< Книга Иова 21 >

1 Отвещав же Иов, рече:
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2 послушайте, послушайте словес моих, да не будет ми от вас сие утешение:
তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
3 потерпите ми, аз же возглаголю, таже не посмеетемися.
অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
4 Что бо? Еда человеческо ми обличение? Или почто не возярюся?
মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
5 Воззревшии на мя удивитеся, руку положше на ланите.
তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
6 Аще бо воспомяну, ужаснуся: обдержат бо плоть мою болезни.
যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
7 Почто нечестивии живут, обетшаша же в богатстве?
দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
8 Семя их по души, чада же их пред очима.
সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
9 Домове их обилнии суть, страх же нигде, раны же от Господа несть на них.
সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
10 Говядо их не изверже: спасена же бысть их имущая во чреве и не лишися.
১০সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
11 Пребывают же яко овцы вечныя, дети же их предиграют,
১১সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
12 вземше псалтирь и гусли, и веселятся гласом песни.
১২সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
13 Скончаша во благих житие свое, в покои же адове успоша. (Sheol h7585)
১৩সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়। (Sheol h7585)
14 Глаголют же Господеви: отступи от нас, путий Твоих ведети не хощем:
১৪তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
15 что достоин, яко да поработаем Ему? И кая польза, яко да взыщем Его?
১৫সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
16 В руках бо их бяху благая, дел же нечестивых не надзирает.
১৬চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
17 Обаче же и нечестивых светилник угаснет, найдет же им развращение, болезни же их оымут от гнева:
১৭দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
18 будут же аки плевы пред ветром, или якоже прах, егоже взя вихр.
১৮কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
19 Да оскудеют сыном имения его: воздаст противу ему, и уразумеет.
১৯তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
20 Да узрят очи его свое убиение, от Господа же да не спасется.
২০তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
21 Яко воля его с ним в дому его, и числа месяцей его разделишася.
২১কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
22 Не Господь ли есть научаяй разуму и хитрости? Тойже мудрых разсуждает.
২২যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
23 Той умрет в силе простоты своея, всецел же благодушествуяй и благоуспеваяй,
২৩সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
24 утроба же его исполнена тука, мозг же его разливается.
২৪তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
25 Ов же умирает в горести души, не ядый ничтоже блага.
২৫আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
26 Вкупе же на земли спят, гнилость же их покры.
২৬সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
27 Темже вем вас, яко дерзостию належите ми,
২৭চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
28 яко речете: где есть дом княжь? И где есть покров селений нечестивых?
২৮কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
29 Вопросите мимоходящих путем, и знамения их не чужда сотворите.
২৯তোমালোকে পথিকবিলাকক সোধা নাই নে?
30 Яко на день пагубы соблюдается нечестивый, и в день гнева Его отведен будет.
৩০দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
31 Кто возвестит пред лицем его путь его, и еже той сотвори, кто воздаст ему?
৩১তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
32 И той во гроб отнесен бысть, и на гробищих побде.
৩২তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
33 Усладися ему дробное камение потока, и вслед его всяк человек отидет, и пред ним безчисленнии.
৩৩আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
34 Како же мя утешаете суетными? А еже бы мне почити от вас, ничтоже.
৩৪তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”

< Книга Иова 21 >