খোজিছে? অাপোনালোকেও তেওঁৰ শিষ্য হ’বলৈ ইচ্ছা কৰে নেকি?”
28 Они же укориша его и реша (ему): ты ученик еси Того: мы же Моисеовы есмы ученицы:
২৮তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক’লে, “তইহে তাৰ শিষ্য; আমি হ’লে মোচিৰ শিষ্য।
29 мы вемы, яко Моисеови глагола Бог, Сего же не вемы, откуду есть.
২৯ঈশ্বৰে যে মোচিৰ কথা ক’লে, তাক আমি জানো; কিন্তু এই মানুহ ক’ৰ পৰা আহিছে, তাক আমি নাজানো।”
30 Отвеща человек и рече им: о сем бо дивно есть, яко вы не весте, откуду есть, и отверзе очи мои:
৩০সেই মানুহে উত্তৰ দি তেওঁলোকক ক’লে, “কি বিস্ময়জনক বিষয়! তেওঁ কৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে।
31 вемы же, яко грешники Бог не послушает, но аще кто Богочтец есть и волю Его творит, того послушает:
৩১আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা, ঈশ্বৰে শুনে৷
32 от века несть слышано, яко кто отверзе очи слепу рождену: (aiōn g165)
৩২জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে। (aiōn g165)
33 аще не бы был Сей от Бога, не могл бы творити ничесоже.
৩৩সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ’লে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
34 Отвещаша и реша ему: во гресех ты родился еси весь, и ты ли ны учиши? И изгнаша его вон.
৩৪তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
35 Услыша Иисус, яко изгнаша его вон, и обрет его, рече ему: ты веруеши ли в Сына Божия?
৩৫যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
36 Отвеща он и рече: и кто есть, Господи, да верую в Него?
৩৬তেওঁ উত্তৰ দি ক’লে, “প্ৰভু, তেওঁ কোন? মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ।”
37 Рече же ему Иисус: и видел еси Его, и Глаголяй с тобою Той есть.
৩৭যীচুৱে তেওঁক ক’লে, “তুমি তেওঁক দেখা পালা; আৰু তোমাৰে সৈতে কথা পাতি থকা জনেই সেই জন।”
38 Он же рече: верую, Господи. И поклонися Ему.
৩৮তেতিয়া মানুহ জনে ক’লে, “প্ৰভু, মই বিশ্বাস কৰিছোঁ” এই বুলি তেওঁ যীচুক সেৱা কৰিলে।
39 И рече Иисус: на суд Аз в мир сей приидох, да невидящии видят, и видящии слепи будут.
৩৯যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
40 И слышаша от фарисей сия сущии с Ним и реша Ему: еда и мы слепи есмы?
৪০কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?”
41 Рече им Иисус: аще бысте слепи были, не бысте имели греха: ныне же глаголете, яко видим, грех убо ваш пребывает.
৪১যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অন্ধ হ’য়, তেনেহলে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছোঁ;’ গতিকে তোমালোকৰ পাপ থাকি গ’ল।

< От Иоанна святое благовествование 9 >