< II Koryntian 5 >

1 Wiemy bowiem, że jeśli zostanie zniszczony ten namiot naszego ziemskiego mieszkania, to mamy budowlę od Boga, dom nie ręką uczyniony, wieczny w niebiosach. (aiōnios g166)
কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। (aiōnios g166)
2 Dlatego w tym wzdychamy, pragnąc przyodziać się w nasz dom z nieba;
কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ।
3 Jeśli tylko zostaniemy znalezieni odziani, a nie nadzy.
বাস্তৱিকতে তাৰে ঢকা হ’লে, আমি উলঙ্গ হৈ নপৰিম।
4 Bo my, którzy jesteśmy w tym namiocie, wzdychamy, obciążeni, ponieważ nie pragniemy być rozebrani, ale przyodziani, aby to, co śmiertelne, zostało wchłonięte przez życie.
আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি, ভাৰগ্ৰস্তহৈহে কেঁকাই আছোঁ; কাৰণ আমি বিবস্ত্ৰ হ’বলৈ ইচ্ছা নকৰোঁ; কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্ত্যক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হ’বলৈহে ইচ্ছা কৰোঁ।
5 A tym, który nas do tego właśnie przygotował, [jest] Bóg, który nam też dał Ducha [jako] zadatek.
ইয়াৰ বাবে যি জনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ; আৰু তেৱেঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে।
6 Tak więc mamy zawsze ufność, wiedząc, że dopóki mieszkamy w tym ciele, tułamy się z dala od Pana.
এতেকে সদায় দৃঢ় বিশ্বাসী হোৱা কাৰণে জানিব যে, এই শৰীৰত নিবাস কৰালৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ;
7 (Przez wiarę bowiem kroczymy, a nie przez widzenie.)
(কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ; )
8 Mamy jednak ufność i wolelibyśmy raczej wyjść z ciała i zamieszkać u Pana.
এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।
9 Dlatego też zabiegamy o to, żeby się jemu podobać, czy mieszkamy [w ciele], czy [z niego] wychodzimy.
এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছোঁ।
10 Wszyscy bowiem musimy stanąć przed trybunałem Chrystusa, aby każdy otrzymał [zapłatę] za to, co [czynił] w ciele, według tego, co czynił, czy dobro, czy zło.
১০কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।
11 Wiedząc zatem o tym strachu Pańskim, przekonujemy ludzi; dla Boga zaś [wszystko] w nas jest jawne; mam też nadzieję, że i dla waszych sumień [wszystko] w nas jest jawne.
১১এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
12 Bo nie polecamy wam ponownie samych siebie, ale dajemy wam sposobność do chlubienia się nami, żebyście mieli co [odpowiedzieć] tym, którzy się chlubią tym, co zewnętrzne, a nie sercem.
১২আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ।
13 Jeśli zaś odchodzimy od zmysłów – dla Boga [odchodzimy], jeżeli jesteśmy przy zdrowych zmysłach – dla was [jesteśmy].
১৩কিয়নো আমি যদি হতবুদ্ধি হৈছোঁ, তেনেহলে ঈশ্বৰৰ কাৰণেহে হৈছোঁ।
14 Miłość Chrystusa bowiem przymusza nas, jako tych, którzy uznaliśmy, że skoro jeden umarł za wszystkich, to wszyscy umarli.
১৪কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
15 A umarł za wszystkich, aby ci, którzy żyją, już więcej nie żyli dla siebie, lecz dla tego, który za nich umarł i został wskrzeszony.
১৫আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে।
16 Dlatego my odtąd nikogo nie znamy według ciała, a chociaż znaliśmy Chrystusa według ciała, to teraz już [więcej] go [takim] nie znamy.
১৬এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।
17 Tak więc jeśli ktoś [jest] w Chrystusie, nowym [jest] stworzeniem; [to, co] stare, przeminęło, oto wszystko stało się nowe.
১৭এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
18 A wszystko to [jest] z Boga, który nas pojednał ze sobą przez Jezusa Chrystusa i dał nam służbę pojednania.
১৮কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়।
19 Bóg bowiem był w Chrystusie, jednając świat z samym sobą, nie poczytując ludziom ich grzechów, i nam powierzył to słowo pojednania.
১৯সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
20 Tak więc w miejsce Chrystusa sprawujemy poselstwo, tak jakby Bóg upominał [was] przez nas. W miejsce Chrystusa prosimy: Pojednajcie się z Bogiem.
২০এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
21 [On] bowiem tego, który nie znał grzechu, za nas grzechem uczynił, abyśmy w nim stali się sprawiedliwością Bożą.
২১তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।

< II Koryntian 5 >