< Вторая книга Царств 9 >

1 И рече Давид: есть ли еще оставшийся в дому Саули, и сотворю с ним милость Ионафана ради?
পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?”
2 И от дому Сауля бе отрок, и имя ему Сива: и призваша его к Давиду, и рече к нему царь: ты ли еси Сива? И рече: аз раб твой.
তাতে চীবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক দায়ূদৰ ওচৰলৈ মাতি অনাত, ৰজাই তেওঁক সুধিলে, “তুমি চীবা হোৱানে?” তেওঁ ক’লে, “আপোনাৰ দাস মই, সেয়ে হওঁ।”
3 И рече царь: остася ли от дому Сауля еще муж, и сотворю с ним милость Божию? И рече Сива к царю: еще есть сын Ионафанов, хром ногама.
পাছত ৰজাই সুধিলে, “মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাই নে?” তাতে চীবাই ৰজাক ক’লে, “যোনাথনৰ দুয়োখন ভৰি খোৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে।”
4 И рече царь: где есть? И рече Сива к царю: се, в дому Махира сына Амииля от Лодавара.
ৰজাই তেওঁক সুধিলে, “তেওঁ ক’ত আছে?” চীবাই ৰজাক ক’লে, “চাওক, তেওঁ লো-দবৰাত অম্মীয়েলৰ পুতেক মাখীৰৰ ঘৰত আছে।”
5 И посла царь Давид, и взя его из дому Махира сына Амииля от Лодавара.
তেতিয়া দায়ুদ ৰজাই লো-দবৰালৈ মানুহ পঠিয়াই অম্মীয়েলৰ পুত্ৰ মাখীৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে।
6 И прииде Мемфивосфей сын Ионафана сына Саулова к царю Давиду, и паде на лицы своем и поклонися ему. И рече ему Давид: Мемфивосфее. И рече: се, раб твой.
পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”
7 И рече ему Давид: не бойся, яко творя сотворю с тобою милость Ионафана ради отца твоего, и возвращу тебе вся села Саула деда твоего, и ты яждь хлеб на трапезе моей всегда.
তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”
8 И поклонися ему Мемфивосфей и рече: кто есмь аз раб твой, яко призрел еси на пса умершаго подобнаго мне?
তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”
9 И призва царь Сиву отрочища Сауля, и рече ему: вся елика суть Сауля и весь дом его дах сыну господина твоего:
পাছে ৰজাই চৌলৰ দাস সেই চীবাক মতাই ক’লে, “মই তোমাৰ প্ৰভুৰ পুত্ৰক, চৌলৰ আৰু তেওঁৰ সকলো বংশৰ সৰ্ব্বস্বকে দিলোঁ।
10 и делай ему землю ты и сынове твои и раби твои, и да приносиши сыну господина твоего хлебы, да яст: и Мемфивосфей сын господина твоего да яст хлеб всегда на трапезе моей. У Сивы же бяху пятьнадесять сынов и двадесять рабов.
১০এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।
11 И рече Сива к царю: по всем, елика заповеда господин мой царь рабу своему, тако сотворит раб твой. И Мемфивосфей ядяше на трапезе Давидове, якоже един от сынов царевых.
১১তেতিয়া চীবাই ৰজাক ক’লে, “মোৰ প্ৰভু মহাৰাজে, তেওঁৰ এই দাসক যি আজ্ঞা দিছে, সেই দৰে তেওঁৰ এই দাসে সকলোকেই কৰিব।” ৰজাই আৰু কলে, “মফিবোচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব।”
12 И Мемфивосфею сын бе мал, и имя ему Миха, и все обитание дому Сивина раби бяху Мемфивосфеовы.
১২সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।
13 И Мемфивосфей живяше во Иерусалиме, яко на трапезе цареве ядяше всегда: и той бяше хром обема ногама своима.
১৩আৰু মফিবোচতে যিৰূচালেমতে নিবাস কৰিলে আৰু তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰিলে; যদিওবা তেওঁৰ দুয়োখন ভৰি খোৰা আছিল।

< Вторая книга Царств 9 >