< Книга Екклезиаста 3 >

1 Всем время и время всяцей вещи под небесем:
প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।
2 время раждати и время умирати, время садити и время исторгати сажденое,
জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে।
3 время убивати и время целити, время разрушати и время созидати,
বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।
4 время плакати и время смеятися, время рыдати и время ликовати,
কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
5 время разметати камение и время собирати камение, время обымати и время удалятися от обымания,
শিল দলিয়াবৰ আৰু শিল গোটাবৰো সময় আছে। আঁকোৱালি লোৱাৰ সময় আৰু আঁকোৱালি ধৰাৰ পৰা আতৰি থকাৰ সময় আছে।
6 время искати и время погубляти, время хранити и время отреяти,
বস্তু বিচাৰিবৰ সময় আছে, পুনৰ নিবিচৰাৰো এক সময় আছে। বস্তু ৰাখি থোৱা আৰু পেলাবৰো এক এক সময় আছে।
7 время раздрати и время сшити, время молчати и время глаголати,
কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে।
8 время любити и время ненавидети, время брани и время мира.
ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।
9 Кое изюбилие творящаго, в нихже сам трудится?
শ্রমিকে তেওঁৰ পৰিশ্রমৰ কি ফল লাভ কৰে?
10 Видех попечение всяческое, еже даде Бог сыном человеческим, еже пещися в нем.
১০ঈশ্বৰে মনুষ্যক সম্পূর্ণ কৰিবলৈ যি কাম দিছে, তাক মই দেখিলোঁ।
11 Всяческая, яже сотвори, добра (суть) во время свое, ибо всякий век дал есть в сердце их, яко да не обрящет человек сотворения, еже сотвори Бог от начала и даже до конца.
১১নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।
12 Уразумех, яко несть благо в них, но токмо еже веселитися и еже творити благо в животе своем:
১২মই জানিলোঁ যে, মানুহৰ বাবে জীৱন কালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই।
13 ибо всяк человек, иже яст и пиет и видит благое во всем труде своем, сие даяние Божие есть.
১৩ইও ঈশ্বৰৰ দান। প্ৰত্যেক মানুহে খোৱা-বোৱা কৰি সকলো কার্যতে সন্তুষ্ট হৈ থকা উচিত।
14 Разумех, яко вся, елика сотвори Бог, сия будут во век: к тем несть приложити и от тех несть отяти, и Бог сотвори, да убоятся от лица Его:
১৪মই জানো যে, ঈশ্বৰে যি যি কৰে, সেই সকলো চিৰকাল থাকে; তাক বঢ়াবও নোৱাৰি বা কমাবও নোৱাৰি; ঈশ্বৰে এনেদৰে কৰিলে যাতে মানুহে তেওঁক ভয় কৰে।
15 бывшее уже есть, и елика имут быти, уже быша, и Бог взыщет гонимаго.
১৫যি যি আছে, সেয়ে পূর্বেও আছিল; যি যি হব, সেয়াও পূর্বে আছিল; যি হৈ গ’ল, ঈশ্বৰে পুনৰ তাকেই বিচাৰে।
16 И еще видех под солнцем место суда, тамо нечестивый, и место праведнаго, тамо благочестивый.
১৬মই সূৰ্যৰ তলত আৰু এক বিষয় দেখিলোঁ যে, ন্যায় বিচাৰ আৰু ধার্মিকর্তাৰ ঠাইত দুষ্টতা আছে।
17 И рех аз в сердцы моем: праведнаго и нечестиваго судит Бог: яко время всяцей вещи и на всяцем сотворении тамо.
১৭মই মনতে ক’লো, “ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব; কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে।”
18 Рех аз в сердцы моем о глаголании сынов человеческих, яко разсудит их Бог: и еже показати, яко сии скоти суть:
১৮মই মনতে ক’লো, “ঈশ্বৰে লোকসকলক যেন পৰীক্ষা কৰি বুজিবলৈ দিয়ে যে, তেওঁলোক নিজে পশুতুল্য।”
19 ибо и тем якоже случай сынов человеческих и случай скотский, случай един им: якоже смерть того, тако и смерть сего, и дух един во всех: и что излишше имать человек паче скота? Ничтоже: яко всяческая суета.
১৯কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে; পশু যেনেকৈ মৰে, মানুহো মৰে। উভয়ে একে বাযু়ৰ শ্বাস-প্ৰশ্বাস লয়; সেয়ে পশুতকৈ মানুহৰ কোনো প্রাধান্য নাই; কিয়নো একোৱেই স্থায়ী নহয়।
20 Вся идут во едино место: вся быша от персти и вся в персть возвращаются.
২০সকলোৱেই একে মাটিলৈকে যায়; সকলোৱেই ধুলিৰ পৰা আহিছে আৰু ধুলিলৈকে উলটি যায়।
21 И кто весть дух сынов человеческих, аще той восходит горе? И дух скотский, аще низходит той долу в землю?
২১মানুহৰ প্রাণবায়ু যে উৰ্দ্ধগামী হয় আৰু পশুৰ প্ৰাণবায়ু যে মাটিৰ তললৈ অধোগামী হয়, তাক কোনে জানে?
22 И видех, яко несть благо, но токмо еже возвеселится человек в творениих своих, яко сия часть его: понеже кто приведет его видети то, еже будет по нем?
২২মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।

< Книга Екклезиаста 3 >