< Marka 1 >

1 Początek ewangelii Jezusa Chrystusa, Syna Bożego.
ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
2 Jak jest napisane u Proroków: Oto ja posyłam mego posłańca przed twoim obliczem, który przygotuje twoją drogę przed tobą.
যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
3 Głos wołającego na pustyni: Przygotujcie drogę Pana, prostujcie jego ścieżki.
“মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’”
4 Jan chrzcił na pustyni i głosił chrzest pokuty na przebaczenie grzechów.
এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
5 I przychodziła do niego cała kraina judzka i mieszkańcy Jerozolimy, i wszyscy byli chrzczeni przez niego w rzece Jordan, wyznając swoje grzechy.
তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
6 Jan ubierał się w sierść wielbłądzią i miał skórzany pas wokół swoich bioder, a jadał szarańczę i miód leśny.
সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
7 I głosił: Idzie za mną mocniejszy ode mnie, któremu nie jestem godny, schyliwszy się, rozwiązać rzemyka u jego obuwia.
তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
8 Ja chrzciłem was wodą, ale on będzie was chrzcił Duchem Świętym.
মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”
9 A w tych dniach przyszedł Jezus z Nazaretu w Galilei i został ochrzczony przez Jana w Jordanie.
সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
10 A zaraz, wychodząc z wody, ujrzał rozstępujące się niebiosa i Ducha jak gołębicę zstępującego na niego.
১০তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
11 I rozległ się głos z nieba: Ty jesteś moim umiłowanym Synem, w którym mam upodobanie.
১১আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”
12 I zaraz Duch zapędził go na pustynię.
১২তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল।
13 Był tam na pustyni czterdzieści dni, będąc kuszony przez szatana. I przebywał wśród zwierząt, a aniołowie służyli mu.
১৩সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
14 Lecz potem, gdy Jan został wtrącony [do więzienia], Jezus przyszedł do Galilei, głosząc ewangelię królestwa Bożego;
১৪যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
15 I mówiąc: Wypełnił się czas i przybliżyło się królestwo Boże. Pokutujcie i wierzcie ewangelii.
১৫যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
16 A przechadzając się nad Morzem Galilejskim, zobaczył Szymona i Andrzeja, jego brata, zarzucających sieć w morze; byli bowiem rybakami.
১৬পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
17 I powiedział do nich Jezus: Pójdźcie za mną, a sprawię, że staniecie się rybakami ludzi.
১৭তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।
18 A [oni] natychmiast zostawili swoje sieci i poszli za nim.
১৮তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
19 Gdy zaś odszedł stamtąd nieco dalej, zobaczył Jakuba, syna Zebedeusza, i Jana, jego brata, którzy w łodzi naprawiali sieci.
১৯পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।
20 I zaraz ich powołał, a oni zostawili swego ojca Zebedeusza w łodzi z najemnikami i poszli za nim.
২০তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
21 Potem weszli do Kafarnaum, a zaraz w szabat [Jezus] wszedł do synagogi i nauczał.
২১পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে।
22 I zdumiewali się jego nauką, uczył ich bowiem jak ten, który ma moc, a nie jak uczeni w Piśmie.
২২তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
23 A w ich synagodze był człowiek [mający] ducha nieczystego, który zawołał:
২৩সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
24 Ach, cóż my z tobą mamy, Jezusie z Nazaretu? Przyszedłeś nas zniszczyć? Wiem, kim jesteś: Świętym Boga.
২৪“হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
25 I zgromił go Jezus: Zamilcz i wyjdź z niego!
২৫কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
26 Wtedy duch nieczysty szarpnął nim i zawoławszy donośnym głosem, wyszedł z niego.
২৬তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
27 I zdumieli się wszyscy, tak że pytali się między sobą: Cóż to jest? Co to za nowa nauka, że z mocą rozkazuje nawet duchom nieczystym i są mu posłuszne?
২৭তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
28 I wieść o nim szybko się rozeszła po całej okolicy wokół Galilei.
২৮তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
29 A zaraz po wyjściu z synagogi przyszli z Jakubem i Janem do domu Szymona i Andrzeja.
২৯পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
30 A teściowa Szymona leżała w gorączce. Od razu też powiedzieli mu o niej.
৩০তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
31 Podszedł więc i podniósł ją, ująwszy za rękę, i natychmiast opuściła ją gorączka. A ona usługiwała im.
৩১তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
32 Kiedy nastał wieczór i zaszło słońce, przynosili do niego wszystkich chorych oraz opętanych.
৩২সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
33 A całe miasto zgromadziło się przed drzwiami.
৩৩আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
34 On zaś uzdrowił wielu cierpiących na różne choroby i wypędził wiele demonów, a nie pozwolił demonom mówić, bo go znały.
৩৪তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
35 A wstawszy wczesnym rankiem, przed świtem, wyszedł i udał się na odludne miejsce, i tam się modlił.
৩৫অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
36 Poszli też za nim Szymon i ci, którzy z nim byli.
৩৬পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
37 A znalazłszy go, powiedzieli mu: Wszyscy cię szukają.
৩৭পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
38 Wtedy im powiedział: Chodźmy do przyległych miasteczek, abym i tam głosił, bo po to przyszedłem.
৩৮তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।
39 I głosił w ich synagogach po całej Galilei, i wypędzał demony.
৩৯পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
40 Wtedy przyszedł do niego trędowaty, upadł przed nim na kolana i prosił go: Jeśli chcesz, możesz mnie oczyścić.
৪০তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
41 A Jezus, zdjęty litością, wyciągnął rękę, dotknął go i powiedział do niego: Chcę, bądź oczyszczony!
৪১তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
42 Gdy Pan to powiedział, natychmiast trąd go opuścił i został oczyszczony.
৪২তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
43 A [Jezus] surowo mu przykazał i zaraz go odprawił;
৪৩যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
44 Mówiąc: Uważaj, abyś nikomu nic nie mówił, ale idź, pokaż się kapłanowi i ofiaruj za swoje oczyszczenie to, co nakazał Mojżesz, na świadectwo dla nich.
৪৪যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।
45 Lecz on odszedł i zaczął bardzo to rozpowiadać i rozgłaszać, tak że Jezus nie mógł już jawnie wejść do miasta, ale przebywał na zewnątrz, w miejscach odludnych. A [ludzie] zewsząd schodzili się do niego.
৪৫কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

< Marka 1 >