< Бытие 16 >

1 Сара же жена Аврамля не раждаше ему: бяше же ей раба Египтяныня, ейже имя Агарь.
অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিঃসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।
2 Рече же Сара ко Авраму: се, заключи мя Господь, еже не раждати: вниди убо к рабе моей, да чада сотворю от нея. Послуша же Аврам гласа Сарина.
এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
3 И поимши Сара жена Аврамля Агарь Египтяныню рабу свою, по десяти летех вселения Аврамля в земли Ханаани, даде ю в жену Авраму мужу своему.
কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
4 И вниде ко Агари, и зачат: и виде, яко во чреве имать, и укорена бысть госпожа (ея) пред нею.
অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে।
5 И рече Сара ко Авраму: обида ми от тебе: аз дах рабу мою в недро твое: она же видевши, яко во чреве имать, укорена бых пред нею: суди Бог между мною и тобою.
সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।”
6 Рече же Аврам к Саре: се, раба твоя в руку твоею: твори ей, якоже ти есть угодно. И озлоби ю Сара: и отбеже от лица ея.
অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল।
7 И обрете ю Ангел Господень у источника воды в пустыни, у источника на пути Сур.
পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
8 И рече ей Ангел Господень: Агарь, рабо Сарина, откуду идеши и камо грядеши? И рече: от лица Сары госпожи моея аз бегу.
যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
9 Рече же ей Ангел Господень: возвратися к госпоже своей и покорися под руку ея.
তেতিয়া যিহোৱাৰ দূতে ক’লে, “তুমি তোমাৰ গৰাকীয়ণীৰ ওচৰলৈ উলটি যোৱা আৰু তেওঁৰ অধীনত থাকি বাধ্য হোৱা।”
10 И рече ей Ангел Господень: умножая умножу семя твое, и не сочтется от множества.
১০যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
11 И рече ей Ангел Господень: се, ты во чреве имаши и родиши сына, и наречеши имя ему Исмаил: яко услыша Господь смирение твое:
১১পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।
12 сей будет селный человек: руце его на всех, и руки всех на него, и пред лицем всея братии своея вселится.
১২মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
13 И призва Агарь имя Господа глаголющаго к ней: Ты Бог призревый на мя: яко рече: ибо предо мною видех явльшагося мне.
১৩এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
14 Сего ради прозва кладязь той: Кладязь, идеже предо мною видех: се между Кадисом и между Варадом.
১৪সেই নাদৰ নাম বেৰ-লহয়-ৰোৱী হ’ল; সেই নাদ কাদেচ আৰু বাৰদৰ মাজত অৱস্থিত
15 И роди Агарь Авраму сына, и нарече Аврам имя сыну своему, егоже роди ему Агарь, Исмаил.
১৫পাছত হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু অব্ৰামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইশ্মায়েল হ’ল।
16 Аврам же бе лет осмидесяти шести, егда роди Агарь Авраму Исмаила.
১৬অব্রামৰ ছয়াশী বছৰ বয়সত হাগাৰে অব্ৰামলৈ ইশ্মায়েলক প্ৰসৱ কৰিলে।

< Бытие 16 >