< Книга пророка Исаии 33 >

1 Горе обидящым вас! Вас никтоже и изобидит, и отвергаяй вас не отвержет: пленени будут отметающии (вас) и предадятся, и яко молие в ризе, тако побеждени будут.
নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
2 Господи, помилуй ны, на Тя бо уповахом: бысть племя непокаряющихся в пагубу, спасение же наше во время печали.
হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।
3 Гласом страха Твоего ужасошася людие от страха Твоего, и разсеяшася языцы.
কোলাহল শব্দত লোক সমূহ পলাব; আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ চিন্ন ভিন্ন হ’ব।
4 Ныне же соберутся корысти вашя малаго и великаго: якоже аще кто соберет пруги, тако наругаются вам.
কাকতী ফৰিঙে গোটোৱাৰ দৰে তোমাৰ ধ্বংস গোটোৱা হ’ব, ফৰিংবোৰে জপিওৱাৰ দৰে তাৰ ওপৰত লোকসকলে জাঁপ দিব।
5 Свят Бог живый в вышних, наполнися Сион суда и правды.
যিহোৱা উন্নত, তেওঁ উদ্ধলোকত বাস কৰে; তেওঁ চিয়োনক ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰিব।
6 В законе предадятся, в сокровищих спасение наше, тамо премудрость и хитрость и благочестие ко Господеви: сия суть сокровища правды.
তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান, আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ’ব; যিহোৱা বিষয়ক ভয়েই তেওঁৰ পৰমধন।
7 Се, ныне во страсе вашем тии убоятся: ихже боястеся, возопиют от вас: вестницы бо послани будут горце плачущеся, просяще мира.
চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে; কুটনীতিজ্ঞ সকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে।
8 Опустеют бо сих путие: преста страх языков, и завет иже к ним вземлется, и не вмените их в человеки.
ৰাজপথবোৰ জনপ্রানীহীন হ’ল, তাত যাত্রীসকল নোহোৱা হ’ল। চুক্তিবোৰ ভঙা হ’ল, সাক্ষ্যবোৰক অৱজ্ঞা কৰা হ’ল, আৰু নগৰবোৰক অসন্মানিত কৰা হ’ল।
9 Восплакася земля, посрамлен Ливан, блато бысть Саронь: явлена будет Галилеа и Хермель.
দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানোনে বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
10 Ныне воскресну, глаголет Господь, ныне прославлюся, ныне вознесуся.
১০যিহোৱাই কৈছে, “এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ’ম, এতিয়াই মই উন্নীত হ’ম।
11 Ныне узрите, ныне ощутите, тщетна будет крепость духа вашего: огнь вы пояст.
১১তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিঃশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।
12 И будут языцы пожжени, аки терние на ниве разметано и пожжено.
১২কাঁটিয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূণ হ’ব।
13 Услышат дальнии, яже сотворих, (глаголет Господь, ) уведят приближающиися крепость Мою.
১৩তোমালোক যি সকল দূৰৈত আছা, মই কৰা কাৰ্যৰ কথা শুনা; আৰু তোমালোক যি সকল ওচৰত আছা, মোৰ পৰাক্ৰম স্বীকাৰ কৰা।”
14 Отступиша, иже в Сионе, беззаконницы, приимет трепет нечестивыя: кто возвестит вам, яко огнь горит? Кто возвестит вам место вечное?
১৪চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মি জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
15 Ходяй в правде, глаголяй правый путь, ненавидяй беззакония и неправды и руце оттрясаяй от даров: отягчаваяй ушы, да не услышит суда крове: смежаяй очи, да не узрит неправды,
১৫যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
16 сей вселится во высоце пещере камене крепкаго: хлеб ему дастся и вода его верна.
১৬সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
17 Царя со славою узрите, и очи ваши узрят землю издалеча,
১৭তুমি নিজ চকুৰে ৰজাক তেওঁৰ সুন্দৰ অৱস্থাত থকা দেখিবা, তেওঁলোকে বিশাল দেশ দেখিব।
18 душа ваша поучится страху Господню: где суть книгочии? Где суть совещавающии? Где есть изчитаяй питаемыя малы и велики люди?
১৮তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
19 Имже не совещаше, ниже ведяше глубокий глас имущаго, яко не слышати людем уничтоженым, и несть слышащему смысла.
১৯তুমি বুজিব নোৱাৰা অপৰিচিত ভাষা কোৱা, অবাধ্য মানুহ আৰু দেখিবলৈ নাপাবা।
20 Се, Сион град, спасение наше, очи твои узрят, Иерусалиме, граде богатый, кущы не поколеблются, ниже подвигнутся колие храмины его в вечное время, и ужя его не преторгнутся.
২০আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।
21 Яко имя Господне велико вам есть, место вам будет, реки и ровенницы широцы и пространни: не пойдеши по сему пути, ниже пойдет корабль пловущь:
২১তাৰ পৰিবর্তে, বহল নদীবোৰত আৰু সুঁতীবোৰত মহান যিহোৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ, আৰু প্ৰকাণ্ড জাহাজ নচলিব।
22 Бог бо мой велик есть: не минет мене Господь судия наш, Господь князь наш, Господь царь наш, Господь Той нас спасет.
২২কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
23 Прервашася ужя твоя, яко не укрепишася: щогла твоя преклонися, не распустит ветрил, не воздвигнет знамения, дондеже предастся на пленение: темже мнози хромии плен сотворят,
২৩তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।
24 и не рекут: труждаемся, людие живущии в них, оставися бо им грех.
২৪“মই অসুস্থ,” এই বুলি বাসিন্দা সকলে নক’ব, তাত থকা লোকসকলৰ অপৰাধ ক্ষমা কৰা হ’ব।

< Книга пророка Исаии 33 >