< Книга пророка Иеремии 37 >

1 И царствова Седекиа сын Иосиин вместо Иехонии сына Иоакимова, егоже постави Навуходоносор царь Вавилонский царствовати во Иудеи.
বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
2 И не послуша той и отроцы его и людие земли словес Господних, яже глагола рукою Иеремииною.
কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
3 И посла царь Седекиа Иоахала сына Селемиина и Софонию сына Массеа жерца ко Иеремии пророку, глаголя: молися за ны ко Господу Богу нашему.
গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
4 Иеремиа же свободен прихождаше и прохождаше среде града, не введоша бо его во храмину темничную.
সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
5 И сила фараоня изыде из Египта, и слышавше Халдее облегшии Иерусалим слух их, отступиша от Иерусалима.
পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
6 И бысть слово Господне ко Иеремии глаголя:
তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
7 тако рече Господь Бог Израилев: тако речеши царю Иудину, пославшему к тебе вопросити Мя: се, сила фараоня, изшедшая вам на помощь, возвратится паки до земли Египетския,
“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
8 и возвратятся Халдее и повоюют град сей, и возмут его и пожгут его огнем.
আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
9 Яко тако рече Господь: не прельщайте душ своих, глаголюще: отходяше отидут от нас Халдее: яко не отидут.
যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
10 И аще побиете всю силу Халдеев воюющих на вы, и останут нецыи язвени, кийждо на месте своем, сии востанут и пожгут град сей огнем.
১০কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
11 И бысть егда взыде сила Халдейска от Иерусалима, от лица силы фараони,
১১কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
12 изыде Иеремиа из Иерусалима ити в землю Вениаминю, еже купити оттуду посреде людий.
১২সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
13 Внегда же быти ему во вратех Вениаминих, и (бысть) тамо человек, у негоже обита Саруиа сын Селемиин, сына Ананиина, и взя Иеремию, глаголя: ко Халдеем ты бежиши.
১৩পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
14 И рече Иеремиа: лжа, не ко Халдеем аз бегу. И не послуша его. И взя Саруиа Иеремию и приведе его ко князем.
১৪তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
15 И разгневашася князи на Иеремию и биша его, и послаша его в дом Ионафана книгочия, яко той сотвориша храминою темничною.
১৫সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
16 И прииде Иеремиа в дом рва и в херет, и седе ту дни многи.
১৬যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
17 И посла Седекиа царь и призва его, и вопрошаше его царь отай, аще есть слово от Господа? И рече ему Иеремиа: есть. И рече: в руце царя и Вавилонска предан будеши.
১৭চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
18 И рече Иеремиа царю: чим преобидех тя и отроки твоя и люди сия, яко ты вдаеши мя в дом темничный?
১৮যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
19 И где суть пророцы ваши прорицавшии вам, глаголюще, яко не приидет царь Вавилонский на вас и на землю сию?
১৯আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
20 Ныне же послушай, молютися, господи мой, царю, да падет моление мое пред лицем твоим: и не посылай мя паки в дом Ионафана книгочия, да не умру тамо.
২০এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
21 И повеле царь, и ввергоша его во храмину темничную, и даяху ему хлеб един на день извне, идеже пекут, дондеже скончашася хлебы из града. И седяше Иеремиа во дворе темничнем.
২১তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।

< Книга пророка Иеремии 37 >