< Книга пророка Даниила 9 >

1 В первое лето Дариа сына Ассуирова, от племене Мидска, иже царствова во царстве Халдейстем,
মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
2 в лето первое царства его, аз Даниил разумех в книгах число лет, о немже бысть слово Господне ко Иеремии пророку, на скончание опустения Иерусалимля седмьдесят лет.
দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
3 И дах лице мое к Господу Богу, еже взыскати молитвы и прошения в посте и во вретищи и пепеле,
তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
4 и молихся ко Господу Богу моему и исповедахся и рех: Господи, Боже великий и чудный, храняй завет Твой и милость Твою любящым Тя и хранящым заповеди Твоя:
মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
5 согрешихом, беззаконновахом, нечествовахом и отступихом и уклонихомся от заповедий Твоих и от судов Твоих
আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
6 и не послушахом раб Твоих пророков, иже глаголаша во имя Твое ко царем нашым и князем нашым, и отцем нашым и всем людем земли.
আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
7 Тебе, Господи, правда, нам же стыдение лица, якоже день сей, мужу Иудину, и живущым во Иерусалиме, и всему Израилю, и ближним и дальним во всей земли, идеже разсеял еси я тамо, во отвержении их, имже отвергошася Тебе, Господи.
হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
8 Тебе, Господи, есть правда, нам же стыдение лица, и царем нашым и князем нашым и отцем нашым, иже согрешихом Тебе.
হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
9 Господу же Богу нашему щедроты и очищения, яко отступихом от Господа
আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
10 и не послушахом гласа Господа Бога нашего, ходити в законех Его, ихже даде пред лицем нашим рукою раб Своих пророков.
১০আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
11 И весь Израиль преступи закон Твой, и уклонишася еже не послушати гласа Твоего: и прииде на ны клятва и заклятие вписаное в законе Моисеа раба Божия, яко согрешихом Ему.
১১ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
12 И устави словеса Своя, яже глагола на ны и на судии нашя, иже судиша нам, навести на ны злая великая, яковых не бысть под всем небесем, по (всем) бывшым во Иерусалиме,
১২যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
13 якоже есть писано в законе Моисеове, вся злая сия приидоша на ны: и не помолихомся лицу Господа Бога нашего, отвратитися от неправд наших, и еже смыслити во всей истине Твоей (Господи).
১৩মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
14 И убудися Господь Бог на злобу нашу и наведе сия на ны, яко праведен Господь Бог наш во всем деянии Своем, еже сотвори, и не послушахом гласа Его.
১৪সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
15 И ныне, Господи, Боже наш, иже извел еси люди Твоя от земли Египетския рукою крепкою и сотворил еси Себе Самому имя, якоже день сей, согрешихом, беззаконновахом.
১৫এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
16 Господи, всем помилованием Твоим да отвратится ярость Твоя и гнев Твой от града Твоего Иерусалима, от горы святыя Твоея: яко согрешихом неправдами нашими и беззаконием отец наших, Иерусалим и людие Твои во укоризну быша во всех окрестных нас.
১৬হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
17 И ныне, Господи, Боже наш, услыши молитву раба Твоего и прошение его, и яви лице Твое на святилище Твое опустевшее, Тебе ради, Господи.
১৭এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
18 Приклони, Господи, Боже мой, ухо Твое и услыши, отверзи очи Твои и виждь потребление наше и града Твоего, в немже призвася имя Твое, яко не на нашя правды (уповающе) повергаем моление наше пред Тобою, но на щедроты Твоя многия, Господи.
১৮হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
19 Услыши, Господи, очести, Господи, вонми, Господи, и сотвори, и не закосни Тебе ради, Боже мой, яко имя Твое призвася во граде Твоем и в людех Твоих.
১৯হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
20 Еще же ми глаголющу и молящуся и исповедающу грехи моя и грехи людий моих Израиля, и припадающу с молением моим пред Господем Богом моим о горе святей Его:
২০এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
21 и еще глаголющу ми в молитве, и се, муж Гавриил, егоже видех в видении моем в начале, парящь, и прикоснуся мне, аки в час жертвы вечерния,
২১এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
22 и вразуми мя, и глагола ко мне, и рече: Данииле, ныне изыдох устроити тебе разум:
২২তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
23 в начале молитвы твоея изыде слово, и аз приидох возвестити тебе, яко муж желаний еси ты, размысли о словеси и разумей во явлении.
২৩যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
24 Седмьдесят седмин сократишася о людех твоих и о граде твоем святем, яко да обетшает согрешение, и скончается грех, и запечатаются греси, и загладятся неправды, и очистятся беззакония, и приведется правда вечная: и запечатается видение и пророк, и помажется Святый святых.
২৪অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
25 И увеси и уразумееши от исхода словесе, еже отвещати и еже соградити Иерусалим, даже до Христа Старейшины седмин седмь и седмин шестьдесят две: и возвратится, и соградится стогна и забрала, и истощатся лета.
২৫সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
26 И по седминах шестидесяти двух потребится помазание, и суд не будет в нем: град же и святое разсыплется со старейшиною грядущим, и потребятся аки в потопе, и до конца рати сокращенныя чином, погибельми.
২৬বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
27 И утвердит завет мнозем седмина едина: в пол же седмины отимется жертва и возлияние, и во святилищи мерзость запустения будет, и даже до скончания времене скончание дастся на опустение.
২৭এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।

< Книга пророка Даниила 9 >