< Izlazak 16 >

1 Od Elima se podigoše, i sav zbor sinova Izrailjevijeh doðe u pustinju Sin, koja je izmeðu Elima i Sinaja, petnaestoga dana drugoga mjeseca pošto izidoše iz zemlje Misirske.
ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
2 I stade vikati sav zbor sinova Izrailjevijeh na Mojsija i na Arona u pustinji,
ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।
3 I rekoše im sinovi Izrailjevi: kamo da smo pomrli od ruke Gospodnje u zemlji Misirskoj, kad sjeðasmo kod lonaca s mesom i jeðasmo hljeba izobila! jer nas izvedoste u ovu pustinju da pomorite sav ovaj zbor glaðu.
ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
4 A Gospod reèe Mojsiju: evo uèiniæu da vam daždi iz neba hljeb, a narod neka izlazi i kupi svaki dan koliko treba na dan, da ga okušam hoæe li hoditi po mome zakonu ili neæe.
তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব।
5 A šestoga dana neka zgotove što donesu, a neka bude dvojinom onoliko koliko nakupe svaki dan.
তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”
6 I reèe Mojsije i Aron svijem sinovima Izrailjevijem: doveèe æete poznati da vas je Gospod izveo iz zemlje Misirske;
তাৰ পাছত মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক ক’লে, “গধূলি তোমালোকে জানিব পাৰিবা যে, যিহোৱাইহে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।”
7 A sjutra æete vidjeti slavu Gospodnju; jer je èuo viku vašu na Gospoda. Jer šta smo mi da vièete na nas?
ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”
8 I reèe Mojsije: doveèe æe vam dati Gospod mesa da jedete a ujutru hljeba da se nasitite; jer je èuo Gospod viku vašu, kojom vièete na nj. Jer što smo mi? Nije na nas vaša vika nego na Gospoda.
মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
9 I reèe Mojsije Aronu: kaži svemu zboru sinova Izrailjevih: pristupite pred Gospoda, jer je èuo viku vašu.
মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, তোমালোক যিহোৱাৰ ওচৰলৈ চাপি আহা; কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে।”
10 I kad reèe Aron svemu zboru sinova Izrailjevih, pogledaše u pustinju, i gle, slava Gospodnja pokaza se u oblaku.
১০হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
11 I Gospod reèe Mojsiju govoreæi:
১১তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
12 Èuo sam viku sinova Izrailjevih. Kaži im i reci: doveèe æete jesti mesa, a sjutra æete se nasititi hljeba, i poznaæete da sam ja Gospod Bog vaš.
১২“মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”
13 I uveèe doletješe prepelice i prekriliše oko, a ujutru pade rosa oko okola;
১৩গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।
14 A kad se diže rosa, a to po pustinji nešto sitno okruglo, sitno kao slana po zemlji.
১৪পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।
15 I kad vidješe sinovi Izrailjevi, govorahu jedan drugomu: šta je ovo? Jer ne znadijahu šta bješe. A Mojsije im reèe: to je hljeb što vam dade Gospod da jedete.
১৫ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”
16 To je za što zapovjedi Gospod: kupite ga svaki dan koliko kome treba za jelo, po gomor na glavu, po broju duša vaših, svaki neka uzme za one koji su mu u šatoru.
১৬যিহোৱাই দিয়া আজ্ঞা এই, “তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে; আৰু তোমালোক প্রতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ গোটাবা। এইদৰেই তোমালোকে গোটাবা: তোমালোকে তম্বুত থকা প্রতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা।”
17 I uèiniše tako sinovi Izrailjevi; i nakupiše koji više koji manje.
১৭তেতিয়া ইস্ৰায়েলী লোকসকলে সেইদৰেই কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে।
18 Pa mjeriše na gomor, i ne doðe više onom koji nakupi mnogo, niti manje onom koji nakupi malo, nego svaki nakupi koliko mu je trebalo da jede.
১৮তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
19 I reèe im Mojsije: niko da ne ostavlja od toga za sjutra.
১৯তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”
20 Ali ne poslušaše Mojsija, nego neki ostaviše od toga za sjutra, te se ucrva i usmrdje. I rasrdi se Mojsije na njih.
২০তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।
21 Tako ga kupljahu svako jutro, svaki koliko mu trebaše za jelo; a kad sunce ogrijevaše, tada se rastapaše.
২১প্রতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
22 A u šesti dan nakupiše hljeba dvojinom, po dva gomora na svakoga; i doðoše sve starješine od zbora, i javiše Mojsiju.
২২তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ, অৰ্থাৎ প্ৰতিজনৰ বাবে দুই ওমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মূখ্য লোকসকল মোচিৰ ওচৰলৈ আহি সেই কথা ক’লে।
23 A on im reèe: ovo kaza Gospod: sjutra je subota, odmor svet Gospodu; što æete peæi, pecite, i što æete kuhati, kuhajte danas; a što preteèe, ostavite i èuvajte za sjutra.
২৩মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
24 I ostaviše za sjutra, kao što zapovjedi Mojsije, i ne usmrdje se niti bješe crva u njemu.
২৪সেয়ে তেওঁলোকে মোচিৰ নিৰ্দেশ অনুসাৰে, ৰাতিপুৱালৈকে একাষৰিয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ’ল, আৰু তাত পোকো নহ’ল।
25 I reèe Mojsije: jedite to danas, jer je danas subota Gospodnja, danas neæete naæi u polju.
২৫মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
26 Šest æete dana kupiti, a sedmi je dan subota, tada ga neæe biti.
২৬তোমালোকে ছয় দিন সেইবোৰ গোটাবা; কিন্তু সপ্তম দিন বিশ্ৰাম-দিন হয়। সেয়ে বিশ্রাম বাৰে পথাৰত মান্না নাথাকিব।”
27 I u sedmi dan izidoše neki od naroda da kupe, ali ne naðoše.
২৭তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল; কিন্তু তেওঁলোকে একো বিচাৰি নাপালে।
28 A Gospod reèe Mojsiju: dokle æete se protiviti zapovjestima mojim i zakonima mojim?
২৮তেতিয়া যিহোৱাই মোচিক ক’লে, “তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা?
29 Vidite, Gospod vam je dao subotu, zato vam daje šestoga dana hljeba na dva dana. Stojte svaki na svom mjestu, i neka ne odlazi niko sa svojega mjesta u sedmi dan.
২৯চোৱা, মই যিহোৱা, ময়েই তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
30 I poèinu narod u sedmi dan.
৩০সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।
31 I dom Izrailjev prozva taj hljeb mana; a bijaše kao sjeme korijandrovo, bijela, i na jeziku kao medeni kolaèi.
৩১ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।
32 I reèe Mojsije: ovo je zapovjedio Gospod: napuni gomor toga, neka se èuva od koljena do koljena vašega, da vide hljeb, kojim sam vas hranio u pustinji kad vas izvedoh iz zemlje Misirske.
৩২মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”
33 I reèe Mojsije Aronu: uzmi krèag i naspi pun gomor mane, i metni pred Gospoda da se èuva od koljena do koljena vašega.
৩৩মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
34 I ostavi ga Aron pred svjedoèanstvom da se èuva, kao što zapovjedi Gospod Mojsiju.
৩৪যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
35 A sinovi Izrailjevi jedoše manu èetrdeset godina dok ne doðoše u zemlju u kojoj æe živjeti; jedoše manu dok ne doðoše na meðu zemlje Hananske.
৩৫ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
36 A gomor je desetina efe.
৩৬এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।

< Izlazak 16 >