< Захария 13 >

1 В тот день откроется источник дому Давидову и жителям Иерусалима для омытия греха и нечистоты.
“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
2 И будет в тот день, говорит Господь Саваоф, Я истреблю имена идолов с этой земли, и они не будут более упоминаемы, равно как лжепророков и нечистого духа удалю с земли.
বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
3 Тогда, если кто будет прорицать, то отец его и мать его, родившие его, скажут ему: тебе не должно жить, потому что ты ложь говоришь во имя Господа; и поразят его отец его и мать его, родившие его, когда он будет прорицать.
তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।
4 И будет в тот день, устыдятся такие прорицатели, каждый видения своего, когда будут прорицать, и не будут надевать на себя власяницы, чтобы обманывать.
তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব।
5 И каждый скажет: я не пророк, я земледелец, потому что некто сделал меня рабом от детства моего.
কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
6 Ему скажут: отчего же на руках у тебя рубцы? И он ответит: оттого, что меня били в доме любящих меня.
কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”
7 О, меч! поднимись на пастыря Моего и на ближнего Моего, говорит Господь Саваоф: порази пастыря, и рассеются овцы! И Я обращу руку Мою на малых.
“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
8 И будет на всей земле, говорит Господь, две части на ней будут истреблены, вымрут, а третья останется на ней.
যিহোৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব; কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।
9 И введу эту третью часть в огонь, и расплавлю их, как плавят серебро, и очищу их, как очищают золото: они будут призывать имя Мое, и Я услышу их и скажу: “это Мой народ”, и они скажут: “Господь - Бог мой!”
আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”

< Захария 13 >