< Книга пророка Иеремии 3 >

1 Аще отпустит муж жену свою, и отидет от него и будет мужу иному, еда возвращающися возвратится к нему паки? Еда непорочна будет и неосквернена жена та? Ты же соблудила еси с пастырьми многими, и возвращалася еси и ко Мне, глаголет Господь.
মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
2 Воздвигни очи твои на правоту и виждь, где не смесилася еси? На путех сидела еси аки врана особящаяся и осквернила еси землю в любодеяниих и в лукавствех твоих,
“চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
3 и имела еси пастырей многих в претыкание себе: лице жены блудницы бысть тебе, не хотела еси постыдетися ко всем.
সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
4 Не аки ли домом Мене нарекла еси и Отцем и вождем девства твоего?
তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
5 Еда пребудет во век, или сохранится в победу? Сия глаголала еси, и сотворила еси злая, и возмогла еси.
তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!’ চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
6 И рече Господь ко мне во дни Иосии царя: видел ли еси, яже сотвори ми дом Израилев? Поидоша на всяку гору высоку и под всяко древо листвяно и соблудиша тамо.
যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।
7 И рекох по внегда прелюбодействовати ему во всех сих: ко Мне обратися. И виде преступление его преступница Иудеа сестра его.
মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
8 И видех, яко о всех (изобличен есть), в нихже ят бысть, в нихже любодействова дом Израилев: сего ради отпустих и и дах ему книгу распустную в руце его. Обаче не убояся преступница Иудеа (сестра его), но иде и соблудила есть и та:
আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
9 и бысть ни во что блуд ея, и оскверни землю, и соблудила есть с каменем и со древом.
তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
10 И во всех сих не обратися ко Мне преступница сестра ея Иудеа от всего сердца своего, но во лжи, рече Господь.
১০ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
11 И рече Господь ко мне: оправда душу свою отступница Израиль, паче преступницы Иудеи:
১১তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
12 иди, и прочти словеса та к северу, и речеши: обратися ко мне, доме Израилев, рече Господь: и не утвержду лица Моего на вас, яко милостив Аз есмь, рече Господь, и не прогневаюся на вы во веки.
১২গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
13 Обаче веждь беззаконие твое, яко в Господа Бога твоего преступила еси, и расточила еси пути твоя чуждим под всяким древом листвяным, гласа же Моего не послушала еси, рече Господь.
১৩তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
14 Обратитеся, сынове отступившии, глаголет Господь: яко Аз возобладаю вами и поиму вы единаго от града и двух от племене, и введу вас в Сион
১৪যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী! তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
15 и дам вам пастыри по сердцу Моему, и упасут вас разумом и учением.
১৫তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
16 И будет, егда умножитеся и возрастете на земли, глаголет Господь, во дни оны не рекут ктому: кивот завета Святаго Израилева: не взыдет на сердце, ни воспомянется, ниже посетится, ниже сотворится ктому.
১৬যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
17 Во дни оны нарекут Иерусалима престол Господень, и соберутся к нему вси языцы во имя Господне во Иерусалим, и не пойдут ктому вслед похотей сердца своего злейшаго.
১৭সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
18 Во днех тех приидет дом Иудин ко дому Израилеву, и пойдут вкупе от земли северныя и от всех стран к земли, юже дах в наследие отцем их.
১৮সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
19 Аз же рех: да будет, Господи, яко положу тя в чада и дам тебе землю избранную, достояние Бога Вседержителя языков: и рекох: отцем наречете Мя и от Мене не отвратитеся.
১৯আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
20 Обаче якоже отвергается жена сожителя своего, тако отвержеся от Мене дом Израилев, рече Господь.
২০কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
21 Глас из устен слышан бысть плача и моления сынов Израилевых, яко беззаконноваша в путех своих, забыша Господа Бога святаго своего.
২১“গছশূন্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তান সকলৰ কান্দোন আৰু কাকুতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
22 Возвратитеся, сынове возвращаюшиися, и изцелю сокрушения ваша. Се, рабы мы будем Тебе, Ты бо еси Господь Бог наш.
২২যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তান সকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
23 Истинно лживи быша холми и множество гор, токмо Господем Богом нашим спасение Израилево.
২৩স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
24 Студ же пояде труды отец наших, от юности нашея, овцы их и телцы их, и сыны их и дщери их.
২৪কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
25 Уснухом в постыдении нашем, и покры нас безчестие наше, яко Господу Богу нашему согрешихом, мы и отцы наши, от юности нашея даже до сего дне, и не послушахом гласа Господа Бога нашего.
২৫সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”

< Книга пророка Иеремии 3 >