< Книга пророка Амоса 5 >

1 Слышите слово Господне, имже аз приемлю на вы плачь: дом Израилев падеся и ктому не приложит востати:
হে ইস্ৰায়েল-বংশ; মই তোমালোকৰ যি বিষয় লৈ বিলাপ কৰিছোঁ, সেই বিষয়ে তোমালোকে শুনা।
2 девица Израилева повержена на земли своей, несть возставляющаго ю.
“কুমাৰী ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”
3 Понеже сия глаголет Господь Бог: из града, из негоже исхождаше тысяща, останется в нем сто: и из негоже исхождаше сто, останет в нем десять дому Израилеву.
কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “ইস্রায়েলৰ যি নগৰৰ পৰা এক হাজাৰ সৈন্য ওলাই যায়, তাৰে এশজন জীয়াই থাকিব আৰু যি নগৰৰ পৰা এশজন লোক ওলাই যায়, তাৰ মাত্র দহ জন ইস্ৰায়েল-বংশলৈ অৱশিষ্ট থাকিব।”
4 Понеже сия глаголет Господь к дому Израилеву: взыщите Мене и поживете:
যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
5 а не взыскуйте Вефиля и в Галгалу не входите и ко кладязю клятвы не ходите, яко Галгала пленяема пленится, и Вефиль будет аки не быв.
কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।
6 Взыщите Господа и поживете, яко да не возжжется яко огнь дом Иосифов, и пояст его, и не будет угашающаго дому Израилева.
তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎএলত কোনো নাথাকিব।
7 Господь творяй в высоту суд и правду на земли положи:
তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।
8 творяй вся и претворяяй, и обращаяй во утро сень смертную и день в нощь помрачаяй, призываяй воду морскую и разливаяй ю на лице земли:
যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জল সমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!
9 Господь Бог Вседержитель имя Ему: разделяяй сокрушение на крепость и бедство на твердыню наводяй.
তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আঁহে।
10 Возненавидеша у врат наказующаго, и словом праведным возгнушашася.
১০নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।
11 Сего ради понеже пястьми биете убогих и дары избранны приясте от них: домы украшены соградисте, и не вселитеся в них, винограды вожделенны насадисте, и не имате пити вина от них.
১১তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
12 Яко уведех многа нечестия ваша, и крепцы греси ваши, попирающе праведнаго, приемлюще премены и убогия от врат отреяюще.
১২কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
13 Сего ради смысляй в то время премолчит, яко время лукаво есть.
১৩সেই বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু: সময়।
14 Взыщите добра, а не зла, яко да поживете, и будет тако с вами Господь Бог Вседержитель, якоже ресте:
১৪তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।
15 возненавидехом злая и возлюбихом добрая: и возставите у врат суд, яко да помилует Господь Бог Вседержитель оставшая Иосифова.
১৫যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
16 Сего ради сия глаголет Господь Бог Вседержитель: на всех стогнах (будет) плачь, и на всех путех речется: увы люте, увы люте! Призовется земледелец на плачь и на рыдание, и на ведящих плачь,
১৬সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।
17 и на всех путех плачь, понеже пройду среде тебе, рече Господь.
১৭সকলো দ্ৰাক্ষাবাৰীতে বিলাপ হ’ব, কিয়নো মই তোমালোকৰ মাজেদি যাম।” যিহোৱাই এই কথা কৈছে।
18 Увы люте желающым дне Господня! Вскую вам сей день Господень? Сей бо есть тма, а не свет:
১৮তোমালোক যিসকলে প্ৰভুৰ বিচাৰৰ দিন চাবলৈ আকাংক্ষা কৰা, সেই লোকসকলক ধিক। তোমালোকে কিয় যিহোৱাৰ সোধবিচাৰৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়।
19 якоже аще убежит человек от лица льва, и нападет нань медведица: и вскочит в дом и опрется рукама своима о стену, и усекнет его змия.
১৯যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁক সাপে খুটে, তেনেদৰেই হ’ব সেইদিন।
20 Несть ли день Господень тма, а не свет, и мгла не имущи света своего?
২০যিহোৱাৰ দিন জানো পোহৰ নহৈ অন্ধকাৰ নহ’ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ’ব?
21 Возненавидех и отвергох праздники вашя и не обоняю жертв в сонмех ваших:
২১মই তোমালোকৰ পর্ববোৰ ঘিণ কৰোঁ, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম-সভাবোৰত আনন্দ নকৰোঁ।
22 зане аще принесете Ми всесожжения и жертвы вашя, не прииму, и на спасителная явления вашего не призрю.
২২তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম।
23 Отстави от Мене глас песней твоих, и песни органов твоих не послушаю.
২৩তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা; মই তোমালোকৰ বীণাৰ শব্দ শুনিব নোখোজোঁ;
24 И повалится якоже вода суд, и правда якоже водотеча непроходна.
২৪কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।
25 Еда заколения и требы принесосте Ми в пустыни лет четыредесять, доме Израилев?
২৫হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?
26 И восприясте скинию Молохову и звезду бога вашего Ремфана, образы, яже сотвористе себе.
২৬বৰং তোমালোকে নিজে নির্মাণ কৰা তোমালোকৰ ৰজা-দেৱতা চিক্কুত আৰু তৰা দেৱতা কিয়ুনৰ মূৰ্ত্তিক বৈ লৈ গৈছিলা।
27 И преселю вы далее Дамаска, глаголет Господь: Бог Вседержитель имя Ему.
২৭সেয়ে, মই তোমালোকক দম্মেচকৰ সিফালে বন্দী হিচাবে লৈ যাম।” মই বাহিনীগণৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যি জনৰ নাম বাহিনীগণৰ ঈশ্বৰ।”

< Книга пророка Амоса 5 >