< Romanos 1 >

1 Paulo, servo de Jesus Christo, chamado para apostolo, separado para o evangelho de Deus,
মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;
2 Que antes havia promettido pelos seus prophetas nas sanctas escripturas,
যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল,
3 Ácerca de seu Filho, que foi gerado da descendencia de David segundo a carne,
সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
4 Declarado Filho de Deus em poder, segundo o Espirito de sanctificação, pela resurreição dos mortos, Jesus Christo Nosso Senhor,
তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷
5 Pelo qual recebemos a graça e o apostolado, para a obediencia da fé entre todas as gentes pelo seu nome,
তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;
6 Entre os quaes sois tambem vós, os chamados de Jesus Christo.
সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক৷
7 A todos os que estaes em Roma, amados de Deus, chamados sanctos: Graça e paz de Deus nosso pae, e do Senhor Jesus Christo.
ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
8 Primeiramente dou graças ao meu Deus por Jesus Christo, ácerca de vós todos, porque em todo o mundo é annunciada a vossa fé.
প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
9 Porque Deus, a quem sirvo em meu espirito no evangelho de seu Filho, me é testemunha de como incessantemente faço menção de vós
কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
10 Rogando sempre em minhas orações que n'algum tempo, pela vontade de Deus, se me offereça boa occasião de ir ter comvosco.
১০মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11 Porque desejo ver-vos, para vos communicar algum dom espiritual, afim de que sejaes confortados;
১১কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷
12 Isto é: para que juntamente comvosco eu seja consolado pela fé mutua, assim vossa como minha.
১২আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13 Porém, irmãos, não quero que ignoreis que muitas vezes propuz ir ter comvosco (mas até agora tenho sido impedido) para tambem ter entre vós algum fructo, como tambem entre os demais gentios.
১৩হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷
14 Eu sou devedor, tanto a gregos como a barbaros, tanto a sabios como a ignorantes.
১৪গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷
15 Assim que, quanto a mim, estou prompto para tambem vos annunciar o evangelho, a vós que estaes em Roma.
১৫এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
16 Porque não me envergonho do evangelho de Christo, pois é o poder de Deus para salvação a todo aquelle que crê; primeiro ao judeo, e tambem ao grego.
১৬কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
17 Porque n'elle se descobre a justiça de Deus de fé em fé, como está escripto: Mas o justo viverá da fé.
১৭কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”
18 Porque do céu se manifesta a ira de Deus sobre toda a impiedade e injustiça dos homens, que deteem a verdade em injustiça.
১৮যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়;
19 Porquanto o que de Deus se pode conhecer n'elles está manifesto; porque Deus lh'o manifestou.
১৯কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।
20 Porque as suas coisas invisiveis, desde a creação do mundo, tanto o seu eterno poder, como a sua divindade, se entendem, e claramente se vêem pelas coisas que estão creadas, para que fiquem inexcusaveis; (aïdios g126)
২০কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; (aïdios g126)
21 Porquanto, tendo conhecido a Deus, não o glorificaram como Deus, nem lhe deram graças, antes em seus discursos se desvaneceram, e o seu coração insensato se obscureceu.
২১কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
22 Dizendo-se sabios, tornaram-se loucos.
২২নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;
23 E mudaram a gloria do Deus incorruptivel em similhança de imagem de homem corruptivel, e de aves, e de quadrupedes, e de reptis.
২৩আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
24 Pelo que tambem Deus os entregou ás concupiscencias de seus corações, á immundicia, para deshonrarem seus corpos entre si:
২৪এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে।
25 Pois mudaram a verdade de Deus em mentira, e honraram e serviram mais a creatura do que o Creador, que é bemdito eternamente. Amen. (aiōn g165)
২৫তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন। (aiōn g165)
26 Pelo que Deus os abandonou ás paixões infames. Porque até as suas mulheres mudaram o uso natural, no contrario á natureza.
২৬এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে;
27 E, similhantemente, tambem os varões, deixando o uso natural da mulher, se inflammaram em sua sensualidade uns para com os outros, varão com varão, commettendo torpeza e recebendo em si mesmos a recompensa que convinha ao seu erro.
২৭সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।
28 E, como elles se não importaram de reconhecer a Deus, assim Deus os entregou a um sentimento perverso, para fazerem coisas que não conveem;
২৮তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
29 Estando cheios de toda a iniquidade, fornicação, malicia, avareza, maldade; cheios de inveja, homicidio, contenda, engano, malignidade;
২৯তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;
30 Murmuradores, detractores, aborrecedores de Deus, injuriadores, soberbos, presumpçosos, inventores de males, desobedientes aos pães e ás mães;
৩০তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
31 Nescios, infieis nos contractos, sem affeição natural, irreconciliaveis, sem misericordia;
৩১তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷
32 Os quaes, conhecendo a justiça de Deus (que são dignos de morte os que praticam taes coisas), não sómente as fazem, mas tambem consentem aos que as fazem.
৩২আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।

< Romanos 1 >