< Rzymian 11 >

1 Pytam więc: Czy Bóg odrzucił swój lud? Nie daj Boże! Ja bowiem [też] jestem Izraelitą, z potomstwa Abrahama, z pokolenia Beniamina.
তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
2 Bóg nie odrzucił swego ludu, który przedtem znał. Czyż nie wiecie, co Pismo mówi o Eliaszu? Jak się skarży przed Bogiem na Izraela:
ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,
3 Panie, pozabijali twoich proroków i zburzyli twoje ołtarze; tylko ja sam pozostałem i czyhają na moje życie.
“হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
4 Ale cóż mu odpowiada Bóg? Zostawiłem sobie siedem tysięcy mężów, którzy nie zgięli kolan przed Baalem.
কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।”
5 Tak i w obecnym czasie pozostała resztka według wybrania przez łaskę.
এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
6 A jeśli przez łaskę, to już nie z uczynków, inaczej łaska już nie byłaby łaską. Jeśli zaś z uczynków, to już nie jest łaska, inaczej uczynek już nie byłby uczynkiem.
কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে।
7 Cóż więc? Czego Izrael szuka, tego nie osiągnął, ale wybrani osiągnęli, a inni zostali pogrążeni w zatwardziałości;
তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
8 (Jak jest napisane: Bóg dał im ducha twardego snu, oczy, aby nie widzieli, i uszy, aby nie słyszeli) aż do dziś.
এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
9 A Dawid mówi: Niech ich stół stanie się sidłem i pułapką, zgorszeniem i odpłatą.
আৰু দায়ুদেও কৈছে, “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
10 Niech zaćmią się ich oczy, aby nie widzieli, a ich grzbiet zawsze pochylaj.
১০সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
11 Pytam więc: Czy się potknęli, aby upaść? Nie daj Boże! Ale [raczej] przez ich upadek zbawienie [doszło] do pogan, aby wzbudzić w nich zawiść.
১১তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল।
12 A jeśli ich upadek jest bogactwem świata, a ich pomniejszenie bogactwem pogan, o ileż bardziej ich pełnia?
১২পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
13 Mówię bowiem do was, pogan. Na ile jestem apostołem pogan, chlubię się swoją służbą;
১৩এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
14 Może [w ten sposób] wzbudzę zawiść w [tych, którzy są] moim ciałem i zbawię niektórych z nich.
১৪কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
15 Jeśli bowiem odrzucenie ich stało się pojednaniem [dla] świata, czym [będzie] przyjęcie [ich], jeśli nie powstaniem z martwych do życia?
১৫কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
16 Ponieważ jeśli zaczyn jest święty, [to] i ciasto, a jeśli korzeń jest święty, [to] i gałęzie.
১৬যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
17 Jeśli zaś niektóre z gałęzi zostały odłamane, a ty, który byłeś dzikim drzewem oliwnym, zostałeś wszczepiony zamiast nich i stałeś się uczestnikiem korzenia i tłustości drzewa oliwnego;
১৭কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
18 Nie wynoś się nad gałęzie. Jeśli jednak się wynosisz, [wiedz, że] nie ty podtrzymujesz korzeń, lecz korzeń ciebie.
১৮তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
19 Ale powiesz: Odłamane zostały gałęzie, abym ja został wszczepiony.
১৯ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
20 Słusznie, z powodu niewiary zostały odłamane, ty zaś trwasz przez wiarę. Nie pysznij się, ale się bój.
২০সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
21 Jeśli bowiem Bóg nie oszczędził naturalnych gałęzi, wiedz, że i ciebie nie oszczędzi.
২১কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
22 Spójrz więc na dobroć i srogość Boga: srogość dla tych, którzy upadli, a dla ciebie dobroć, jeśli będziesz trwał w [tej] dobroci. W przeciwnym razie ty też będziesz wycięty.
২২এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
23 Lecz i oni, jeśli nie będą trwali w niewierze, zostaną wszczepieni, gdyż Bóg ma moc ponownie ich wszczepić.
২৩যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
24 Jeśli bowiem ty zostałeś wycięty z dzikiego z natury drzewa oliwnego, a wbrew naturze zostałeś wszczepiony w szlachetne drzewo oliwne, o ileż bardziej ci, którzy są [gałęziami] naturalnymi, wszczepieni zostaną w swoje własne drzewo oliwne!
২৪কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
25 Nie chcę bowiem, bracia, abyście nie znali tej tajemnicy – żebyście sami siebie nie uważali za mądrych – że zatwardziałość po części przyszła na Izrael, dopóki nie wejdzie pełnia pogan.
২৫কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
26 I tak cały Izrael będzie zbawiony, jak jest napisane: Przyjdzie z Syjonu wybawiciel i odwróci bezbożność od Jakuba.
২৬এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27 A to [będzie] moje przymierze z nimi, gdy zgładzę ich grzechy.
২৭আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
28 Tak więc co do ewangelii są nieprzyjaciółmi ze względu na was, lecz co do wybrania są umiłowani ze względu na ojców.
২৮এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
29 Nieodwołalne są bowiem dary i powołanie Boże.
২৯কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
30 Jak bowiem wy kiedyś nie wierzyliście Bogu, ale teraz dostąpiliście miłosierdzia z powodu ich niewiary;
৩০কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
31 Tak i oni teraz stali się nieposłuszni, aby z powodu miłosierdzia wam [okazanego] i oni miłosierdzia dostąpili.
৩১তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;
32 Bóg bowiem zamknął ich wszystkich w niewierze, aby się nad wszystkimi zmiłować. (eleēsē g1653)
৩২কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে। (eleēsē g1653)
33 O głębokości bogactwa zarówno mądrości, jak i poznania Boga! Jak niezbadane są jego wyroki i niedocieczone jego drogi!
৩৩ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
34 Któż bowiem poznał myśl Pana albo kto był jego doradcą?
৩৪“কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
35 Lub kto pierwszy mu coś dał, aby otrzymać odpłatę?
৩৫নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
36 Z niego bowiem, przez niego i w nim jest wszystko. Jemu chwała na wieki. Amen. (aiōn g165)
৩৬কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন। (aiōn g165)

< Rzymian 11 >