< Книга Иова 35 >

1 Отвещав же еще Елиус, рече:
পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,
2 что сие мнил еси на суде? Ты кто еси, яко рекл еси: прав есмь пред Господем?
“মোৰ কি উপকাৰ? বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?
3 Или речеши: что сотворю согрешив?
এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে?
4 Аз же ти дам ответ и трием другом твоим.
মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,
5 Воззри на небо и виждь: смотри же на облаки, коль высоки суть от тебе.
তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।
6 Аще согрешил еси, что сотвориши? Аще же и много беззаконновал еси, что можеши сотворити?
তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?
7 Понеже убо праведен еси, что даси Ему? Или что из руки твоея возмет?
তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
8 Мужеви подобному тебе нечестие твое, и сыну человеческому правда твоя.
তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।
9 От множества оклеветаемии воззовут, возопиют от мышцы многих:
অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
10 и не рече: где есть Бог сотворивый мя, устрояяй стражбы нощныя,
১০যি জনাই ৰাতি গীত গোৱাই,
11 отделяяй мя от четвероногих земных и от небесных птиц?
১১যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
12 Тамо воззовут, и не имаши услышати, и от досады злых.
১২তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে।
13 Безместная бо видети не хощет Господь: Сам бо Вседержитель зритель есть творящих беззаконная, и спасет мя.
১৩বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।
14 Судися же пред Ним, аще можеши похвалити Его, якоже есть и ныне.
১৪তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
15 Яко несть посещаяй гневом Своим, и не позна прегрешения коеголибо зело.
১৫কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;
16 Иов же всуе отверзает уста своя, неведением словеса отягощает.
১৬এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।

< Книга Иова 35 >