< Числа 32 >

1 У сынов Рувимовых и у сынов Гадовых стад было весьма много; и увидели они, что земля Иазер и земля Галаад есть место годное для стад;
ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
2 и пришли сыны Гадовы и сыны Рувимовы и сказали Моисею и Елеазару священнику и князьям общества, говоря:
সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে,
3 Атароф и Дивон, и Иазер, и Нимра, и Есевон, и Елеале, и Севам, и Нево, и Веон,
অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
4 земля, которую Господь поразил пред обществом Израилевым, есть земля годная для стад, а у рабов твоих есть стада.
এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।”
5 И сказали: если мы нашли благоволение в глазах твоих, отдай землю сию рабам твоим во владение; не переводи нас чрез Иордан.
তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাসবোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”
6 И сказал Моисей сынам Гадовым и сынам Рувимовым: братья ваши пойдут на войну, а вы останетесь здесь?
তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
7 для чего вы отвращаете сердце сынов Израилевых от перехода в землю, которую дает им Господь?
যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
8 так поступили отцы ваши, когда я посылал их из Кадес-Варни для обозрения земли:
যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।
9 они доходили до долины Есхол, и видели землю, и отвратили сердце сынов Израилевых, чтобы не шли они в землю, которую Господь дает им;
কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
10 и воспылал в тот день гнев Господа, и поклялся Он, говоря:
১০এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,
11 люди сии, вышедшие из Египта, от двадцати лет и выше знающие добро и зло, не увидят земли, о которой Я клялся Аврааму, Исааку и Иакову, потому что они не повиновались Мне,
১১‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;
12 кроме Халева, сына Иефонниина, Кенезеянина, и Иисуса, сына Навина, потому что они повиновались Господу.
১২কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
13 И воспылал гнев Господа на Израиля, и водил Он их по пустыне сорок лет, доколе не кончился весь род, сделавший зло в очах Господних.
১৩এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
14 И вот, вместо отцов ваших восстали вы, отродье грешников, чтоб усилить еще ярость гнева Господня на Израиля.
১৪এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।
15 Если вы отвратитесь от Него, то Он опять оставит его в пустыне, и вы погубите весь народ сей.
১৫কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
16 И подошли они к нему и сказали: мы построим здесь овчие дворы для стад наших и города для детей наших;
১৬তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম;
17 сами же мы первые вооружимся и пойдем пред сынами Израилевыми, доколе не приведем их в места их; а дети наши пусть останутся в укрепленных городах, для безопасности от жителей земли;
১৭আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।
18 не возвратимся в домы наши, доколе не вступят сыны Израилевы каждый в удел свой;
১৮ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।
19 ибо мы не возьмем с ними удела по ту сторону Иордана и далее, если удел нам достанется по эту сторону Иордана, к востоку.
১৯আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
20 И сказал им Моисей: если вы это сделаете, если вооруженные пойдете на войну пред Господом,
২০তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
21 и пойдет каждый из вас вооруженный за Иордан пред Господом, доколе не истребит Он врагов Своих пред Собою,
২১তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে
22 и покорена будет земля пред Господом, то после возвратитесь и будете неповинны пред Господом и пред Израилем, и будет земля сия у вас во владении пред Господом;
২২আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।
23 если же не сделаете так, то согрешите пред Господом, и испытаете наказание за грех ваш, которое постигнет вас;
২৩কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
24 стройте себе города для детей ваших и дворы для овец ваших и делайте, что произнесено устами вашими.
২৪তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেৰ-ছাগ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।”
25 И сказали сыны Гадовы и сыны Рувимовы Моисею: рабы твои сделают, как повелевает господин наш;
২৫তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব।
26 дети наши, жены наши, стада наши и весь скот наш останутся тут в городах Галаада,
২৬আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু মেৰ-ছাগ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।
27 а рабы твои, все, вооружившись, как воины, пойдут пред Господом на войну, как говорит господин наш.
২৭কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
28 И дал Моисей о них повеление Елеазару священнику и Иисусу, сыну Навину, и начальникам племен сынов Израилевых,
২৮তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নুনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে।
29 и сказал им Моисей: если сыны Гадовы и сыны Рувимовы перейдут с вами за Иордан, все вооружившись на войну пред Господом, и покорена будет пред вами земля, то отдайте им землю Галаад во владение;
২৯মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
30 если же не пойдут они с вами вооруженные на войну пред Господом, то пошлите пред собою имение их, жен их и скот их в землю Ханаанскую, и они получат владение вместе с вами в земле Ханаанской.
৩০কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”
31 И отвечали сыны Гадовы и сыны Рувимовы и сказали: как сказал Господь рабам твоим, так и сделаем;
৩১তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম।
32 мы пойдем вооруженные пред Господом в землю Ханаанскую, а удел владения нашего пусть будет по эту сторону Иордана.
৩২আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”
33 И отдал Моисей им, сынам Гадовым и сынам Рувимовым, и половине колена Манассии, сына Иосифова, царство Сигона, царя Аморрейского, и царство Ога, царя Васанского, землю с городами ее и окрестностями, - города земли во все стороны.
৩৩পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।
34 И построили сыны Гадовы Дивон и Атароф, и Ароер,
৩৪গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
35 и Атароф-Шофан, и Иазер, и Иогбегу,
৩৫অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,
36 и Беф-Нимру и Беф-Гаран, города укрепленные и дворы для овец.
৩৬বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেৰ-ছাগবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে।
37 И сыны Рувимовы построили Есевон, Елеале, Кириафаим,
৩৭আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,
38 и Нево, и Ваал-Меон, которых имена переменены, и Сивму, и дали имена городам, которые они построили.
৩৮নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।
39 И пошли сыны Махира, сына Манассиина, в Галаад, и взяли его, и выгнали Аморреев, которые были в нем;
৩৯আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
40 и отдал Моисей Галаад Махиру, сыну Манассии, и он поселился в нем.
৪০পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।
41 И Иаир, сын Манассии, пошел и взял селения их, и назвал их: селения Иаировы.
৪১আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।
42 И Новах пошел и взял Кенаф и зависящие от него города, и назвал его своим именем: Новах.
৪২আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।

< Числа 32 >