< Maluko 9 >

1 Ayanjile wabhene, “Lwoliiyanga hulimwi bhawili abhanthu abhabhimilile epha ambao hagabhaibhoja ufye shausilye utawala uwa Ngulubhi pawayinza wikhone.”
যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
2 Na bada yinshikutanda, uYesu abhega aPetulo, Yakobo na Yohana palishimo numwene wigamba, bhene. Ndipo ahandile agaluhane mbele yao.
তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।
3 Amenda gakwe gaga luhana gana amulishe alabhe sana nabhe mazelu zaidi uzeluuwasa bhulavha wabhonthi munthi.
তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
4 Phepo aEliya pamoja nu Mose bhahafumila witazi lwabho, bhali bhayanga nu Yesu.
তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
5 U Petulo ajibula uYesu, “Umwalimo, shinza ati akhale epa, shimo shaliwe, shimo kwa ajili ya Mose na isha mwabhosha Eliya.”
তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
6 (Haga amenye ahawaziwa ayanje, bhahogopha sana.)
কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
7 Ibhingo lwa fumila nabha kwi shile. Ipo isauti ihafuma mwibhingo ihayanga, “Unu mwana wane uwingine. Mutejele zyaje yuyo.”
তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”।
8 Ghafla, pali bha wenya sabha halola uyalinao palishimo, ila uYesu mwene.
পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
9 Pali bhahwiha afume wigamba, amulila huje bhasaheze hubhele umuntu numo gala gunti agabha galolile, paka Umwana wa Adamu piizhyuha afume wabhafwe.
পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”।
10 Ipo paha ga uta amambo bhibho. Lelo bhayangana bhene kwa bhene lwenu imana yakwe “azyushe afume wa bhafwe”
১০তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
11 Bhaha bhuzya uYesu,”Yenu abhandishi bhaiga uEliya ayize nasonti?”
১১পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
12 Abhabhula, “lwoli Eliya sagabhiza afume ivhintu vhunti. Yenu isimbilwe Mwana wa Adamu lazima apate amalabha gaminji navhitililwe?
১২তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?
13 Lelo iyanga hulimwi lelo uEliya ahezele, bhahabhomba shabhayingine nishishila shaiganile, nishi amasimbo shaga yanga ahusu umwene.”
১৩কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
14 Pabha habhuya wasudwa, bhaha ilola imbunga ingosi izyungulile na Masadukayo bhabisanyaga ahabho bhabisanyaga anabho.
১৪পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
15 Pala pahalola, ibhunga yunti bhahashyiga nahunyilile hulamushe.
১৫তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
16 Abha bhuzywa asundwa abhakwe, “Mubisanya nao kuhusu iyenu?”
১৬তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
17 Umuntu umo muhati yabho ahajibula, “Mwalimo ihale ta umwana wane huliwe; ana iroho iyithavu ihubhomba huje anganda yayanje,
১৭তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
18 ihu fanya aje atete mamanje na hugwisye panzi, nafume ipofu mwilomu nasye amino naga gandane. Ihabhalabhile asundwa bhaho humwefye, lelo hagabhawezizwe.
১৮সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
19 Abhajibu, “Ishizazi ishasa shiwamini izakhale namwe humuda bhuli? Izawejelane namwe paka lii leti hulini? Mleteni kwangu.”
১৯তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
20 Bhaleta umwana wakwe. Iroho inhavhu palalala uYesu, gafla ihapela ateteme. Usahala agwile paka panzi naafumhe ipovhu wilomu.
২০তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
21 U Yesu ahabhuzya uyise, “Ihali ine ili awande muda ulyi?” Uyise ayanjile, “Aje afume uwana wakwe.
২১তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে;
22 Mumomumo itwala humwoto au mumenze naije la humwanga mizywe, kama uwezwa abhombe hahunthi utuhulumile natusaidile.”
২২আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
23 U Yesu abhulyile, “Akhashele uli tayali? Hala hantu hawezeha na waya yunthi uya wamini.”
২৩তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।”
24 Ghafla uyise wa mwana ahalila nayanje huje, “Iwamini! Nisaidie asinte awamini wane.”
২৪তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
25 Uwakati uYesu pahalola imbuga inyila abhale wabhene, ayikemela iroho inthavu nayanje, “awenohobubu uwasaga uhuvha, ihuwamuruleshe, usahinjile wamwene nanthele.”
২৫তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
26 Ahalila wikhone na huhangaisye umwana na iroho ihafumile. Umwana abhoneha uga afyile, Ipo abhinji bhayanjile, “Aje afyile,”
২৬তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”।
27 Lelo uYesu amwega nukhono abhusywa, umwana ahimelila.
২৭কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
28 Lula uYesu pahinjila muhatyi, asundwa bhakwe bhahabhuzya shisili, “Yenu satawezizye humwefye?”
২৮পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?”
29 Abhabhulile, “pipo ini haga iwepa ila pwavhile.”
২৯তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
30 Bhahepa pala najendele wi Galilaya. Haga ahazanga umuntu yayuthi amanye pawilyi,
৩০পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
31 pipo amanyizywaga asudwa bhakwe. Abhabhulile, “Umwana wa Adamu atwalya makhono mwa bhantyu, nahugoje. Paivha afwile, baada yinsiku tatu aizyuha nanthele.”
৩১কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
32 Lelo haga bhaha mwelewa agawelezya iza, bhahogopa hubhuzywe.
৩২কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
33 Ipo vhahafiha Karperinaumu. Wakati uhuo pali muhanthi nyumba abhuzizye, “Mwayanga naga yenu mwidala”?
৩৩এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
34 Lelo bhaha puma mie. Yani bisanya mwidala huje yunanu uwazabhe gosi zaidi.
৩৪কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
35 Ahakhala pansi abhakuga ilongo na bhamo bhabhilye pamo, ayanga nabho, “Umuntu khawaza abhe wa kwanza, nilazima abhe wa malishilo na wabhatumishile bha bhunthi.”
৩৫তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
36 Ahamwanya umwana udodo abhiha pahati yabho. Amwega makhono gakwe, ayanga,
৩৬তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
37 “Wabhodthi nishi unu witawa lyane, oyaabha amboshile ninengashele umuntu aposha, saga aphola nene tu, lelo nayula uwantumile.”
৩৭তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
38 U Yohana abhula, “Umwalimu tulolile umuntu kwa wefya iphepo witawa lwaho tuhathubhila, pepo haga atidaga anti.”
৩৮তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।”
39 Lelo uYesu ayanga, “Munganda hukhane pipo numo uwaibhomba imbombo ingosi witawa lwani na ipi pamandi ayanje injango imbivhi lwa lyunti.
৩৯তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
40 Wa bhuntyi uwasagali tofauti natwe ali hu pande witu.
৪০কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
41 Wabhuntyi uya yipela ishikombe iminzye agamwele pipo uli Kilisite, lyoli imba bhala hagaitezya usahala gwakwe.
৪১যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
42 Wa bhuntyi uyakosezwa hawa bhali bhali bhadodo abhanamini anye, wali shinza wa mwene apinyilwe inganga ilwasyele huzhingo natagwe muzhumbi.
৪২কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।
43 Khamba ukhono gwaho kha hukosela gundumulaje. Hubha washi awinjile huwomi bila khono kwiko awinjile kwenye hulozi ulinamakhono gutyi. Mula mumwoto “ugwasaguzimiha”. (Geenna g1067)
৪৩যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
44 (Inatila: Ulutanani ulu, “Pamahali ambapo intofyi sazifwa numwoto ugwasazimiha.” saga uwili katika nakala zakale).
৪৪
45 Igaga khashele likosezywa, lidumula. Je shiza huliwe awijile huwumi khalilema, kuliko atagwe hulozi namagaga gavhili. (Geenna g1067)
৪৫যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
46 (Inatila: Ulutanani ulu, “Amahali itofi hazifwa numwoto usiyoweza azimishe hagagu wili nakala izihali).
৪৬
47 Kama iliso lwaho khahukosezwa lisenyaje shinza hwilwe awinjile Utawala uwa Ngulubhi uli niso limo, kuliko kwingia ukiwa maso guntyi ulaje huje mwoto. (Geenna g1067)
৪৭আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। (Geenna g1067)
48 Pala apali nintafyi izya sazifya, numwoto ugwa saguzimia.
৪৮কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
49 Lelo phipo shila muntyu aifyula numwoto.
৪৯কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।
50 Umwonyi mwinza, lelo umwonyi khagutezye uwiza wakwe, gubhabhombe bhuli uwinza bhuye nathyena? Munje mwonyi muhatyi yinyu, na uwaushe wa shila umo.”
৫০লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”

< Maluko 9 >